জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride )
জ্বৰত আন দৰৱৰ ক্ষেত্ৰত উল্লেখ কৰা সাধাৰণ লক্ষণবোৰৰ লগতে যদি তেজৰ দৰে ৰঙা বৰণৰ কম প্ৰস্ৰাৱ হয় তেন্তে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) ব্য়ৱহাৰ কৰিব লাগে ।
ভেৰেট্ৰাম ভিৰাইডৰ মূল লক্ষণবোৰ হৈছে ৰোগী কাজিয়া প্ৰিয় ( Quarrelsome) আৰু ভ্ৰময়ুক্ত ( delirious ) ।
জিভা বগা বা হালধীয়া ।
মূৰত ৰক্ত প্ৰবাহ হেঁচা ( Blood Congestion in the head) অনুভৱ হয় ।
পানী পিয়াহ থাকে । মূৰ ঘূৰায় আৰু বমি হব পাৰে ।
পাল্চ ধীৰ,নৰম আৰু কোমল ।
উশাহ-নিশাহ লোৱাত কষ্ট থাকিব পাৰে ।
পুৱাৰ ভাগত দেহত ঠাণ্ডা লাগে কিন্তু সন্ধ্য়া গৰম উঠে ।
দেহত ঘা বা ফোঁহা আদি পকি জ্বৰ হয় ।
এনেবোৰ লক্ষণ পালে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) ব্য়ৱহাৰ কৰিব লাগে ।
Click The Picture To Buy