জ্বৰ

জ্বৰ হৈছে কোনো ৰোগ বা সংক্ৰমণৰ ফলত সাময়িক ভাৱে শৰীৰৰ তাপ মাত্ৰাৰ বৃদ্ধি । এইটো সকলো বয়সৰ লোকৰ দেহত প্ৰকশ পোৱা এক সাধাৰণ লক্ষণ । এই দৈহিক তাপমাত্ৰা বৃদ্ধিয়ে বুজায় যে দেহটোৱে কোনো সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিছে ।

যেতিয়া শৰীৰে বেক্টেৰীয়া,ভাইৰাচ আদি অপকাৰী অনুজীৱৰ দেহৰ ভিতৰত উপস্থিতি ধৰা পেলায় ই এক প্ৰকাৰ ৰাসায়নিক দ্ৰৱ্য তেজত এৰি দিয়ে যিয়ে দেহৰ প্ৰতিৰক্ষা তন্ত্ৰটোক সক্ৰিয় কৰি তোলে । প্ৰতিৰক্ষা তন্ত্ৰ সক্ৰিয় হৈ উঠাৰ লগে লগে দেহৰ তাপমাত্ৰাৰ বৃদ্ধি হয় । ইয়াকে জ্বৰ ৰূপে জনা যায় ।

জ্বৰৰ কিছুমান সাধাৰণ কাৰণ হৈছে-শ্বাসতন্ত্ৰৰ সংক্ৰমণ,যেনে ফ্লু বা পানীলগা লগতে প্ৰস্বাৱতন্ত্ৰৰ সংক্ৰমণ,কাণৰ সংক্ৰমণ আদি । কিছুমান ক্ষেত্ৰত জ্বৰ শৰীৰৰ অতি গুৰুত্বৰ অৱস্থা যেনে দেহৰ স্বয়ংক্ৰিয় প্ৰতিৰক্ষা বেমেজালি ( Disorder in auto-immune System) বা কেঞ্চাৰ আদিৰ কাৰণেও হ’ব পাৰে ।

জ্বৰ হোৱাৰ লগে লগে ইয়াক নিৰীক্ষণ আৰু ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰাটো অতি জৰুৰী, বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত যাতে জ্বৰ কোনো জটিল অৱস্থালৈ গতি নকৰে তাৰ প্ৰতি সতৰ্ক হ’ব লাগে আৰু তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

হোমিওপেথিক চিকিৎসা ব্যৱস্থাত জ্বৰ নিৰাময়ৰ অতি ফলপ্ৰসু বিধান আছে । এই বিষয়ে সবিশেষ জানিবৰ বাবে আমাৰ ৱেৱচাইট mothertincture.com ৰ সৈতে সংযুক্ত হৈ থাকক ।

  • ভয় নেখাব বসন্ত ৰোগ হোমিওপেঠিক চিকিৎসাত আৰোগ্য হয় (Small Pox)
    হোমিওপেথিক চিকিৎসা যিকোনো ধৰণৰ ভাইৰাচজনিত ৰোগৰ অতি ফলপ্ৰসু চিকিৎসা হোমিওপেথিকত বসন্ত ৰোগৰ অতি ফলপ্ৰসু চিকিৎসা আছে । সেয়ে বসন্ত ৰোগৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে । বসন্ত ৰোগ দুই প্ৰকাৰৰ । ১) পানী বসন্ত ২) প্ৰকৃত বসন্ত পানী বসন্ত ৰোগত জুইয়ে পুৰিলে উঠাৰ দৰে ধৌ বা পানীজ্বলা উঠে । প্ৰকৃত বসন্ত ৰোগ হ’লে বসন্তৰ উদ্ভেদবোৰত … Read more
  • ইনফ্লুৱেঞ্জা ঘাটক হ’ব পাৰে
    Epidemic ৰূপে প্ৰকাশ পালে ভয়ংকৰ হ’ব পাৰে Influenza ইনফ্লুয়েঞ্জা সাধাৰণতে বতৰ পৰিবৰ্ত্তন হোৱাৰ ফলত বা শৰীৰত অতিৰিক্ত ঠাণ্ডা সোমোৱাৰ ফলত উৎপন্ন হয় । কেতিয়াবা এই ৰোগ সংক্ৰামক ভাবে ( Epidemic ) প্ৰকাশ পায় । লক্ষণ– এই ৰোগে আক্ৰমণ কৰাৰ লগে লগে অতি সোনকালে ৰোগী দুৰ্বল হয় । হাত-ভৰি আৰু গোটেই শৰীৰ অৱশ হৈ আহে । … Read more
  • আদিতে চিকিৎসা নহ’লে হাম জ্বৰ বা সৰু আই ( Measles ) জটিল হ’ব পাৰে
    হামজ্বৰ আৰু ইয়াৰ লক্ষণ এই ৰোগত শৰীৰৰ বিভিন্ন অংশত ঘামচিৰ দৰে ৰঙা উদ্ভেদ থোপা পাতি ওলায় । এই উদ্ভেদবোৰ ওলাবৰ সময়ত গোটেই শৰীৰত ভয়ংকৰ চিত চিতনি আৰু খজুৱতি হয় । শৰীৰত সৰু আই প্ৰকাশ হোৱাৰ ৩/৪ দিন আগৰে পৰা ইনফ্লুয়েঞ্জাৰ লক্ষণ সমূহ প্ৰকাশ পায় । চকু-মুখ ফোলা,হাঁচি,কাহ ,জ্বৰ আদি থাকিব পাৰে । জ্বৰৰ তাপ ১০১ … Read more
  • টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ (TYPHOID FEVER AND ITS SYMPTOMS)
    টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ সমূহ ( TYPHOID FEVER AND ITS SYMPTOMS ) তলত আলোচনা কৰা হৈছে । Click To Buy Click To Buy টাইফইড জ্বৰ প্ৰায়ে পাল জ্বৰ ( Remittent Fever )ৰ পৰা উৎপত্তি হয় । কেতিয়াবাহে প্ৰথমৰে পৰা টাইফইডৰ লক্ষণ সমূহ লৈ এই জ্বৰ উৎপত্তি হয় । টাইফইড জ্বৰৰ লক্ষণ হ’ল- জ্বৰ সকলো … Read more
  • নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ
    নেৰানেপেৰা জ্বৰ ( Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল Kidney Stone Dissolver Ayurvedic Health Supplement.Click To Buy নেৰানেপেৰা জ্বৰ– Continued Fever অৰ্থাৎ নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে । Pulse অৰ্থাৎ … Read more