This post contains affiliate links. I may earn a commission if you click through and purchase at no extra cost to you. For more details, please see my Affiliate Disclosure.
পুৱা শুই উঠাৰ পিছত মুখত তিতা সোৱাদ অস্বস্তিকৰ অনুভৱ । প্ৰায় লোকৰ এনে সোৱাদৰ অভিজ্ঞতাৰ কথা শুনা যায় । ই কোনো ৰোগৰ এক লক্ষণ । এনে তিতা সোৱাদে প্ৰায়ে বদহজম, যকৃতৰ সমস্যা বা দাঁতৰ সমস্যাৰ দৰে অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিয়ে । হোমিওপেথীক চিকিৎসাত প্ৰাকৃতিক উপায়েৰে মুখত তিতা সোৱাদৰ মূল কাৰণ আৰু ইয়াৰ লগত জড়িত লক্ষণ দুয়োটাকে সমাধান কৰাৰ ব্যৱস্থা আছে । মুখত তিতা সোৱাদৰ চিকিৎসাৰ বাবে সাধাৰণতে ব্যৱহৃত কিছুমান হোমিওপেথিক ঔষধ তলত উল্লেখ কৰা হ’ল:
১.নাক্স ভমিকা (Nux Vomica)
মুখত তিতা সোৱাদৰ লগত যদি বদহজম, পেট ফুলা বা হেংগঅভাৰ আদি লক্ষণ দেখা যায় তেন্তে ইয়াৰ অন্যতম ফলপ্ৰসূ প্ৰতিকাৰ হৈছে নাক্স ভমিকা । যিসকল ব্যক্তিয়ে মানসিক চাপত জীৱন কটায়, খাদ্য গ্ৰহণত নিয়মিয়া নহয় বা অত্যধিক মদ্যপান বা টেঙা খাদ্য সেৱন কৰে, তেওঁলোকৰ বাবে ই এক আদৰ্শ ঔষধ । বিশেষকৈ ৰাতিপুৱা মুখত তিতা সোৱাদ অনুভৱ হ’লে Nux Vomica য়ে ভাল কাম কৰে।
২.ব্ৰায়নিয়া আলবা (Bryonia Alba)
এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল– মুখত তিতা সোৱাদৰ লগত প্ৰচণ্ড পিয়াহ থাকে আৰু মুখ শুকান থাকে । খাদ্য খোৱাৰ পিছত তিতা সোৱাদ অনুভৱ হ’লে ব্ৰায়নিয়া আলবা প্ৰায়ে ব্যৱহাৰ কৰা হয় । মুখত তিতা সোৱাদৰ লগত সাধাৰণতে যকৃতৰ সমস্যা বা হজম শক্তি কম হোৱাৰ কাৰণ জড়িত। ইয়াৰোপৰি ৰোগীয়ে কোষ্ঠকাঠিন্যত ভুগিব পাৰে আৰু পেটত গধুৰ অনুভৱ কৰিব পাৰে ।
For Cholesterol & High Blood Pressure control
Buy on Amazon
৩.পালচেটিলা (Pulsatilla)
চৰ্বিযুক্ত বা অধিক তেল দি ৰন্ধা খাদ্য খোৱাৰ পিছত যদি মুখত তিতা সোৱাদ অনুভৱ হয়, তেন্তে পালচেটিলা উপযোগী । ৰোগীৰ পিয়াহৰ অভাৱ, পেটত পূৰ্ণতা অনুভৱ কৰা, আৰু পৰ্যায়ক্ৰমে মনোভাৱৰ পৰিবৰ্ত্তন হোৱা আদি লক্ষণ থাকিব পাৰে । বিশেষকৈ আৱেগিকভাৱে অধিক সংবেদনশীল শিশু বা ব্যক্তিৰ বাবে পালচেটিলাই ভাল কাম কৰে।
৪.চেলিডনিয়াম মাজুছ (Chelidonium Majus)
এই প্ৰতিকাৰ বিশেষভাৱে যকৃতৰ সমস্যা, যেনে পিত্তথলীৰ সমস্যাৰ সৈতে জড়িত । মুখত তিতা সোৱাদ জণ্ডিচ বা যকৃতৰ মন্থৰ কাৰ্য্যৰ সৈতে জড়িত হ’লে চেলিডনিয়াম মেজুছ ফলপ্ৰসূ । এই ঔষধ ব্যৱহাৰ কৰাৰ মূল লক্ষণ হল সোঁফালৰ কান্ধ আৰু হাতৰ জোৰাৰ তলৰ পিঠিৰ অংশত বিষ অনুভৱ হোৱা । বদহজমৰ লগত জিভাৰ ৰং সলনি হৈ হালধীয়া হোৱা আদি লক্ষণ প্ৰকাশ পাব পাৰে।
৫.লাইকোপডিয়াম (Lycopodium)
খাদ্য খোৱাৰ পিছত যদি তিতা সোৱাদৰ লগত বিশেষকৈ বদহজম, পেটত গেছ উৎপন্ন হোৱা, পেট ফুলা আদি লক্ষণ জড়িত থাকে তেন্তে লাইকোপডিয়াম উপকাৰী হ’ব পাৰে । সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা বা ৰোগী খিংখিঙীয়াও হৈ উঠিব পাৰে । মিঠা খাদ্য,ভাত,ৰুটি আদি কাৰ্বোহাইদ্ৰেট যুক্ত খাদ্য আৰু গৰম খাদ্য খাবলৈ অধিক ইচ্ছা কিন্তু ঠাণ্ডা খাদ্য বা পানী খোৱাৰ ইচ্ছা কম থাকিব পাৰে। লিভাৰ দুৰ্বলতা আৰু পিত্তথলীৰ সমস্যাৰ বাবে প্ৰয়োজন হ’লে ইয়াক সাধাৰণতে ব্যৱহাৰ কৰা হয়। লাইকোপডিয়ামৰ মূল লক্ষণ সামান্য খাদ্য খালেও পেটত গেছ উৎপন্ন হোৱা, সঘনাই অধ-বায়ু নিৰ্গমন । টেঙা উগাৰ,বুকু জ্বলা আদি ।
৬.নেট্ৰাম মিউৰিয়েটিকাম ( Natrum Muriaticum)
যেতিয়া তিতা সোৱাদৰ লগত মুখত নিমখীয়া বা ধাতুৰ সোৱাদ থাকে, তেতিয়া Natrum Muriaticum ব্যৱহাৰ কৰা হয় । মুখত সকলো সময়তে তিতা অনুভৱ হয় । ৰোগীয়ে আৱেগিকভাৱে নিসংগ অনুভৱ কৰে বা দুখ আৰু উত্তেজনা অনুভৱ কৰে, তেনে ক্ষেত্ৰত নাট্ৰাম মিউৰিয়েটিকাম ব্যৱহাৰ কৰা হয় ।
৭.এন্টিমনিয়াম ক্ৰুডাম ( Antimonium Crudum)
যেতিয়া তিতা সোৱাদৰ লগত টেঙা জাতীয় খাদ্য অতিমাত্ৰা খোৱা বা অত্যধিক সেৱনৰ সম্পৰ্ক থাকে তেতিয়া এই ঔষধ উপযোগী । ৰোগীৰ বমি অনুভৱ হ’ব পাৰে বা জিভা বগা আৱৰণযুক্ত হ’ব পাৰে । ইয়াৰ লগত বদহজমৰ সমস্যা থাকিব পাৰে । সহজে বিৰক্ত আৰু সংবেদনশীল হোৱা লোকৰ বাবে এন্টিমনিয়াম ক্ৰুডাম অতি উত্তম।
উপসংহাৰ
হোমিওপেথিক ঔষধে অন্তৰ্নিহিত কাৰণসমূহৰ সমাধান কৰি যিকোনো ৰোগৰ চিকিৎসাৰ বাবে এক সামগ্ৰিক পদ্ধতি আগবঢ়ায় । এই প্ৰতিকাৰসমূহ মৃদু, স্বাভাৱিক আৰু ব্যক্তিগতকৃত । ই শাৰীৰিক আৰু আৱেগিক দুয়োটা দিশকে সামৰি লয় । ঔষধ সমূহৰ এক সাধাৰণ লক্ষণ ইয়াত আলোচনা কৰা হৈছে । সঠিক নিদান আৰু চিকিৎসাৰ বাবে অভি়জ্ঞ আৰু পেছাদাৰী চিকিৎকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।