আঘাত,মুচুকা খোৱাত হোমিওপেথিক চিকিৎসা
আঘাত আদিত ব্যৱহাৰ হোৱা কেইটামান বিশেষ হোমিওপেথিক ঔষধ তলত আলোচনা কৰা হৈছে ।
Check Prices on Amazon
Arnica Mont-( আৰ্ণিকা মণ্ট )
সকলো ধৰণৰ আঘাতত প্ৰথমেই মনলৈ অহা হোমিওপেথিক ঔষধটো হৈছে আৰ্ণিকা মণ্ট ( Arnica-Mont) । সকলো ধৰণৰ আঘাতত বিশেষকৈ থেতেলা খোৱা,খুন্দা খোৱা আদিত এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।
আঘাত লাগি অজ্ঞান হোৱা বা অজ্ঞান অৱস্থাত শৌচ-প্ৰস্ৰাৱ কৰা আদিত আৰ্ণিকা মণ্ট ব্যৱহাৰ কৰিব লাগে ।
যদি কোনো অস্ত্ৰই কটাৰ ফলত তেজ ওলায় ,তেন্তে তেজ ওলোৱা বন্ধ নোহোৱালৈকে আৰ্ণিকা মণ্ট ব্যৱহাৰ কৰিব লাগে । আৰ্ণিকাৰ পিছত Staphysagria ( ষ্টেফাইসেগ্ৰিয়া) ব্যৱহাৰ কৰিব লাগে ।
কোনো চোকা অস্ত্ৰৰে কটাৰ ফলত বা পৰি আঘাত পাই সেই আঘাত পোৱা অংশৰ পৰা ধাৰাসাৰ তেজ ওলালে সেই তেজ ওলোৱা বন্ধ কৰিবলৈ Ferrum Phosphoricum বা Adrelin Powder 3X বা 6X ক্ষমতাৰ কটা বা ফটা অংশত হেঁচা মাৰি ধৰি থাকিলে কিছু সময়ৰ পিছতে তেজ ওলোৱা বন্ধ হয় ।
এনে অৱস্থাত Arnica ৰ 1 (M) ঔষধ খাবলৈ দিব লাগে । খাবলৈ দিয়াতকৈ Arnica-Mont) 1 ( M) এটোপাল বা দুই টোপাল ইনজেকচন দিলে অতি সোনকালে ই ক্ৰিয়া কৰে ।
কটা বা থেতেলা খোৱা আঘাতত অতিৰিক্ত বিষ হলে আৰু সেই বিষৰ ফলত জ্বৰ উঠিলে Arnica ৰ লগত Aconite Nap ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
কটা বা থেতেলা খোৱা ঠাইডোখৰ ক’লা বা নীলা পৰিলে Arnicaৰ সলনি Ledum ব্যৱহাৰ কৰিব লাগে ।
Ledum (লিডাম)
আলপিন,গজাল আদি যেই কোনো জোঙা বস্তুৱে ভৰিত বা দেহৰ কোনো অংশত বিন্ধিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।
এই ঔষধ এনে ধৰণৰ আঘাতত ব্যৱহাৰ হ’লে ধনুষ্টংকাৰ ( Tetanus ) হ’ব নোৱাৰে ।
মেকুৰি .নিগনি,বৰল,কদো,সাপ আদিয়ে কামুৰিলে,বিন্ধিলে বা খুটিলে Ledum ব্যৱহাৰ কৰিব লাগে । ততালিকে 1 ( M) ইনজেকচন দিব লাগে ।
Ruta Graveolens-
যদি খুন্দা খোৱা,থেতেলা খোৱা বা মুচুকা খোৱাৰ ফলত হাড়ৰ জোৰা ইফাল-সিফাল হয় ( Dislocation of joints ),আৰু তাৰ ফলত বিষ হয়,তেন্তে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । হাড় ভাগিলে Ruta ব্যৱহাৰ কৰি লাভ নাই । ই ভগা হাড় জোৰা লগাব নোৱাৰে ।
Symphytum-
যদি খুন্দা খাই বা আঘাত পাই হাড় ভাঙে তেন্তে ভঙা হাড় জোৰা লগাবৰ বাবে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । হাড় জোৰা লগোৱাত Symphytum অতি ফলপ্ৰসু ঔষধ ।
কিছুদিন Symphytum ব্যৱহাৰ কৰাৰ পিছত সম্পূৰ্ণ হাড় জোৰা লগাবলৈ Calcaria Phos ব্যৱহাৰ কৰিব লাগে ।
Hypericum-Perforrtum-
আঙুলি,নখ,হাতৰ বা ভৰিৰ তলুৱা আদিত আঘাত লাগিলে,চেপিলে,খুন্দিলে বা মুচুকা খাই অতিৰিক্ত বিষ হলে এই ঔষধ ব্য়ৱহাৰ কৰিব লাগে ।