বাত ৰোগ( RHEUMATISM)ৰ হোমিওপেথিক চিকিৎসা

বাত ৰোগ দুই প্ৰকাৰৰ

১) সন্ধিবাত ( Rheumatism)

২) গাঁঠিবাত ( Gout )

উভয়বিধ বাত ৰোগৰ নতুন ( Acute ) আৰু পুৰণি ( Chronic ) এই দুই অৱস্থা থাকিব পাৰে ।

নতুন সন্ধিবাত

নতুন সন্ধিবাতত সন্ধিবিলাক ঢাৰি ৰখা পিৰপিৰীয়া ছালৰ প্ৰদাহ হয় । ক্ৰমান্বয়ে সন্ধিবিলাক ফুলে,ৰঙা পৰে আৰু অসহ্য বিষ হয় । বিষৰ বাবে জ্বৰো হব পাৰে । সন্ধিবিলাক ঢাকি থোৱা পিৰপিৰীয়া ছালত প্ৰথমে তেজ জমা হয় পাছত পানী উৎপত্তি হয় ।

সন্ধিবাতত প্ৰথমে আঁঠু আক্ৰান্ত হয় । ক্ৰমান্বয়ে ইটোৰ পিছত সিটো সন্ধি ফুলিবলৈ ধৰে । বিষইটা সন্ধিৰ পৰা আন এটা সন্ধিলৈ পৰিচালিত হয় । বিষৰ কাৰণে হাত-ভৰি লৰাব নোৱাৰে । ইকাটি-সিকাটি হব নোৱাৰে । জ্বৰ ১০৪/ ১০৫ ডিগ্ৰীলৈকে উঠে ।

মন কৰিব লগীয়া যে নতুন সন্ধিবাতত প্ৰায়ে বিষ পৰিচালিত হৈ হৃৎপিণ্ড আক্ৰান্ত হয় । সেয়ে নতুন বাতবিষত সকলো সময়তে হৃৎপিণ্ডক পৰীক্ষা কৰি থাকিব লাগে ।

পুৰণি বাতবিষ

পুৰণি সন্ধিবাত দুবিধ ।

১) ক্ৰনিক ম্যাস্কিউলাৰ ৰিউমেটিজম ( Chronic Mascular Rheumatism )
২) ক্ৰনিক আৰ্টিকিউলাৰ ৰিউমেটিজম ( Chronic Articular Eheumatism)

ক্ৰনিক ম্যাস্কিউলাৰ ৰিউমেটিজমত কেৱল সাংস পেশী আক্ৰান্ত হয় ।

ক্ৰনিক আৰ্টিকিউলাৰ ৰিউমেটিজম সাধাৰণতে নতুন সন্ধিবাতৰ উপসৰ্গবিলাক কমি পুৰণি আকাৰত কিছু থাকি যায় । বংশগত ভাবেও ক্ৰনিত আৰ্টিকিউাৰ ৰিউমেটিজম হয় । শৰীৰৰ আন কোনো ভিতৰুৱা ৰোগৰ পৰাও ক্ৰনিক আৰ্টিকিউলাৰ ৰিউমেটিজম হয় ।

গলধনৰ ,কান্ধৰ,কঁকালৰ,আঁঠুৰ,বুকুৰ হাড় আদিৰ পুৰণি বিষ ক্ৰনিক আৰ্টিকিউলাৰ ৰিউমেটিজমৰ অন্তৰ্ভুক্ত ।

নতুন বাতৰোগৰ হোমিওপেথিক চিকিৎসা

Aconite Nap: বতৰ পৰিবৰ্তনত বা হঠাৎ বাতৰোগ উৎপত্তি হলেআৰম্ভনিতে এই ঔষধ ব্যৱহাৰ কৰা হয় ।

Aconite Nap ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল ৰোগী বিষৰ কাৰণে অস্থিৰ হয় । সকলো সময়তে ইকাটি সিকাটি কৰে আৰু মাজে মাজে মৰিম বুলি চিঞৰে । অদম্য পানী পিয়াহ আৰু জ্বৰ থাকে । জ্বৰত ঘাম নেথাকে

বাত বেমাৰৰ আৰম্ভনিতে যদি হৃৎপিণ্ড আক্ৰান্ত হয় তেন্তে Aconite Nap ব্যৱহাৰ কৰিব লাগে ।

যদি আৰম্ভনিতে হৃৎপিণ্ড আক্ৰান্ত নহয় তেন্তে Aconiteৰ লগত Viscum Albam ইটোৰ পিছত সিটো ৩০ ক্ষমতাৰ ঔষধ ৩/৪ ঘণ্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিলে অতি সোনকালে বিষ আৰু আন উপসৰ্গবিলাক শাম কাটে । হৃৎপিণ্ড আক্ৰান্ত হলে Aconiteৰ লগত Viscum Albam ব্যৱহাৰ কৰিব নেলাগে ।


সম্পূৰ্ণ লক্ষণৰ ওপৰত Aconite ব্যৱহাৰ কৰিও যদি ৰোগ আগবাঢ়ি থাকে,বলিয়ালি বকে, জ্বৰ থাকে কিন্তু ঘাম নোলায় আৰু তেন্তে হৃৎপিণ্ড আক্ৰান্ত নহলে Sulphur ৬ষ্ঠ ক্ষমতাৰ ঔষধ Viscum Albamৰ লগত ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।

Aconite ব্যৱহাৰ কৰি আংশিক ৰোগ থাকি গ’লে Sulphur ব্যৱহাৰ কৰিব লাগে । Aconite ব্যৱহাৰ কৰাৰ পিছত Kali Mur বা Bryonia Albaৰ লক্ষণ ওলালে Kali Mur বা Bryonia Alba ব্যৱহাৰ কৰিব লাগে ।

আগলৈ..