হোমিওপেঠিক ঔষধেৰে অজীৰ্ণ ৰোগৰ চিকিৎসা
অজীৰ্ণ ৰোগৰ কাৰণ
আজিকালি প্ৰায় মানুহৰে অজীৰ্ণ,গেছৰ সমস্যা আদি থকা দেখা যায় । মানুহৰ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বা নিয়মিত খোৱা-বোৱা নকৰাৰ বাবে বা ভোক লগাৰ বাবে নেখাই বিলাসিতা হিচাপে খাদ্য খোৱাৰ বাবে এনে সমস্যা থকা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে বুলিব পাৰি।
প্ৰাকৃতিক চিকিৎসাৰে অজীৰ্ণ ৰোগৰ পৰা সহজে মুক্ত হ’ব পাৰি । হোমিওপেঠিক চিকিৎসাৰে এই ৰোগৰ পৰা কেনেদৰে আৰোগ্যতা লাভ কৰিব পাৰি এই পষ্টত আলোচনা কৰা হৈছে ।
অজীৰ্ণৰ অৰ্থ হৈছে জীণ নোযোৱা অৰ্থাৎ হজম নোহোৱা অৱস্থা । ইংৰাজীত যাক কোৱা হয় Indigestion
সাধাৰণতে অতিৰিক্ত ভোজন কৰাৰ কাৰণে,গেলা-পচা মাছ-মাংস বা তেনে ধৰণৰ খাদ্য খোৱাৰ ফলত অজীৰ্ণ ৰোগ হোৱা দেখা যায় ।
ভোক নলগাকৈ পেট ভৰি থকা অৱস্থাত পুণৰ খাদ্য খালে সেই খাদ্য হজম নহয় । এনে কাৰণতো অজীৰ্ণ ৰোগ হোৱা দেখা যায় । খোৱাৰ পিছতে বেছি পৰিমাণে পানী খালেও অজীৰ্ণ ৰোগ হ’ব পাৰে । গৰমৰ দিনত অতি গৰম পৰাৰ বাবেও অজীৰ্ণ হ’ব পাৰে ।
অজীৰ্ণ ৰোগৰ লক্ষণ
অজীৰ্ণ ৰোগত কিছুমানৰ বমি আৰু অতিশাৰ হয় । কিছুলোকৰ বমি বা অতিশাৰ নহৈ পেটৰ ভিতৰত অশান্তি অনুভৱ হয় । কিছুমানৰ শৌচ বন্ধ থাকে বা অনিয়মীয়া হয় ।
অজীৰ্ণ ৰোগত ব্যৱহাৰ হোৱা কেইটামান হোমিওপেঠিক ঔষধ
IPECACUANHA–এই ঔষধৰ লক্ষণ অজীৰ্ণ ৰোগত প্ৰায়ে পোৱা দেখা যায় । বিশেষকৈ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ঘনাই প্ৰয়োজন হোৱা পোৱা যায় ।
IPECAC নতুন অজীৰ্ণ ৰোগত অধিক উপকাৰী । অজীৰ্ণ ৰোগ যদি পুৰণি হয় তেন্তে IPECAC দ্বাৰা কোনো উপকাৰ নহয় ।
অজীৰ্ণ ৰোগত IPECACUANHA ব্যৱহাৰ হোৱাৰ লক্ষণ
এই ঔষধ ব্যৱহাৰ হ’ব লগা ৰোগীৰ বমি হয় । বমি হোৱাতকৈ বমি কৰিম কৰিম লাগি থকাতো বেছি থাকে । বমি কৰিলেও বমি কৰিম কৰিম লাগি থখা ভাব নুগুছে ।
বমিৰ লগতে কিছুমান ৰোগীৰ অতিশাৰো হয় । বমিৰ প্ৰায়ে গন্ধ নেথাকে আৰু জিভা পৰিষ্কাৰ থাকে । কিছুমান ৰোগীৰ নাভীৰ পৰা 4 ইঞ্চি মান ওপৰত বিষ হয় ।
মন কৰিব লগীয়ে যে ওপৰ পেটত বিষ হলে Carbo-Veg ব্যৱহাৰ কৰিব লাগে ।
মনত ৰাখিব লগীয়া–যদি ৰোগীৰ টেঙা বমি হয় বা টেঙা উগাৰ আহে বা বমিত দুৰ্গন্ধ থাকে তেন্তে IPECAC ব্যৱহাৰ কৰিলে কোনো উপকাৰ নহয় ।
ANTIM CRUDE—নতুন অজীৰ্ণ ৰোগত ব্যৱহাৰ হোৱা আন এটা ঔষধ হৈছে Antim-Crude ।
( ৰোগ যদি পুৰণি হয় তেন্তে Hydrastis-Canৰ লগত এই ঔষধ ইটেোৰ পাছত সিটো ব্যৱহাৰ কৰিব লাগে ।)
অজীৰ্ণ ৰোগত ANTIM-CRUDE ব্যৱহাৰ হোৱাৰ লক্ষণ
ANTIM-CRUDE ৰোগীয়ে ৰ’দ আৰু গৰম সহ্য কৰিব নোৱাৰে । কিছুমান ৰোগীৰ জিভা বগা থাকে বা ওঠৰ চুকত ঘা থাকে ।
নতুন অজীৰ্ণ ৰোগত এই ঔষধ ব্যৱহাৰ হোৱাৰ বিশেষ লক্ষণ হ’ল ৰোগীৰ জিভাৰ ওপৰত গাখীৰৰ দৰে বগা চামনি পৰে । ওঠৰ দুয়ো চুকত ঘা হয় ।মুথৰ ভিতৰতো কিছুমানৰোগীৰ ঘা হয় ।
এই ঔষধৰ আন এক লক্ষণ হ’ল যি খায় সেই খাদ্যৰ উগাৰ আহে । যদি বমি হয়,সেই বমিত টেঙা বা পচা গোন্ধ নেথাকে ।
শৌচত পনীয়া আৰু গোটা অংশ মিহলি থাকে । শৌচৰ লগত কিছুমান ৰোগীৰ তেজ ওলায় । ৰোগীয়ে টেঙা খাবলৈ ইচ্ছা কৰে ।
PULSATILA–এই ঔষধটো গুৰুত্বপূৰ্ণ এই বাবে যে নতুন-পুৰণি দুযোবিধ অজীৰ্ণ ৰোগত এই ঔষধ সমানভাবে ব্যৱহাৰ হয় ।
অতিৰিক্ত ঘিউ,তেল ইত্যাদি খাই অজীৰ্ণ ৰোগ হ’লে আৰু এই ঔষধৰ লক্ষণ মিলিলে ব্যৱহাৰ কৰিব লাগে ।
অজীৰ্ণ ৰোগত PULSATILA ব্যৱহাৰ হোৱাৰ লক্ষণ
সাধাৰণতে নতুন অজীৰ্ণ ৰোগত তিতা,কেঁহা বা গন্ধবিহীন বমি হ’লে Ipecac ব্যৱহাৰ কৰা হয় । বমি নহৈ যদি পেটৰ ভিতৰত অশান্তি কৰি থাকে তেন্তে Pulsatila ব্যৱহাৰ কৰিব লাগে
পুৰণি অজীৰ্ণ ৰোগত Pulsatila ব্যৱহাৰ হোৱাৰ বিশেষ লক্ষণ হ’ল পেটৰ ভিতৰত বা গোটেই পেটটোত চাৰিওফালে কেতিয়াবা এঠাইত কেতিয়াবা আন এঠাইত বিষ হয় । বিষ হোৱাৰ কোনো নিৰ্দিষ্ট ঠাই নেথাকে । ভোক কেতিয়াবা লাগে কেতিয়াবা নেলাগে । শৌচ অনিয়মীয়া হয় । সকলোবোৰ লক্ষণ অনিয়মিয়া হয় । পানী পিয়াহ নেথাকে । বিশেষকৈ ৰাতিপুৱা শুই উঠাৰ পিছত মুখ শুকাই থাকে ।
এনেবোৰ লক্ষণ পালে নতুন পুৰণি দুইবিধ অজীৰ্ণ ৰোগত Pulsatila ব্যৱহাৰ হয় ।
VUX-VOMICA– নতুন আৰু পুৰণি অজীৰ্ণ ৰোগত ব্যৱহাৰ হোৱা আন এবিধ হোমিও ঔষধ হৈছে Nux-Vomica ।
অতিৰিক্ত মছলা,দলকীয়া খাোৱাৰ ফলত, ৰাতি টোপনি খতি কৰা ইত্যাদি কাৰণত অজীৰ্ণ ৰোগ হলে আৰু লক্ষণ মিলিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।
অজীৰ্ণ ৰোগত NUX-VOMICA ব্যৱহাৰ হোৱাৰ লক্ষণ
নতুন অজীৰ্ণ ৰোগত এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হল–জ্বালা,তিতা বা কেঁহা বমি হয় । বুকু জ্বলে । কিছুমান ৰোগীৰ গোটেই পেটটোত বা ওপৰ পেঠত বিষ হয়,ফুলে । বমি কৰিলে আৰাম পায় ।
কিছুমান ৰোগীৰ ঘনাই শৌচ হয় । সামান্য পৰিমাণে হয় আৰু শৌচ কৰাৰ পিছতো শৌচ কৰিম কৰিম লাগি থাকে ।
মন কৰিব লগীয়া যে—অতি সাৱধানে চিকিৎসা কৰিলে অনেক দিনৰ জটিল ধৰণৰ অজীৰ্ণ ৰোগও Nux-Vomicaৰ দ্বাৰা আৰোগ্য হয় ।
পুৰণি অজীৰ্ণ ৰোগত Nux-Vomica ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল খোৱাৰ দেৰ-দুই ঘণ্টাৰ পিছৰ পৰা আহাৰ হজম হোৱাৰ সময়ত পেটৰ ভিতৰত অশান্তি কৰে । কিছুমান ৰোগীৰ আহাৰ খোৱাৰ দেৰ-দুই ঘণ্টাৰ পিছৰ পৰা পেটৰ ভিতৰত ভয়ানক বিষ হয় । বমি কৰিলেহে আৰাম পায় ।
এনে ধৰণৰ ৰোগীৰ চিকিৎসা কৰিব লগা হলে Nux Vomicaৰ C.M. বা 10 m ৰ তলৰ ক্ষমতাৰ ঔষধ ব্যৱহাৰ কৰিলে কোনো উপকাৰ নহয় ।
Nux-Vomica ৰ পিছত যদি প্ৰয়োজন হয় বা আংশিক ৰোগ থাকি যায় তেন্তে Sulphur ব্যৱহাৰ ব্যৱহাৰ কৰিব লাগে ।
আজিকালি অজীৰ্ণ ৰোগত ভুগি থকা ৰোগী প্ৰায়ে পোৱা যায়। পুৰণি ৰোগীৰ ওপৰত Lower Potencyৰ ঔষধ ব্যৱহাৰ কৰিলে কোনো ফল নধৰে ।
Nux-Vomicaৰ দ্বাৰা ৰোগী আৰোগ্য নহলে Carbo-Veg C.M. ব্যৱহাৰ কৰিব লাগে ।
Carbo Veg– অজীৰ্ণ ৰোগৰ চিকিৎসাত হোমিওপেথিকৰ ই এক মহৌষধ বুৱিব পাৰি । নতুন হওক পুৰণি হওক সকলো ধৰণৰ অজীৰ্ণ ৰোগৰ চিকিৎসাত Carbo Veg ব্যৱহাৰ হয় ।
বহু দিন ধৰি অজীৰ্ণ ৰোগত ভুগি থকা ৰোগী পালে আৰু আন ঔষধৰ লক্ষণ যদি নিমিলে তেন্তে Carbo Veg C.M.ক্ষমতাৰ ঔষধ ব্যৱহাৰ কৰিব লাগে ।
মন কৰিব লগীয়া যে আন ঔষধ প্ৰয়োগ কৰি অজীৰ্ণ ৰোগ সম্পূৰ্ণ আৰোগ্য নহ’লে বা আন ঔষধ লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিও যদি ফল পোৱা নেযায়,বিশেষকৈ Nux-Vomica ব্যৱহাৰ কৰিও যদি কোনো উপকাৰ নহয় তেন্তে Carbo Veg ব্যৱহাৰ কৰিব লাগে । কিন্তু “Kreosotum”ৰ আগত বা পাছত Carbo Veg ব্যৱহাৰ কৰিব নেলাগে ।
অজীৰ্ণ ৰোগত Carbo Veg ব্যৱহাৰ হোৱাৰ লক্ষণ
Carbo Veg ব্যৱহাৰ কৰাৰ মূল লক্ষণ হৈছে– ৰোগ নতুন হওক পুৰণি হওক ওপৰৰ পেট ফুলে বা গধুৰ অনুভৱ হয় । খোৱাৰ পিছতে অশান্তি বাঢ়ে । কিছুমান ৰোগীৰ ওপৰ পেটৰ বাওঁফালে বিষ থাকে । এই বিষ শুলে বেছি হয় । খাদ্য হজম নহয় । ৰোগী দুৰ্বল হৈ পৰে ।
Carbo Veg ব্যৱহাৰ কৰিব লগা কিছুমান ৰোগীৰ বমি হয় । বমিত পচা গন্ধ থাকে । তিতা,কেঁহা,জ্বলা,টেঙা বমি হয় ।
বমি যেনিকুৱাই নহওক ওপৰ পেট ফুলা থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । উগাৰ আহিলে পেটফুলা কিছু আৰাম পায় । অজীৰ্ণ ৰোগত পেট ফুলাৰ লগত পনীয়া অতিশাৰ হ’লে আৰু অতিশাৰ হৈ থকা স্বত্বেও পেটফুলা নকমিলে Carbo Veg ব্যৱহাৰ কৰিব লাগে ।
নতুন অজীৰ্ণ ৰোগত শৌচ নহলে Lycopodium ব্যৱহাৰ হয় ।
অজীৰ্ণ ৰোগত Lycopodium ব্যৱহাৰ হোৱাৰ লক্ষণ
Lycopodium-নতুন ৰোগ হওক বা পুৰণি ৰোগ হওক টেঙা বমি,টেঙা উগাৰ,দাঁত-মুখ টেঙা লগা থাকিলে Lycopodium ব্যৱহাৰ কৰিব লাগে । 3x বা 6x শক্তিৰ ঔষধ দিনে তিনি চাৰিবাৰ খাবলৈ দিব লাগে ।
মন কৰিব লগীয়া যে টেঙা বমি,টেঙা উগাৰ আদি থাকিলে Ipeccac, Pulsatila আদি ব্যৱহাৰ কৰি একো উপকাৰ পোৱা নেযায় ।
Lycopodiumৰ তল পেটত ফুলা থাকেআৰু কেতিয়াবা তল পেটত বিষ হয় ।
China– অতিৰিক্ত ফল-মূল খাই অজীৰ্ণ ৰোগ হলে সাধাৰণতে China ব্যৱহাৰ হয় ।
অজীৰ্ণ ৰোগত China ব্যৱহাৰ হোৱাৰ লক্ষণ
China ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ পেটৰ ভিতৰত অতিৰিক্ত বায়ু জমা হয় আৰু পেটত টুকুৰিয়ালে ধুপ-ধুপ শব্দ হয় । শৌচ কৰোতে অতিৰিক্ত বায়ু যায় । এনে লক্ষণ থাকিলে অৱশ্যে Argent Nit আৰু Calcaria Phosও ব্যৱহাৰ হয় ।
China ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ খোৱাৰ পিছতেই গোটেই পেটটো ফুলে । আহাৰ হজম হোৱাৰ লগে লগে আৰাম পায় ।
খোৱাৰ লগে লগে পেট ফুলিলে আৰু আহাৰ হজম হোৱাৰ লগে লগে পেট জামৰিলে Lycopodium আৰু Natrum Mur ও ব্যৱহাৰ হয় ।
Lycopodium ত সামান্য খাদ্য খালেই পেট ভৰে । Natrum Murত জিভাৰ আগত জ্বলা-পোৰা কৰে বা জিভা ফাটে ।
খাওক বা নেখাওক সকলো সময়তে যদি পেট ফুলা থাকে তেন্তে Hydrastis Can নামৰ ঔষধ ব্যৱহাৰ হয় ।
ৰোগীৰ যদি পাইলচ অৰ্থাৎ অৰ্শ ৰোগ থাকে আৰু গোটেই পেটটো বা পেটৰ এফালে ফুলা থাকে তেন্তে Aesculus Hip ব্যৱহাৰ হয় ।
China আৰু Carbo Vegৰ পাৰ্থক্য
Chinaত উগাৰ আহে কিন্তু উগাৰ আহিলেও কোনো উপশম নহয় । Carbo Vegত উগাৰ আহিলে কিছু আৰাম পায় ।
China ব্যৱহাৰ হোৱা ৰোগীৰ খোৱাৰ পিছতে গোটা কিবা এটা বুকুৰ মাজলৈ উঠে আৰু উশাহ নিশাহ বন্ধ হৈ যোৱাৰ দৰে লাগে । বুকু জ্বলে । Pulsatillaতো খোৱাৰ পিছত বা আন সময়ত বুকুৰ মাজলৈ গোটা কিবা এটা উঠি অহা থাকে ।আচলতে এই গোটা কিবা এটা আন একো নহয় । ই হৈছে পেটৰ ভিতৰত জমা হোৱা গেছ ।( আগলৈ..)
1 thought on “আপুনি জানেনে অতিপাত গৰম পৰাৰ বাবেও অজীৰ্ণ ৰোগ হ’ব পাৰে ?”
Comments are closed.