জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে নাক্স ভমিকা (Nux Vomica)
জ্বৰত নাক্স ভমিকা ( Nux Vomica) ব্য়ৱহাৰ কৰিব লগীয়া ৰোগীৰ সকলো সময়তে জাৰ লাগি থাকে । ঘামিলেও জাৰ নুগুছে । সকলো সময়তে কাপোৰ লৈ থাকিব লগা হয় ।
নাক্স ভমিকাৰ আন এটা লক্ষণ হ’ল ঘনাই শৌচ বা প্ৰস্ৰাৱ কৰিব লাগে । শৌচ বা প্ৰস্ৰাৱ কৰিলে সামান্য় হয় । খোলোচা নহয় । আকৌ শৌচ বা প্ৰস্ৰাৱ কৰিম কৰিম লাগি থাকে ।
এইবিলাক লক্ষণৰ লগত তিতা,কেঁহা বা জ্বলা বমি হ’ব পাৰে । বুকু জ্বলা, পেটৰ নাড়ীটোৰ ওচৰত বিষ থাকিব পাৰে । সোঁফালে কামি হাড়ৰ তলত বিষ ( লিভাৰৰ বিষ) থাকিব পাৰে ।
ইয়াৰোপৰি গোটেই শৰীৰটো ভয়ানক গৰম থাকে । হাত দি চালে হাতত পোৰা যেন অনুভৱ হয় । ৰোগীয়ে গাৰ ছালত জ্বলা-পোৰা অনুভৱ হোৱাৰ কথা কয় ।
গা জ্বলা-পোৰা কৰিলেও ৰোগীয়ে গাৰ পৰা কাপোৰ গুচাব নোৱাৰে । কাপোৰ গুচালে জাৰ লাগে ।
মন কৰিব লগীয়া জ্বলা-পোৰা অনুভৱ Aconite Nap আৰু Sulphur ৰৰো লক্ষণ হয় । ( Aconite Napৰ বিষয়ে আগৰ পষ্টত আলোচনা কৰা হৈছে । )
মুখ যদি ৰঙা পৰে তেন্তে বেলাডোনা( Belladona )ৰ লক্ষণ ।
এনোবোৰ লক্ষণ ৰোগীৰ দেহত পালে নাক্স ভমিকা ( Nux Vomica) ব্য়ৱহাৰ কৰিব লাগে ।