চকুৰ ৰোগ সমূহৰ ভিতৰত কেটেৰেক্ট এবিধ সঘনাই দেখিবলৈ পোৱা ৰোগ ।
কেটেৰেক্ট চকুৰ এনে এক অৱস্থা যি অৱস্থাত চকুৰ মণি আৰু লেঞ্চত পানী জন্মে আৰু ক্ৰমান্বয়ে বগা হৈ আহে । পানী বৰফ হৈ যিদৰে অস্বচ্ছ হৈ পৰে ই ঠিক তেনে এক ধৰণৰ অৱস্থা। চকুৰ মণি যিমানেই বগা হৈ আহে সিমানেই চকুৰ দৃষ্টি শক্তি কম হৈ আহে ।
কেটেৰেক্ট দুই প্ৰকাৰৰ ।
১, চফ্ট কেটেৰেক্ট আৰু ২. হাৰ্ড কেটেৰেক্ট
চফ্ট কেটেৰেক্ট সৰু কালৰ পৰা ৩৫ বয়সৰ ভিতৰত হয় । হাৰ্ড কেটেৰেক্ট বয়সীয়া আৰু বুঢ়া মানুহৰ হয় ।
কেটেৰেক্টৰ কাৰণ
মূলত খাদ্য আৰু পৰিপুষ্টিৰ অভাৱত এই ৰোগ হয় যদিও অন্য কাৰণতো যেনে-পেটৰ ৰোগ,লিভাৰৰ দোষ, ডায়েবেটিজ আদিৰ বাবেও এই ৰোগ হয় । চকুৰ আন ৰোগৰ পৰা পৰিচালিত হৈও কেটেৰেক্ট হ’ব পাৰে ।
স্ত্ৰীলোক সকলৰ জৰায়ুৰ দোষত এই ৰোগ হোৱা পোৱা যায় ।
জন্মতে এই ৰোগ হৈ আহিলে আৰোগ্য হোৱাৰ আশা কম থাকে ।
হোমিওপেথিক চিকিৎসাত শতকৰা ৭৫ ভাগ ৰোগী আৰোগ্য হয় । অৱশ্য সম্পূৰ্ণ আৰোগ্য নহ’লেও ঔষধ খাই থাকিলে ৰোগ অধিক আগবাঢ়িব নোৱাৰে ।
কেটেৰেক্টৰ চিকিৎসাত ব্যৱহাৰ হোৱা কেইবিধমান হোমিওপেথিক ঔষধ
কষ্টিকাম (Causticum): এই ঔষধ ব্যৱহাৰ হোৱাৰ লক্ষণ হ’ল ৰোগ আৰম্ভ হওঁতে ৰোগীয়ে ধোঁৱা বা কুঁৱলিৰ মাজেদি দেখাৰ দৰে দেখে । চকু বাৰে বাৰে মোহাৰে । এই বিলাক উপসৰ্গৰ লগত ঘনাই প্ৰস্ৰাৱ লগা বা পুৰণি কাহ আদি থাকিব পাৰে ।
এনে অৱস্থাত আন ঔষধৰ লক্ষণ পালে সেই ঔষধৰ লগত কষ্টিকাম ইটোৰ পাছত সিটো ব্যৱহাৰ কৰিব লাগে । ( মন কৰিব লগীয়া যে ফচফৰাচৰ লক্ষণ পালে ফচফৰাচৰ লগত একেলগে কষ্টিকাম ব্যৱহাৰ কৰিব নেলাগে । যদি প্ৰয়োজন হয় দুয়োটা ঔষধৰ মাজত আন ঔষধ ব্যৱহাৰ কৰি দুয়োটা ঔষধ ব্যৱহাৰ কৰিব লাগে ।)
প্ৰথম অৱস্থাতে যদি সুচিকিৎসা হয় তেন্তে ৰোগ আগবাঢ়িব নোৱাৰে আৰু এই ব্যৱস্থাতে ৰোগ আৰোগ্য হয় ।
ফচফৰাচ (Phosphorus): চফ্ট কেটেৰেক্টৰ আৰম্ভনিতে যদি এই ঔষধ ব্যৱহাৰ কৰা হয়, তেন্তে এই ঔষধৰ দ্বাৰাই ৰোগ আৰোগ্য হয় । ফচফৰাচ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল চকুৰে নানা ৰং দেখে,চকুৰ আগত ক’লা পোক উৰি থকাৰ দৰে দেখে আৰু নিয়ৰ বা ধোঁৱাৰ মাজেদি দেখাৰ দৰে অস্পষ্টভাবে দেখে । আন ঔষধৰ লক্ষণ ওলালে ফচফৰাচৰ মাজে মাজে ব্যৱহাৰ কৰিব লাগে ।
বেৰিটা কাৰ্ব ( Baryta Carb): চুটি-চাপৰ লোকৰ ওপৰত এই ঔষধ ব্যৱহাৰ হয় ।
এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ হাত আৰু ভৰিৰ তলুৱা ঘামে । Baryta Carb ব্যৱহাৰ কৰাৰ সময়ত আন ঔষধৰ লক্ষণ ওলালে সেই ঔষধ ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
মেগনেছিয়া কাৰ্ব ( Magnesia Carb) : কেটেৰেক্টৰ লগত যদি টেঙা বমি,টেঙা উগাৰ অহা আদি লক্ষণ থাকে,তেন্তে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।
সেপিয়া (Sepia): মহিলা সকলৰ কেটেৰেক্ট ৰোগৰ লগত জৰায়ু দোষ থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।
এনে ৰোগনীৰ চেহেৰা প্ৰায় হালধীয়া হয় আৰু তল পেটত বিষ থাকে । কিছু মহিলাই পেটত গুটা কিবা এটা ঘুৰি ফুৰাৰ দৰে অনুভৱ কৰে ।
কনিয়াম মেকুলেটাম (Conium Maculatum): কেটেৰেক্ট ৰোগত এই ঔষধ ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল ৰোগীৰ অস্বাভাৱিক ঘাম ওলায় আৰু মূৰ ঘূৰণি থাকে । বিছনাত শুলে,ইকাটি-সিকাটি কৰিলে মূৰ ঘূৰায় । চলা ফুৰা কৰিলে,ইফালে সিফালে চালে মূৰ ঘূৰায় ।
আৰ্ণিকা মণ্ট ( Arnica Mont) : আঘাত লগাৰ ফলত চকুৰ কেটেৰেক্ট ৰোগ হলে প্ৰায় ১৫ দিন মান আৰ্ণিকা মণ্ট ব্যৱহাৰ কৰিব লাগে । Arnicaৰ পিছত Artemisia Vulgaris ১৫ দিন মান ব্যৱহাৰ কৰি তাৰ পাছত Conium সম্পূৰ্ণ ৰোগ আৰোগ্য নোহোৱালৈকে ব্যৱহাৰ কৰিব লাগে ।
কেলকেৰিয়া ফ্লুৰিকা(Calcarea Fluorica) : শকত আৱত লোক সকলৰ যি সকলৰ লিভাৰৰ দোষ আছে,লিভাৰ ডাঙৰ,শৌচ কঠিন আৰু নিয়মিত ভাবে নহয় সেই লোক সকলৰ কেটেৰেক্ট ৰোগত এই ঔষধ ব্যৱহাৰ কৰা হয় ।
সাইলিসিয়া( Silicea): কেটেৰেক্ট ৰোগত এই ঔষধ প্ৰায়ে প্ৰয়োজন হোৱা দেখা যায় । শৰীৰৰ পোষণ ক্ৰিয়াৰ অভাৱত অভাৱত যিবোৰ ৰোগ হয় সেই সকলোবোৰ ৰোগতে এই ঔষধ ব্যৱহাৰ হয় ।
এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ ভোক নিয়মিত ভাবে নেলাগে । শৌচ কেতিয়াবা হয় কেতিয়াবা নহয় । পেটত বিষ থাকিলে কেতিয়াবা বেছি আৰু কেতিয়াবা কম হয় । সকলো লক্ষণ অনিয়মিয়া ।
লিভাৰৰ ৰোগ আৰু প্ৰস্ৰাৱ কম হোৱা ৰোগো থাকিব পাৰে ।
কেটেৰেক্ট ৰোগত আন ঔষধ ব্যৱহাৰ কৰোঁতে সাইলিসিয়া সকলো ঔষধৰ লগত ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
সাইলিসিয়া ব্যৱহাৰ কৰাৰ কিছু লক্ষণ থাকিলেও যদি দীৰ্ঘ দিন ধৰি ব্যৱহাৰ কৰা হয়,তেন্তে ৰোগ আৰোগ্য নহ’লেও ৰোগ আগবাঢ়িব নোৱাৰে ।
কেটেৰেক্ট ৰোগত যদি চকুত বিষ থাকে তেন্তে সাইলিসিয়া ব্যৱহাৰ কৰিব লাগে । কেটেৰেক্ট ৰোগত এই ঔষধ ব্যৱহাৰ কৰিলে 1(m) তলৰ ঔষধৰ দ্বৰা কোনো উপকাৰ পোৱা নেযায় । ঔষধ ৬/৭ দিনৰ মূৰে মূৰে এখোৰাক কৈ ব্যৱহাৰ কৰিব লাগে ।
এটাতকৈ অধিক ঔষধ ব্যৱহাৰ কৰিবলৈ হ’লে প্ৰতি ৬/৭ দিনৰ মূৰে মুৰে ইটোৰ পিছত সিটো দীঘলীয়াকৈ ব্যৱহাৰ কৰিব লাগে ।
ডায়েবেটিজ থাকিলে ৰোগৰ লক্ষণ অনুসৰি ডায়েবেটিজৰ ঔষধ ব্যৱহাৰ কৰাৰ লগতে মাজে মাজে কেটেৰেক্টৰ ঔষধ বিশেষকৈ সাইলিসিয়া( Silicea) আৰু ফচফৰাচ(Phosphorus) আদি ব্যৱহাৰ কৰিব লাগে ।