হোমিওপেথিক চিকিৎসাৰে মূত্ৰ-পাথৰি ৰোগ(Kidney stone)ৰ পৰা কিদৰে আৰোগ্য হ’ব পাৰি ?

মূত্ৰ-পাথৰি ৰোগ(Kidney stone)

এই ৰোগত কিডনি(Kidney) আৰু ব্লাডাৰত(Bladder)ত পাথৰ সৃষ্টি হয় । এই পাথৰবোৰ বিভিন্ন আকাৰৰ হ’ব পাৰে । সৰু সৰু বালি কণিকাৰ পৰা সৰু আলু এটাৰ সমান আকাৰলৈ ই বৃদ্ধি হ’ব পাৰে ।

এই ৰোগৰ লক্ষণ হ’ল কোনো গধুৰ বস্তু দাঙোতে বা কঢ়িৱাওঁতে,কোৰ-কোঠাৰ আদি মাৰোঁতে বা তেনে ধৰণৰ কঠিন কাম কৰোঁতে হঠাৎ কঁকালত বিষ আৰম্ভ হয় । কঁকালৰ এফালে বা দুয়োফালে বিষ হয় । তল পেটত এফালে বা দুয়োফালে বিষ হয় । তল পেটত ভাত উতলাৰ দৰে গোৰগোৰায় । তল পেট গধুৰ অনুভৱ হয় । ঘনাই প্ৰস্ৰাৱ কৰিব লাগে । প্ৰস্ৰাৱ টোপ-টোপকৈ হয় । অসহ্য জ্বলা-পোৰা কৰা বিষ হয়। কিছুমান ৰোগীৰ ৰাতি শুই থাকোতে হঠাৎ বিষ উৎপত্তি হয় ।( মন কৰিব লগীয়া যে গনৰীয়া ৰোগতো প্ৰস্ৰাৱ ঘনাই হয়,প্ৰস্ৰাৱত জ্বলা-পোৰা যন্ত্ৰণা হয় । কিন্তু কঁকালত আৰু তল পেটত বিষ নাথাকে । তেনেধৰণে ইউৰেথ্ৰাইটিছ নামৰ ৰোগতো প্ৰস্ৰাৱ নলীত অসহ্য বিষ,জ্বলা-পোৰা কৰে,প্ৰস্ৰাৱ টোপ টোপকৈ হয় বা বন্ধ থাকে । কিন্তু কঁকাল আৰু তল পেটত বিষ নাথাকে ।)

মূত্ৰ পাথৰিৰ বিষত কিছুমান ৰোগীৰ জ্বৰ হয় । বমি কৰিম কৰিম লাগে বা বমি হয় ।

মূত্ৰ পাথৰি ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা হোমিও ঔষধ

মূত্ৰ পাথৰি ৰোগৰ হোমিওপেথিকত ফলপ্ৰসূ চিকিৎসা ব্যৱস্থা আছে । এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা কেটামান অতি দৰকাৰী ঔষধ তলত উল্লেখ কৰা হৈছে ।

.কেনথাৰিস(Cantharis): মূত্ৰ পাথৰি ৰোগত এই ঔষধ ব্যৱহাৰ হোৱাৰ লক্ষণ হ’ল প্ৰস্ৰাৱৰ আগত,প্ৰস্ৰাৱ কৰি থাকোঁতে আৰু প্ৰস্ৰাৱৰ পিছত এই তিনি অৱস্থাতে জ্বলা-পোৰা কৰে । প্ৰস্ৰাৱ ঘনাই লাগে আৰু টোপ টোপকৈ প্ৰস্ৰাৱ হয়। কেতিয়াবা প্ৰস্ৰাৱৰ পৰিবৰ্ত্তে তেজ ওলায় ।

কেনথাৰিস ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰায় দুয়ো ফালৰ কিডনী আৰু ইউৰেথ্ৰাৰত আক্ৰমণ হয় । ( যদি সোঁফালে বিষ হয় লাইকোপডিয়াম আৰু বাওঁফালে বিষ হ’লে বাৰ্বেৰিস ভালগাৰিস ব্যৱহাৰ কৰিব লাগে । যদি বাওঁফালে বিষ হোৱাৰ লগত বমি কৰিম কৰিম লাগে বা বমি হয়,তেন্তে টেবাকাম ব্যৱহাৰ হয় ।)

কেনথাৰিস ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ অসহ্য বিষ হয় আৰু বিষত ৰোগী স্থিৰে থাকিব নোৱাৰি বাগৰি ফুৰে । এনে অৱস্থাত কেনথাৰিস ৬ষ্ঠ ক্ষমতাৰ ঔষধ ১৫ টোপাল একাপ ঠাণ্ডা পানীত মিহলাই লৈ এচামুচকৈ দহ-পোন্ধৰ মিনিটৰ অন্তৰে অন্তৰে খাবলৈ দিব লাগে । বিষ কম হৈ আহিলে সময়ৰ ব্যবধান বঢ়াই ঔষধ প্ৰয়োগ কৰিব লাগে ।

বিষ কিছু আৰাম পালে কেনথাৰিস,বাৰ্বেৰিস ভালগাৰিস আৰু সাৰ্সাপেৰিলা এই তিনিটা ঔষধৰ ২০০ ক্ষমতা চাৰি-পাঁচ দিনৰ মূৰে মূৰে কিছু অধিক দিনলৈ খাবলৈ দিব লাগে ।

কেনথাৰিসৰ কিডনীৰ ওপৰত ক্ৰিয়া নাই । কেৱল ইউৰিথ্ৰাৰ ওপৰতহে ক্ৰিয়া আছে । বাৰ্বেৰিসৰ কিডনীৰ ওপৰত ক্ৰিয়া আছে আৰু আৰু নতুন পাথৰ কিডনীত সৃষ্টি হ’বলৈ নিদিয়ে । কিন্তু পাথৰ সৃষ্টি হ’লে গলাবলৈ ক্ষমতা নাই ।( উৎস-লেকচাৰ,ড.বি জামাল,এম ডি,ইণ্ডিপেণ্ডেণ্ট মেডিকেল ৰিচাৰ্চ স্কলাৰ অৱ ইন্দিয়া, নেচনেল হোমিওপেথিক ক’ৰেস্পণ্ডিং মেডিকেল কলেজ )

সাৰ্সাপেৰিলাৰ ডাঙৰ পাথৰ গলাবলৈও ক্ষমতা আছে । কিন্তু কিডনীতকৈ ব্লাডাৰত বেছি ক্ৰিয়া আছে ।

বাৰ্বেৰিস ভালগাৰিস(Berberis-Vulgaris): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ কিডনীত জ্বলা-পোৰা কৰে । মাজে সময়ে কিডনীত ভাত উতলাৰ দৰে পুত-পাত শব্দ কৰে । বেঙা মেলিলে বা লৰ-চৰ কৰিলে কঁকালত বিষ ধৰে ।

Berberis-Vulgarisত বেছিভাগ বাওঁফালে বিষ হয় । কেতিয়াবা দুয়োফালে বিষ হয় । প্ৰস্ৰাৱ কৰাৰ পিছত জ্বলা-পোৰা কৰে ( সাৰ্সাপেৰিলা)।

বাৰ্বেৰিস ভালগাৰিসত প্ৰস্ৰাৱ সেউজীয়া,তেজৰ দৰে ৰঙা,শ্লেস্মা মিহলি,ৰঙছুৱা বা গেদেৰী পৰা হয় । লগতে কঁকালৰ দুয়োফালে বিষ থাকে ।

A bottle of HOMEOLAV Dr. Reckeweg Berberis Vulgaris Mother Tincture Q

HOMEOLAV Dr. Reckeweg
Berberis Vulgaris Mother Tincture Q
(2x20ml) Pack of 2

Click To Buy on Amazon

সাৰ্সাপেৰিলা ( Sarsaparilla): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰস্ৰাৱ কৰাৰ পিছত জ্বলা-পোৰা কৰে । ব্লাডাৰত বিষ থাকে । প্ৰস্ৰাৱ বহি থাকোঁতে,থিয় হওঁতে বা অনিচ্ছাকৃতভাৱে ওলায় ।

মন কৰিব লগীয়া যে হাঁহিলে,কাহিলে বা কিবা কাৰণত জোৰ দিলে প্ৰস্ৰাৱ ওলালে Natrum-Mur, Causticum, বা Argent-Nit লক্ষণ অনুসাৰে ব্যৱহাৰ হয় ।

ল’ৰা-ছোৱালীৰ দুৰ্বলতাৰ বাবে প্ৰস্ৰাৱ ওলায় থাকিলে Ferrum-Met ব্যৱহাৰ হয় ।

ব্লাড প্ৰেচাৰ বা আঘাতৰ বাবে অজ্ঞাত অৱস্থাত প্ৰস্ৰাৱ ওলালে আৰ্নিকা মণ্ট (Arnica-Mont) ব্যৱহাৰ হয় ।

প্ৰসৱৰ পাছত অজ্ঞাত অৱস্থাত প্ৰস্ৰাৱ ওলায় থাকিলে Hyoscyamus, Arnica, Opium লক্ষণ অনুসাৰে ব্যৱহাৰ হয় ।

Sarsaparillaত প্ৰস্ৰাৱৰ তলত বগা বালিৰ দৰে গেদেৰী পোৱা যায় । যদি প্ৰস্ৰাবত ৰঙা বালিৰ দৰে পদাৰ্থ ওলায় আৰু প্ৰস্ৰাৱ কৰোঁতে লৰা-ছোৱালীবোৰে কান্দিলে Lycopodium ব্যৱহাৰ কৰিব লাগে ।

Boraxতো প্ৰস্ৰাৱ কৰিবৰ সময়ত ল’ৰা-ছোৱালীবোৰে কান্দে । গতিকে Sarsaparilla বা Lycopodium ব্যৱহাৰ কৰাৰ লক্ষণ নোলালে Borax ব্যৱহাৰ কৰিব লাগে ।

Sarsaparillaত প্ৰস্ৰাৱৰ লগত তেজ ওলায় ।

টেৰেবিন্থ (Terebinth): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰস্ৰাৱৰ পথেদি আটাইতকৈ বেছি তেজ ওলায় । কিডনী,ব্লাডাৰ আৰু ইউৰিথ্ৰাত অতিৰিক্ত জ্বলা-পোৰা কৰে আৰু টনা আজোঁৰা কৰা বিষ হয় ।

এইদৰে প্ৰস্ৰাৱৰ পথেদি তেজ ওলোৱাৰ লগত ভয়ংকৰ পেট ফুলা আৰু কিডনী বা ব্লাডাৰ ফুলা থাকে ।

যদি প্ৰস্ৰাৱৰ পথেদি মূত্ৰ পাথৰি ৰোগৰ বাবে তেজ ওলায় আৰু আন ঔষধবিলাক ব্যৱহাৰ কৰাৰ লক্ষণ পোৱা নেযায়,তেন্তে Lycopodium ৩য় ক্ষমতাৰ ঔষধ ঘনাই খাবলৈ দিব লাগে ।

প্ৰস্ৰাৱৰ পথেদি তেজ ওলোৱা ৰোগক Haematuria বোলে ।