Epidemic ৰূপে প্ৰকাশ পালে ভয়ংকৰ হ’ব পাৰে Influenza
ইনফ্লুয়েঞ্জা সাধাৰণতে বতৰ পৰিবৰ্ত্তন হোৱাৰ ফলত বা শৰীৰত অতিৰিক্ত ঠাণ্ডা সোমোৱাৰ ফলত উৎপন্ন হয় ।
কেতিয়াবা এই ৰোগ সংক্ৰামক ভাবে ( Epidemic ) প্ৰকাশ পায় ।
লক্ষণ– এই ৰোগে আক্ৰমণ কৰাৰ লগে লগে অতি সোনকালে ৰোগী দুৰ্বল হয় । হাত-ভৰি আৰু গোটেই শৰীৰ অৱশ হৈ আহে । শৰীৰৰ সকলো ঠাইতে পাতল বা সাংঘাটিক বিষ হয় । ৰোগীয়ে কেৱল শুই থাকিবলৈ ইচ্ছা কৰে । কাহ,হাঁচি হয় । নাকেদি হেঙুন ওলায় । জিভা-মুখ শুকাই ই যায় । জ্বৰ হ’ব পাৰে ।
অতিৰিক্ত দুৰ্বলতা,হাত-ভৰি অৱশ হৈ লৰ-চৰ কৰিব নোৱাৰা, গাৰ বিষ ,শৰীৰত কুট-কুটনি বিষ ইনফ্লুয়েঞ্জাৰ মূল লক্ষণ। ইনফ্লুয়েঞ্জাত কেতিয়াবা জ্বৰ নেথাকে ।
কেতিয়াবা গাৰ বিষ,কাহ,নাকৰ পৰা পানী ওলোৱা আদি কোনো লক্ষণ নেথাকে । মাজে মাজে মাত্ৰ দুই এটা হাঁচি মাৰে ।
সকলো ধৰণৰ জ্বৰৰ ভিতৰত ইনফ্লুয়েঞ্জাত ৰোগী অতি সোনকালে দুৰ্বল হয় ।
এই ৰোগ Epidemic ভাবে প্ৰকাশ পালে ৰোগীৰ শৰীৰত ভীষণ বিষ হয় আৰু ৰোগী দুৰ্বল হৈ পৰে ।
ইনফ্লুয়েঞ্জাক বহুতে সাধাৰণ চৰ্দি বা পানী লগা বুলি ভুল কৰে । সাধাৰণ পানী লগা আৰু ইনফ্লুয়েঞ্জাৰ মাজৰ পাৰ্থক্য হ’ল এই যে পানী লগাত প্ৰথমে হাঁচি,কাহ-জ্বৰ নাকৰ পৰা পানী ওলোৱা আদি হয় । ৰোগী লাহে লাহে দুৰ্বল হয় ।
ইনই ফ্লুয়েঞ্জাত ৰোগে আক্ৰমণ কৰাৰ লগে লগে ৰোগী দুৰ্বল হৈ পৰে ।হাত-ভৰি ই ই আৰু শৰীৰ অৱশ হৈ আহে । পাছত হাঁচি,কাহ,জ্বৰ,নাকৰ পৰা পানী ওলোৱা ইত্যাদি হয় ।
মন কৰিব লগীয়া যে পানী লগা জ্বৰ Epidemic ৰূপত প্ৰকাশ নেপায় ।
ইনফ্পুয়েঞ্জাৰ পৰা ব্ৰংকাইটিছ,ব্ৰংকোনিউমোনিয়া,নিউমোনিয়া ৰোগলৈ পৰিবৰ্ত্তন হয় ।
সৰু আই ,বসন্ত আদিৰ লগতো ইনফ্লুয়েঞ্জা হয় ।
হোমিওপেঠিক ঔষধেৰে চিকিৎসা কৰিলে ইনফ্লুয়েঞ্জা কম সময়তে নিৰাময় কৰিব পৰা যায় । মাত্ৰ ৰোগ নিৰ্ণয় কৰি সঠিক ঔষধ প্ৰয়োগ কৰিব লাগে ।
1 thought on “ইনফ্লুৱেঞ্জা ঘাটক হ’ব পাৰে”
Comments are closed.