জ্বৰত ৰাস টক্সিকোডেণ্ড্ৰণ ( Rhus Toxicodendron )ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা ঔষধ হৈছে ৰাস টক্সিকোডেণ্ড্ৰণ চমুকৈ ৰাস টক্স ( Rhus Tox )

নেৰানেপেৰা জ্বৰ ( Continued Fever ), পাল জ্বৰ ( Intermittent Fever ) আৰোগ্য় নহৈ যদি টাইফইড (Typhoid ) জ্বৰৰ লক্ষণ প্ৰকাশ পায় তেতিয়া ৰাস টক্স ব্য়ৱহাৰ কৰিব লাগে ।


Click To Buy

Ashtavargam Kwath tablet relieves numbness and neurological symptoms associated with Paraplegia, Hemiplegia etc.
Click To Buy

টাইফইড জ্বৰৰ লক্ষণ হ’ল– জ্বৰ সকলো সময়তে থাকে । ৰাতিপুৱা ২ / ১ ডিগ্ৰী তাপ কমে । ৰাতি ২ / ১ ডিগ্ৰী তাপ বাঢ়ে ।

দিনটোৰ ভিতৰত জ্বৰৰ তাপ পৰিবৰ্ত্তন হৈ থাকে । জ্বৰৰ তাপ প্ৰায় ১০৩ ডিগ্ৰীৰ পৰা তাপৰ ১০৫ ডিগ্ৰীৰ ভিতৰত সকলো সময়তে থাকে ।

ভয়ংকৰ জ্বৰ আৰু মূৰৰ বিষ হয় । প্ৰথম অৱস্থাৰ পৰা মূৰৰ বিষ হয় আৰু বলিয়ালি বকে ।

ৰোগীৰ পেট ফুলে,শৌচ কম বা বন্ধ থাকে । অতিশাৰ হ’ব পাৰে । তল পেটত গৰ গৰ শব্দ । ৰোগী ক্ৰমাণ্বয়ে দুৰ্বল হৈ আহে আৰু ভ্ৰম বকে ।

বৰষুণত বা পানীত তিতি জ্বৰ হ’লে আৰু শৰীৰত কুট কুটনি বিষ,কাহ আদি থাকিলে ৰাস টক্স (Rhus Tox ) ব্য়ৱহাৰ কৰিব লাগে ।

মন কৰিব লগীয়া যে Rhus Tox ব্য়ৱহাৰ হোৱা ৰোগীৰ শৰীৰ বিষ লৰ-চৰ কৰিলে আৰাম পায় ।


Click To Buy

Click To Buy

Click To Buy