প্ৰথমতেই যদি চিকিৎসা কৰা নহয় পানী লগা ৰোগো জটিল ৰোগলৈ ৰূপান্তৰ হ’ব পাৰে
পানী লগা সাধাৰণতে বতৰ পৰিবৰ্ত্তন আৰু ঠাণ্ডা লগাৰ বাবে উৎপত্তি হয় ।
কিছুমান মানুহৰ বা ল’ৰা-ছোৱালীৰ বতৰ পৰিবৰ্ত্তন বা ঠাণ্ডা লগাৰ লগত সম্বন্ধ নেথাকি প্ৰায়ে সঘনাই পানী লাগি থাকে । তেনে কিছু উদাহৰণ হ’ল —
স্নায়ু দুৰ্বল হ’লে বা যৌন ব্যাধি থাকিলে প্ৰায়ে পানী লাগি থাকে ।
এডিনাইট ,পলিপি আদি নাকৰ ৰোগ হ’লে প্ৰায়ে পানী লাগি থাকে ।
কিছুমান শকত-আবত লোক বা ল’ৰা-ছোৱালীৰ শৰীৰত ৰক্ততকৈ জুলীয়া পদাৰ্থ অধিক হ’লে প্ৰায়ে পানী লাগি থাকে ।
থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটি যিবোৰ ল’ৰা-ছোৱালী আৰু মানুহ কটিয়া হয়, সেই মানুহ বা ল’ৰা-ছোৱালী বিলাকৰ প্ৰায়ে পানী লাগি থাকে ।
গৰল ৰোগত ভোগা মানুহৰ প্ৰায়ে পানী লাগি থাকে ।
লিভাৰৰ দোষত ভোগা মানুহৰ পানী লাগি থাকে ।
টনছিল বা টনছিলাইটিছত ভোগা প্ৰায়ে পানী লাগি থাকে ।
পানী লগা ৰোগৰ চিকিৎসা হোমিওপেঠিকত অতি ফলপ্ৰসু । এই বিষয়ে পিছৰ পষ্টত আলোচনা কৰা হ’ব ।
(পিছৰ পষ্টৰ বিষয়ে জানিবৰ বাবে পষ্টটো চাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।)