জঠৰ ৰোগৰ প্ৰকাৰৰ
যিকোনো দুৰ্বলকৰ ৰোগৰ ফলত যেনে-(১) আঘাত (২) বিষাক্ত দ্ৰব্য ভক্ষণ (৩) মেৰুদণ্ডৰ কোনো ৰোগ (৪) ব্লাড প্ৰেচাৰ আদি ৰোগৰ ফলত স্নায়ুৰ কাৰ্যক্ষমতা অচল হ’লে জঠৰ ৰোগ হয় ।
জঠৰ ৰোগ দুই প্ৰকাৰৰ ।
১) সাধাৰণ জঠৰ ৰোগ ( General Paralysis)
২) ঠাই বিশেষ জঠৰ ৰোগ ( Local Paralysis)
জেনেৰেল পেৰালাইচিচৰ অন্তৰ্ভুক্ত জঠৰ ৰোগ সমূহ-১) প্যাৰাপ্লিজিয়া ২) মাইলাইটিছ ৩) হেমিপ্লিজিয়া ৪) ইনফ্যাণ্টাইল প্যাৰালিসিস
প্যাৰাপ্লিজিয়াৰ লক্ষণ আৰু কাৰণ
শৰীৰৰ নিম্ন ভাগৰ জঠৰ ৰোগ হ’লে তাক প্যাৰাপ্লিজিয়া বোলা হয় । প্যাৰাপ্লিজিয়াত সাধাৰণতে শৰীৰৰ তল অংশ আৰ্থাৎ কঁকালৰ পৰা ভৰিলৈকে জঠৰ হয় ।
প্যাৰাপ্লিজিয়া সাধাৰণতে নিম্ন উল্লেখিত ৰোগ সমূহৰ পৰা সৃষ্টি হয় ।
যেনে-
১) মেৰুদণ্ডৰ কোনো ৰোগ বশত
২) ৰাজহাড়ৰ ভিতৰত হোৱা কোনো টিউমাৰ
৩) সিফিলিস বা গণৰীয়া ৰোগবশতঃ
৪) পূৰণি মূৰৰ ৰোগ
৫) কেনচাৰ
৬) জৰায়ুৰ কোনো ৰোগ বশতঃ
৭) কোনো দুৰ্বলকৰ ৰোগৰ পৰিণামৰ ফল আদি কাৰণত প্যাৰাপ্লিজিয়া ৰোগ হয় ।
মাইলাইটিসৰ লক্ষণ আৰু কাৰণ
মাইলাইটিস সাধাৰণতে মেৰুদণ্ডৰ কোনো ৰোগবশতঃ সৃষ্টি হয় । এই ৰোগ হ’লে মেৰুদণ্ডত জ্বলা-পোৰা কৰা,বিষোৱা আদি লক্ষণ প্ৰকাশ পায় । যিবিলাক লোক সাধাৰণতে সিফিলিস,গণৰীয়া আদি ৰোগত আক্ৰান্ত হয় বা শুক্ৰৰ ৰোগ,স্বপ্ন দোষ,আজ্ঞাতসাৰে শুক্ৰ ক্ষয় হোৱা আদি ৰোগত আক্ৰান্ত হয় তেনে লোক সকলৰ সাধাৰণতে মাইলাইটিস ৰোগ হোৱা দেখা যায় ।
উক্ত কাৰণবোৰৰ উপৰিও ১) বহু সময় পানীত ডুবি থাকিলে ২) অনেক সময় ঠাণ্ডা বতাহত থাকিলে ৩) জেকা মাটিত শুলে মাইলাইটিস ৰোগ হোৱা দেখা যায় ।
হেমিপ্লেজিয়াৰ লক্ষণ আৰু কাৰণ
শৰীৰৰ এফালে জঠৰ ৰোগ হলে তাক হেমিপ্লেজিয়া বোলা হয় । এই ৰোগত সাধাৰণতে শৰীৰৰ এফালৰ হাত,ভৰি,মুখ জিভা আদি আক্ৰান্ত হয় । সোঁফালতকৈ বাওঁফালে এই ৰোগ অধিক হোৱা পোৱা যায় । শৰীৰৰ যিফালে জঠৰ হয়,সেই ফালৰ অংগ ক্ৰমাণ্বয়ে ক্ষীণ হৈ আহে । চৰ্ম্মত চেতনা নেথাকে কিন্তু অংগ পৰিচালনা শক্তি সম্পূৰ্ণ লোপ নহয় । মুখ এফালে বেঁকা হৈ যায় । জিভা জঠৰ হয় । শৰীৰৰ স্বাভাৱিক তাপ কম হয় । যিফালৰ শৰীৰ আক্ৰান্ত হয় সেইফালৰ চকু মুদ খাই যায় ইত্যাদি।
এনে ধৰণৰ শৰীৰৰ এফালৰ জঠৰ ৰোগ সাধাৰণতে মস্তিষ্কত তেজ জমি উৎপত্তি হয় ( যেনে ব্লাড প্ৰেচাৰ আদিৰ ফলত) । ইয়াৰ উপৰিও মেৰুদণ্ডৰ ৰোগ, কোনো দুৰ্বলকৰ ৰোগৰ পৰিণামৰ ফলত এনে ধৰণৰ জঠৰ ৰোগ প্ৰায়ে হোৱা দেখা যায় ।
ইনফ্যাণ্টাইল প্যৰালিসিস
এই ৰোগ সাধাৰণতে ৬/ ৭ মহীয়া কেঁচুৱা আৰু ২/৩ বছৰীয়া সৰু ল’ৰা-ছোৱালীৰ মেৰুদণ্ডৰ ৰোগৰ পৰা সৃষ্টি হয় । অতিৰিক্ত ঠাণ্ডা লগা, মেৰুদণ্ডত কোনো কাৰণত আঘাত লগা বা পৰি আঘাত পোৱা,জেকা মাটিত শোৱা,দাঁত ওলোৱাৰ সময়ত মেৰুদণ্ডৰ ৰোগ হোৱা আদি কাৰণত ইনফ্যাণ্টাইল প্যৰালিসিস হয় ।
এই ৰোগৰ আৰম্ভনিতে প্ৰায়ে জ্বৰ হয় । কিছুমানৰ মাংসপেশীৰ অনিয়ন্ত্ৰিত প্ৰবল জোঁকাৰণি হয় । কিছুদিনৰ পিছত এই প্ৰবল উপসৰ্গ বিলাক সাম কাটে । শেষত শৰীৰৰ এফালৰ অংগ,তল ফালৰ অংগ ক্ৰমাণ্বয়ে ক্ষীণ হৈ যায় আৰু বেঁকা হৈ পৰে । আক্ৰান্তম অংগ চেতনা হীন হয় ।
ফেল্স প্যৰালিসিস
ফেল্স প্যাৰালিসিস সাধাৰণতে শৰীৰত অতিৰিক্ত ঠাণ্ডা লাগি,মূৰৰ ৰোগৰ ফলত বা মূৰৰ কোনো স্নায়ুৰ ৰোগৰ ফলত সৃষ্টি হয় ।
এই ৰোগৰ লক্ষণ হ’ল মূৰৰ এফালে বেঁকা হৈ পৰে । মুখৰ এফালে খোৱা খাদ্য চোবাব নোৱাৰে । মুখৰ এফালে জঠৰ হয় আৰু কথা ক’লে এফালৰ মুখ লৰাব নোৱাৰে । মুখৰ পৰা লেলাৱতি বৈ পৰে । আক্ৰান্ত হোৱা ফালৰ চকু সকলো সময়তে খোলা থাকে বা জাপ খাই থাকে । চকুৰ পৰা পানী ওলায় থাকে ।