গৰল ৰোগ ৰোগ : লক্ষণ আৰু চিকিৎসা

গৰল( Goiter) ৰোগ কি ?

গৰল ৰোগ হৈছে থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটি এই গ্লেণ্ড ফুলি যোৱা এক অৱস্থা । এই ৰোগত ডিঙিৰ তলত কামিহাড়ৰ ওপৰ ফালে বা দুই ফালে ফুলে । আকাৰত ই বগৰী এটাৰ পৰা বেল একোটাৰ সমান হয় বা তাতকৈ ডাঙৰ হয় ।

গুৰুত্বপূৰ্ণ কথাটো হৈছে পৃথিৱীৰ ভিতৰত অসমত এই ৰোগ সৰ্বাধিক হোৱা দেখা যায় । এই ৰোগ সাধাৰণতে পানীৰ দোষত হয় বুলি ধাৰণা কৰা হৈছে । বিশেষকৈ অধিক লো থকা পানী খোৱাৰ ফলত থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটি এই ৰোগ হয় । যিহেতো অসমৰ পানীত বেছি পৰিমাণে লো পোৱা যায় সেয়ে আৰু বহুলোকে ফিল্টাৰ নকৰাকৈ পানী খোৱাৰ ফলত অধিক পৰিমাণে লো দেহত প্ৰৱেশ কৰে আৰু ই থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটায় ।

যক্ষ্মাৰোগৰ বীজাণু দেহত থকাৰ ফলতো গৰল ৰোগ হ’ব পাৰে ।

গৰল ৰোগ হোৱা মানুহৰ শৰীৰ প্ৰায়ে ভালে নেথাকে । বিভিন্ন ৰোগ দেখা দি থাকে । যেনে-পানী লগা, মূৰ বিষোৱা, ভাগৰ লগা আদি বিভিন্ন উপসৰ্গ দেখা দি থাকে ।

A picture of a bottle of homoeo medicine thyroidinum
THYROIDINUM 10M
Click To Buy on Amazon

গৰল ৰোগৰ হোমিওপেথিক চিকিৎসা আৰু ঔষধ

আইওডিয়াম (Iodium): প্ৰতিমাহে পূৰ্ণিমাৰ পিছত আইওডিয়ামৰ C.M. এখোৰাক খালে প্ৰায়বিলাক গৰল ৰোগ এই ঔষধৰ দ্বাৰাই আৰোগ্য হয় । পুৰণি ৰোগ হ’লে এইদৰে এবছৰমান ঔষধ খাব লাগে ।

আইওড্য়াম ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল- ৰোগীৰ ঘনাই ভোক লাগে , ঘনাই পানী লাগে । সকলো সময়তে খায় যদিও শকত নহয় । এনে লক্ষণ থাকিলে আইওডিয়ামৰ দ্বাৰাই এই ৰোগ আৰোগ্য হয়।

যিবিলাক লোকৰ চকুৰ আইৰিছ ক’লা তেনে লোকৰ ওপৰত সাধাৰণতে আইওডিয়াম ব্যৱহাৰ হয় ।

চকুৰ আইৰিছ যদি নীলা বা মূগা বৰণৰ হয়, তেন্তে তেনে লোকৰ ওপৰত Bromium ব্যৱহাৰ কৰিব লাগে । 10 (M)ৰ তলৰ ক্ষমতাৰ ঔষধ ব্যৱহাৰ কৰিলে কোনো উপকাৰ নহয় ।

ক’লা বৰণৰ চকুৰ ৰং থকা লোকৰ ওপৰত Iodium ব্যৱহাৰ কৰি একো উপকাৰ নহ’লে Bromium ব্যৱহাৰ কৰিব লাগে ।

স্প’ঞ্জিয়া ট’ষ্টা (Spongia Tosta) : গৰল ৰোগ যদি যক্ষ্মা ৰোগৰ বীজাণুৰ পৰা বা আন কাৰণত উৎপত্তি হয়, আৰু ৰাতি শোঁওতে ডিঙিৰ ভিতৰত সোপা মাৰি ধৰাৰ বাবে উশাহ-নিশাহ বন্ধ হৈ যায়, তেন্তে স্প’ঞ্জিয়া ট’ষ্টা ব্যৱহাৰ কৰিব লাগ ।

স্প’ঞ্জিয়া ট’ষ্টা ব্যৱহাৰ কৰাৰ পিছত আংশিক ৰোগ থাকি গ’লে Acid Fluoric ব্যৱহাৰ কৰিব লাগে ।

টিউবাৰকুলিনাম (Tuberculinum): ৰোগী বা ৰোগীৰ বংশত যক্ষ্মা ৰোগৰ ইতিহাস থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । ৰোগীৰ ওপৰত গৰল ৰোগৰ আন ঔষধবিলাক ব্যৱহাৰ কৰি বিফল হ’লেও এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।

লেপিস এলবা(Lapis Alba) : সকলো ধৰণৰ গৰল ৰোগত এই ঔষধ ব্যৱহাৰ হয় । Iodium, Bromium আদি বিফল হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । আন ঔষধ ব্যৱহৰ কৰাৰ পূৰ্বে প্ৰথমেও এই ঔষধ ব্যৱহাৰ কৰিব পৰা যায় ।10(M)ৰ তলৰ ঔষধ ব্যৱহাৰ কৰিলে কোনো উপকাৰ নহয় ।

সকলো ধৰণৰ গৰল ৰোগত ব্যৱহাৰ হোৱা আন এটা ঔষধ হ’ল থাইৰয়ডিনাম (Thyroidinum) । এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ হাত-মুখ আদি উখহাৰ দৰে দেখায় । শকত আৰু ফোপোলা দেখায় ।

থাইৰয়ড গ্লেণ্ড(Thyroid Gland)ৰ দোষৰ পৰা শৰীৰ বা হাতৃমুখ ফুলিলে থাইৰয়ডিনাম (Thyroidinum) ব্যৱহাৰ হয় । এইদৰে শৰীৰ ফুলিলে আঙুলিৰে হেঁচা দিলে ঠাইডোখৰ বহি যায় বা চিন বহে ।

A picture of a bottle of homoeopathic medicine THYROIDINUM CM
THYROIDINUM CM
Click To Buy on Amazon
Stock Limited

থেৰিডিয়ণ কুৰেচাভিকাম(Theridion Curassavicum): গৰল ৰোগ যক্ষ্মা ৰোগৰ পৰা উৎপত্তি হওক বা আন কাৰণত উৎপত্তি হওক সকলো ধৰণৰ গৰল ৰোগত আন ঔষধ ব্যৱহাৰ কৰি বিফল হ’লে এই ঔষধ কিছু অধিক দিন ব্যৱহাৰ কৰিব লাগে ।