গান গোৱাৰ বাবে বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভাঙে নেকি? ই ফেৰিংজাইটিজৰ লক্ষণ হ’ব পাৰে

ফেৰিংজাইটিজৰ কাৰণ আৰু লক্ষণ

ডিঙিৰ ভিতৰৰ জিভাৰ তলৰ গাতটোক ফেৰিংস বোলা হয় । এই ফেৰিংসৰ ৰোগ হ’লে তাক ফেৰিংজাইটিছ বোলা হয় । সাধাৰণতে অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত এই ৰোগ হয় যদিও আন কাৰণ যেনে অতিৰিক্ত চিঞৰা বা বক্তৃতা দিয়া আদি কাৰণতো ফেৰিংজাইটিজ হ’ব পাৰে ।

ফেৰিংজাইটিজ নতুন হ’লে প্ৰথমে ডিঙিৰ ভিতৰৰ অংশ আৰু আলজিভা আদি ৰঙা পৰে। ৰোগীয়ে সকলো সময়তে কাহি থাকে আৰু খেকখেকাই থাকে । কিছুমান ৰোগীৰ ডিঙিৰ ভিতৰটো ফুলে আৰু ঘা হয় । ঢোক গিলোঁতে আৰু খাওঁতে ডিঙিত কষ্ট হয়। পনীয়া বস্তুৰ বাদে গোটা বস্তু খাব নোৱাৰে । মাত ভাঙে, ডিঙিৰ ভিতৰত জ্বলা-পোৰা কৰে, বিষ হয় আৰু শুকাই যায় ।

ফেৰিংজাইটিজ নতুন হ’লে কিছুমান ৰোগীৰ পাতল জ্বৰ হয় । ফেৰিংজাইটিজ পুৰণি হ’লে ডিঙিৰ ভিতৰৰ জিভাৰ তলৰ গাঁতটোত সৰু সৰু গুটি গুটি উদ্ভেদ ওলায় ।

এইদৰে গুটি গুটি উদ্ভেদ ওলালে তাক ফলিকিউলাৰ ফেৰিংজাইটিজ বোলে । ফেৰিংজাইটিজ অতি পুৰণি হৈ ৰোগ অতি বেছি হ’লে ফেৰিংসত ঘা হয় । কাহোতে তেজ-পুঁজ ওলায় ।

গান গোৱাৰ বাবে বা অতিৰিক্ত বক্তৃতা দিয়াৰ বাবে ফেৰিংজাইটিজ হ’লে ৰোগ লাহে লাহে উৎপত্তি হয় । ঠাণ্ডা লাগি ফেৰিংজাইটিজ হ’লে ৰোগ হঠাৎ উৎপত্তি হয় আৰু ক্ৰমে ৰোগ অধিক হয় ।

ৰোগ পুৰণি হ’লে কিছুমান ৰোগীৰ ডিঙিৰ ভিতৰত বিষ নাথাকে । কথা কওঁতে মাত বহি যায় আৰু সকলো সময়তে খেকখেকাই থাকে ।

৪৫ বছৰৰ বয়সৰ ওপৰৰ লোক সকলৰ ফেৰিংজাইটিস হৈ ডিঙিত ঘা হ’লে আৰু সেই ঘা অনেক চেষ্টাৰ ফলতো আৰোগ্য় ন’হলে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে ।

চিকিৎসা

ৰোগ পুৰণি হ’লে হোমিওপেথিক চিকিৎসা পদ্ধতিত শতকৰা ১০ ভাগ ৰোগী আৰোগ্য হয় । ৰোগ আৰম্ভ হওঁতেই চিকিৎসা কৰিলে শতকৰা ৯০ ভাগ ৰোগী আৰোগ্য হয় ।

হোমিওপেথিক পদ্ধতিত ফেৰিংজাইটিসৰ চিকিৎসাত ব্যৱহাৰ হোৱা ঔষধ সমূহ তলত বৰ্ণনা কৰা হৈছে ।

বেলাডোনা(Belladona):– ডিঙিত ঠাণ্ডা লাগি নতুনকৈ ফেৰিংজাইটিস হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয়।

এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল-ফেৰিংসত বিষ হয়,সকলো সময়তে ডিঙিৰ ভিতৰটো শুকাই যায় । শুকান কষ্টকৰ কাহ হয় ।

ডিঙিৰ ভিতৰটো ফুলে,ৰঙা পৰে ।এই অৱস্থাত সময়মতে বেল্লাডোনা ব্যৱহাৰ কৰিব পাৰিলে দ্বিতীয় অৱস্থালৈ ৰোগ আগবাঢ়িব নোৱাৰে । বেল্লাডোনা ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ ফেৰিংজাইটিজৰ লগত মূৰত বিষ আৰু সমান্য জ্বৰ থাকিব পাৰে ।

বেল্লাডোনাৰ দৰে ডিঙিৰ ভিতৰত বিষ হোৱা,শুকাই যোৱা,জ্বলা-পোৰা কৰা ইত্যাদি লক্ষণ থাকিলে আৰু এই উপসৰ্গৰ লগত গোটেই শৰীৰত বাত বিষৰ দৰে যদি বিষ থাকে, তেন্তে ফাইটোলেক্কা ( Phytolacca ) ব্যৱহাৰ কৰিব লাগে ।

মনত ৰাখিব লগীয়া– বেল্লাডোনাত মূৰত বিষ হয় আৰু ফাইটোলেক্কা ( Phytolacca )ত শৰীৰত বিষ হয় ।

কেলকেৰিয়া কাৰ্ব (Calcarea Carb):- পুৰণি ৰোগত সামান্য ঠাণ্ডা লাগিলে, ডিঙিত বতাহ লাগিলে,ফেৰিংসত বিষ হ’লে, শুকান অনুভৱ হ’লে কেলকেৰিয়া কাৰ্বৰ দ্বাৰা আৰোগ্য হয় ।

বেল্লাডোনা ব্যৱহাৰ কৰাৰ পিছত আংশিক ৰোগ থাকি গ’লে কেলকেৰিয়া কাৰ্ব ব্যৱহাৰ কৰিব লাগে । ঠাণ্ডা লাগি হোৱা নতুন বা পুৰণি সকলো ধৰণৰ ফেৰিংজাইটিসত একেবিলাক ঔষধ ব্যৱহাৰ হয় ।

ফেৰাম ফস ( Ferrun Phos):–নতুন ফেৰিংজাইটিসত বেল্লাডোনা ব্যৱহাৰ কৰাৰ লক্ষণ নোলালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

এই ঔষধ ব্যৱহাৰ কৰোঁতে অকলে ব্যৱহাৰ নকৰি লগত কেলি মিউৰ (Kali Mur) আৰু কেলি ফচ (Kali Phos) ইটোৰ পিছত ব্যৱহাৰ কৰিলে প্ৰায়বিলাক ফেৰিংজাইটিস এই ব্যৱস্থাতে আৰোগ্য হয়।

ৰোগ পুৰণি হ’লে দুই বা তিনি মাহতকৈ অধিক দিন ঔষধ ব্যৱহাৰ কৰিব লাগে।

এইদৰে ঔষধ ব্যৱহাৰ কৰাৰ পিছত আংশিক ৰোগ থাকি গলে সালফাৰ( Sulphur ) আৰু শেষত সৰিনাম ( Psorinum ) ব্যৱহাৰ কৰিব লাগে ।

কেলি বাইক্ৰমিকাম ( Kali Bichromicum ):–পুৰণি ফেৰিংজাইটিস ৰোগত প্ৰায়ে এই ঔষধৰ লক্ষণ পোৱা যায় ।

এই ঔষধ ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষণ হ’ল ফেৰিংজৰ পৰা যি খেকাৰ বা পূঁজ ওলায়,সেইবোৰ আঠাৰ দৰে হয় আৰু মুখৰ পৰা উলিয়াই পেলাওঁতে ৰচিৰ দৰে ওলমি পৰে ।

এই লক্ষণবোৰৰ লগত ৰোগীয়ে যদি সকলো সময়তে খেক-খেকাই থাকে,তেন্তে হাইড্ৰেসটিচ কেন ( Hydrastis Can ) আৰু কেলি বাইক্ৰমিকাম ( Kali Bichromicum ) ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিলে অনেক জটিল ধৰণৰ ফেৰিংজাইটিসও আৰোগ্য হয় । ফেৰিংসৰ কেঞ্চাৰ ৰোগতো এইদৰে ব্যৱহাৰ কৰিব লাগে ।

ইসকিউলাস হিপোকেসটানাম ( Aesculus Hipocastanum ):–ই ঔষধ ব্যৱহাৰ হোৱা সকলো ধৰণৰ ফেৰিংজাইটিস ৰোগত ডিঙিৰ ভিতৰত জ্বলা পোৰা কৰে, শুকাই যায় ( বেল্লাডোনা আৰু ফাঅটোলেক্কা ) । সেপ গিলিলে ডিঙিৰ ভিতৰত ঘা লগাৰ ৰ্লাগে ( কষ্টিকামৰো একে লক্ষণ ),ঘনাই সেপ গিলিবলৈ ইচ্ছা যায় ( মাৰকিউৰিয়াচ চলৰ লক্ষণ )। ডিঙিৰ ভিতৰত জিবলা পোৰা কৰা,খোঁছা-বিন্ধা কৰা আৰু বন্ধ হৈ যোৱাৰ দৰে লাগে ( এপিচমেল,বেল্লাডোনাৰো লক্ষণ ) ।

এই বিলাক লক্ষণৰ লগত ৰোগীৰ যদি কেছুমুৰীয়া ৰোগ থাকে,ভাক ভাল দৰে নেলাগে আৰু পেটৰ ভিতৰত বা গুহ্যদ্বাৰত গধূৰ অনুভৱ হয়,তেন্তে ফেৰিংজাইটিস বা লেৰিংজাইটিস নকুন বা যিমান পুৰণি আৰু জটিল হলেও Aesculs ৰ দ্বাৰা আৰোগ্য হয় ।

Aesculusৰ কিছুমান ৰোগীৰ কঁকালত বিষ থাকে ।

Leave a comment