হোমিওপেথি চিকিৎসাৰ প্ধান উদ্দেশ্য হৈছে ৰোগীৰ কষ্ট লাঘৱ কৰা আৰু সম্ভৱ হ’লে ৰোগীক আৰোগ্য় কৰি তোলা ।
হোমিওপেঠিক এক অতি ফলপ্ৰসু চিকিৎসা পদ্ধতি । এই চিকিৎসা পদ্ধতিৰে অতি সোনকালে আৰু কম খৰছত ৰোগ আৰোগ্য কৰিব পাৰি । ইয়াৰ চিকিৎসাৰ ফলপ্ৰসুতাৰ বাবে বৰ্ত্তমান সময়ত ই যথেষ্ট প্ৰচাৰ লাভ কৰিছে ।
জাৰ্মান চিকিৎসক ডক্তৰ চেমুয়েল হেনিমেনে Dr Samuel Hahnemann( 10 April,1755 to 2 July,1843) হোমিও চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিছিল ।
ইংৰাজী,জাৰ্মান আদি বহু আন্তৰাষ্ট্ৰীয় ভাষাত হোমিওপেঠিকৰ বিষয়ে পঢ়াৰ সুবিধা আছে । ভাৰতীয় আঞ্চলিক ভাষা বিশেষকৈ বেংগলী ভাষাত হোমিওপেঠিক চিকিৎসা পদ্ধতিৰ ওপৰত যথেষ্ট কিতাপ-পত্ৰ পোৱা যায় । অসমীয়া ভাষাত হোমিওপেঠিক চিকিৎসাৰ ওপৰত বৰ বেছি কিতাপ-পত্ৰ পাবলৈ নাই । সেয়ে অসমীয়া ভাষাত পঢ়ুৱৈৰ সহজবোধ্য় হোৱাকৈ হোমিওপেঠিক চিকিৎসা পদ্ধতিৰ বিষয়ে পঢ়ুৱৈক জনাবৰ উদ্দেশ্যে এই ব্লগ আৰম্ভ কৰা হৈছে । আশা কৰোঁ এই ব্লগৰ যোগেদি পঢ়ুৱৈ তথা হোমিওপেঠিক পাঠ্য়ক্ৰম অধ্যয়ণ কৰি থকা অসমীয়া ভাষী ছাত্ৰ-ছাত্ৰীৰ হোমিওপেঠিকৰ বিযয়ে কিছু কথা বুজাত সহায়ক হ’ব ।
হোমিওপেঠিক চিকিৎসা পদ্ধতি যদিও পুৰ্বৰে পৰা এক ঘৰুৱা প্ৰাকৃতিক চিকিৎসা পদ্ধতি ৰূপে প্ৰচলিত হৈ আহিছে । তথাপি হোমিও ঔষধ আদি খোৱাৰ পূৰ্বে প্ৰশিক্ষিত হোমিও চিকিৎসকৰ লগত পৰামৰ্শ কৰা উচিত ।
হোমিওপেঠিক চিকিৎসা পদ্ধতিৰ বিষয়ে অসমীয়া ভাষাত আৰু অধিক জানিবলৈ ব্লগটোত চাবস্ক্ৰাইব কৰক ।