ইউৰেথ্ৰাইটিছ(Urethritis) ৰোগৰ লক্ষণ
Disclaimer: This post contains affiliate links. If you make a purchase through them, I may earn a small commission at no extra cost to you.
এই ৰোগত কেৱল মূত্ৰনলী আক্ৰান্ত হয় । লক্ষণবোৰ দেখাত মূত্ৰপাথৰী(কিডনী ষ্টোন) ৰোগত প্ৰস্ৰাৱ নলী আক্ৰান্ত হোৱাৰ দৰে প্ৰায় একে । যেনে ঘনাই প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱত জ্বলা-পোৰা কৰা, টোপ টোপকৈ প্ৰস্ৰাৱ হোৱা আদি । ইয়াৰোপৰি গণৰীয়া ৰোগৰ দৰে প্ৰস্ৰাৱৰ লগত পুঁজ ওলোৱা, প্ৰস্ৰাৱ কৰোতে যন্ত্ৰণা হোৱা আদি লক্ষণ দেখা যায়।

GOELAR Urepro Kit – UTI & Kidney Stone Relief,
300ml Syrup + 20 Capsules | Detox, Urinary Cleanser,
Herbal Formula
Click To Buy on Amazon
ইউৰেথ্ৰাইটিছ(Urethritis) আৰু মূত্ৰপাথৰী(কিডনী ষ্টোন)ৰ মাজত পাৰ্থক্য হৈছে- ইউৰেথ্ৰাইটিছ হ’লে প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা কৰে । টোপ টোপকৈ প্ৰস্ৰাৱ ওলায় । কিন্তু মূত্ৰ পাথৰী ৰোগৰ দৰে কঁকালত আৰু তলপেটত, ব্লাডাৰত বিষ নেথাকে ।
গণৰীয়া আৰু ইউৰেথ্ৰাইটিছ(Urethritis)ৰ মাজৰ পাৰ্থক্য হ’ল- গণৰীয়াত প্ৰথমে প্ৰস্ৰাৱ নলীৰ মুখত খজুৱাই, কুট কুটায় আৰু এই লক্ষণৰ লগত প্ৰথমে কিছুমান জুলীয়া পদাৰ্থৰ দ্বাৰা প্ৰস্ৰাৱ নলীৰ মুখ বন্ধ কৰি থয় ।
গণৰীয়া এবিধ সংক্ৰামক ৰোগ । এজনৰ পৰা আন এজনলৈ এই ৰোগ সংক্ৰমণ হৈ বিয়পে । যৌন সম্পৰ্কৰ দ্বাৰা এই ৰোগ এজনৰ পৰা আন এজনলৈ বিয়পে ।
ইউৰেথ্ৰাইটিছ(Urethritis) সাধাৰণতে প্ৰস্ৰাৱ নলীত আঘাত লগা, চাইকেল চলোৱা বা অস্বাভাৱিক উপায়েৰে শুক্ৰ নষ্ট কৰা আদি কাৰণত উৎপত্তি হয় ।
ইউৰেথ্ৰাইটিছ(Urethritis)ৰ লক্ষণ হ’ল-প্ৰস্ৰাৱ নলীৰ মুখত প্ৰথমে ৰঙা পৰে, জ্বলা-পোৰা কৰে আৰু সঘনাই প্ৰস্ৰাৱ কৰিব লাগে । এইদৰে আৰম্ভ হৈ প্ৰস্ৰাৱ নলীৰ ভিতৰলৈ ৰোগ বিয়পে । এই অৱস্থাত প্ৰস্ৰাৱ কৰোতে প্ৰস্ৰাৱৰ পথত বিষ হয় আৰু জ্বলা-পোৰা কৰে । যিমানেই ৰোগ আগবাঢ়ে সিমানেই পুৰুষ অংগ বা স্ত্ৰী অংগ বিষত ফুলি উঠে আৰু প্ৰস্ৰাৱ কৰোতে ভীষণ কষ্ট হয় । প্ৰস্ৰাৱৰ ধাৰা ছেদেলী-ভেদেলী হৈ ওলায় । প্ৰথম অৱস্থাত প্ৰস্ৰাৱৰ লগত তেজ ওলায় পাছলৈ পুঁজত পৰিণত হয় । পাত্ৰত প্ৰস্ৰাৱ কৰিলে পাত্ৰৰ তলত পুঁজ জমা হোৱা দেখা যায় । পুৰুষৰ এই ৰোগ হ’লে লিংগ উখহি বেঁকা হয় ।

Purely Yours Prost Plus for Men – Ayurvedic
Prostate Care Capsules for Healthy Prostate,
Urinary Wellness & Comfort | Helps Ease Frequent Urination,
Irritation & Inflammation | 60 Capsules
Click To Buy on Amazon
চিকিৎসা
হোমিওপেথিকত ইউৰেথ্ৰাইটিছ(Urethritis) ৰোগৰ চিকিৎসা আছে । এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা কেইটামান ঔষধ তলত আলোচনা কৰা হৈছে ।
আৰ্ণিকা মণ্ট( Arnica Mont): আঘাত লগা বা চাইকেল চলোৱাৰ বাবে এই ৰোগ হ’লে এই ঔষধৰ 1(M) ইনজেকচন দিলে ১০-১৫ মিনিটৰ পিছৰ পৰাই আৰাম পায় ।
যদি আৰ্ণিকা প্ৰয়োগ কৰাৰ পিছতো ৩-৪ ঘণ্টালৈকে ৰোগ উপশম নহয় তেন্তে মাৰ্কিউৰিয়াচ চল ( Mercurius Sol) 1(M)ৰ ইনজেকচন দিব লাগে । এই ব্যৱস্থাতে ৰোগ আৰোগ্য হয় । আন ঔষধ কেতিয়াবাহে প্ৰয়োজন হয় ।
পেট্ৰোচেলিনাম ( Petroselinum): এই ঔষধ ব্যৱহাৰ হোৱাৰ প্ৰধান লক্ষণ হ’ল হঠাৎ প্ৰস্ৰাৱ কৰিব লাগে । এক মুহূৰ্ত্তও ৰব নোৱাৰে কাপোৰে-কানিয়ে প্ৰস্ৰাৱ যায় । প্ৰস্ৰাৱৰ পথত কুটকুটায় । এই লক্ষণবোৰৰ লগত ইউৰেথ্ৰাইটিছৰ মূল লক্ষণবোৰ থাকে ।