নেৰানেপেৰা জ্বৰ ( Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল
নেৰানেপেৰা জ্বৰ– Continued Fever অৰ্থাৎ নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে ।
Pulse অৰ্থাৎ নাড়ী ঘনাই চলে । জ্বৰৰ তাপ ১০২ ডিগ্ৰীৰ পৰা ১০৫ ডিগ্ৰীলৈকে উঠে ।
জ্বৰৰ তাপ সকলো সময়তে সমান থাকে ।
পাল জ্বৰ– Remittent Fever অৰ্থাৎ পাল জ্বৰৰ লক্ষণ হ’ল ই আৰম্ভনিতে নেৰানেপেৰা জ্বৰ ( Continued Fever) ৰ লক্ষণ লৈ উপস্থিত হয় । পাছত পাল জ্বৰ ( Remittent Fever )লৈ পৰিবৰ্ত্তন হয় । পাল জ্বৰলৈ পৰিবৰ্ত্তন হোৱাৰ পিছত জ্বৰ উঠাৰ লক্ষণ সলনি হয় ।
পাল জ্বৰৰ মূল লক্ষণ হ’ল ৰাতি জ্বৰ উঠে আৰু ৰাতিপুৱা কিছু কমে ।
জটিল ধৰণৰ পাল জ্বৰত ( Remittent Fever ) ২৪ ঘণ্টাৰ ভিতৰত দুবাৰ জ্বৰ অধিক হয় । প্ৰথমবাৰ দিনৰ ১২ বজাৰ পৰা জ্বৰ উঠে আৰু ৰাতি ১১ বজাৰ পৰা জ্বৰ কম হয় । আকৌ ৰাতি ২-৩ বজাৰ পৰা জ্বৰ বাঢ়ে । ৰাতিপুৱা ১১ বজালৈ জ্বৰৰ তাপ কম হয় ।
পাল জ্বৰ ( Remittent Fever ) আৰোগ্য় নহ’লে কেতিয়াবা টাইফইড জ্বৰ ( Typhoid Fever )লৈ সলনি হয় ।
সহজ ধৰণৰ পাল জ্বৰ ভাল হবলৈ ৭-৮ দিন সময় লাগে । জটিল ধৰণৰ পাল জ্বৰ আৰোগ্য় হবলৈ ১৪-১৫ দিন লাগিব পাৰে ।
2 thoughts on “নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ”
Comments are closed.