জ্বৰ আৰু মূৰৰ বিষত ব্য়ৱহাৰ হোৱা হোমিওপেথিকৰ এটা অতি ফলপ্ৰসু ঔষধ হৈছে বেলাডোনা (Belladonna)
বেলাডোনাৰ জ্বৰত ৰোগীৰ মূৰত হাতুৰীয়ে মৰাৰ দৰে প্ৰচণ্ড বিষ হয় । জ্বৰ মূৰত উঠে । বাঘ -ভালুক আদি হিংস্ৰ জন্তু দেখে । এনে লক্ষণ পালে বেলাডোনা সময় মতে ব্য়ৱহাৰ কৰিলে মূৰৰ বিষ আৰু জ্বৰৰ উপশম হয় ।
ভাইৰাচ জনিত ৰোগৰ চিকিৎসাত বেলাডোনা অতি ফলপ্ৰসু ঔষধ । বিশেষকৈ পিঠাখোৱা ৰোগ (mumps) আৰু ফ্লুৰ চিকিৎসাত বেলাডোনা অতি অব্য়ৰ্থ ঔষধ । কৰোণা ভাইৰাচৰ লক্ষণ পালেও বেলাডোনাই আৰোগ্য কৰে ।
মূৰৰ বিষ আৰু জ্বৰৰ বাবে Belladonnaৰ ব্যৱহাৰ:
বেল্লাডোনা যাক এট্ৰোপা বেল্লাডোনা বা মাৰাত্মক নাইটশ্বেড বুলিও জনা যায়, বহু কালৰে পৰা পৰম্পৰাগতভাৱে মূৰৰ বিষ আৰু জ্বৰৰ আদি বিভিন্ন ৰোগৰ হোমিওপেথিক চিকিৎসাত ব্যৱহাৰ কৰা হৈ আহিছে । মনত ৰাখিব লগীয়া যে যধে-মধে ব্যৱহাৰ কৰিলে ই অতি বিষাক্ত । এই বিষাক্ত গুণ থকা স্বত্বেও, হোমিওপেথিক নিয়মেৰে লঘূ কৰি প্ৰস্তুত কৰিলে বেলাডোনাই বিশেষকৈ প্ৰদাহ আৰু হঠাতে আৰম্ভ হোৱা ৰোগ (inflammation and sudden onset of illnesses )ৰ সৈতে জড়িত লক্ষণসমূহ উপশম কৰাত উল্লেখযোগ্য চিকিৎসামূলক সুবিধা আগবঢ়াব পাৰে ।
বেলাডোনা আৰু মূৰৰ বিষ
হোমিওপেথীত তীব্ৰ মূৰৰ বিষৰ চিকিৎসাৰ বাবে প্ৰায়ে বেলাডোনাক ব্যৱহাৰ কৰা হয়, বিশেষকৈ যিবোৰ মূৰৰ বিষ হঠাতে আৰম্ভ হয় আৰু তীব্ৰ ৰূপ ধাৰণ কৰে । এই মূৰৰ বিষৰ লক্ষণ হৈছে ধিপিং ধিপংকৈ মূৰত হাতুৰি আদিৰে মৰাৰ দৰে বিষ অনুভৱ হয় আৰু প্ৰচণ্ড বিষ হয় । এই মূৰৰ বিষক প্ৰায়ে স্পন্দনশীল বুলি বৰ্ণনা কৰা হয় আৰু তীব্ৰ পোহৰ পালে, শব্দ শুনিলে বা লৰ-চৰ কৰিলে (aggravated by light, noise, or movement ) ই বেছি হয় । বেলাডোনা আটাইতকৈ অধিক কাৰ্যকৰী হয় যেতিয়া মূৰৰ বিষত মূৰত পূৰ্ণতা বা চাপৰ (feeling of fullness or pressure in the head) অনুভৱ হয় । এই লক্ষণসমূহ হঠাতে আৰম্ভ হয় আৰু দ্ৰুত আৰু তীব্ৰভাৱে দেখা দিয়ে । এই লক্ষণৰ লগত প্ৰায়ে ছালৰ ৰং ৰঙা দেখা যায় ।
বেলাডোনাই ৰক্তবাহী নলীৰ প্ৰসাৰণক লক্ষ্য কৰি কাম কৰে, যিটো ধিপিং ধিপিংকৈ মৰা মূৰৰ বিষ বিশেষকৈ মাইগ্ৰেইনৰ অন্যতম কাৰণ । ই ৰক্তবাহী নলীৰ প্ৰদাহ কমায় আৰু ইয়াক শান্ত কৰি বিষৰ উপশম ঘটায় বুলি ভৱা হয় । সেয়ে উজ্জ্বল পোহৰ বা গৰমৰ সংস্পৰ্শৰ ফলত বেছি হোৱা মূৰৰ বিষত বেলাডোনা বিশেষভাৱে বাবে উপযোগী হয় । লগতে অস্থিৰতা আৰু খিংখিঙীয়া মানসিক অৱস্থাৰ সৈতে হোৱা মূৰৰ বিষৰ বাবেও ই উপযোগী ।
বেলাডোনা আৰু জ্বৰ
মূৰৰ বিষৰ উপৰিও বেলাডোনা জ্বৰৰ চিকিৎসাতো সঘনাই ব্যৱহাৰ কৰা হয়, বিশেষকৈ যিবোৰ জ্বৰ দ্ৰুতগতিত হয় আৰু তাৰ লগত গৰম, শুকান ছাল আৰু মুখখন ৰঙা পৰা হয় ( comes on rapidly and are accompanied by a hot, dry skin and a flushed face)। হোমিওপেথিক প্ৰেকটিছত হঠাতে উচ্চ উষ্ণতাৰ সৈতে দেখা দিয়া জ্বৰৰ বাবে বেলাডোনা ব্যৱহাৰ কৰাটো বাঞ্ছনীয়, বিশেষকৈ যেতিয়া ৰোগীৰ দেহত ঘাম নাথাকে, আৰু ৰোগীয়ে অত্যন্ত উষ্ণতা অনুভৱ কৰে কিন্তু দেহ ঠাণ্ডা থাকে।
যিবোৰ জ্বৰ ফ্লু বা ওপৰ শ্বাস তন্ত্ৰ সংক্ৰমণৰ সৈতে জড়িত,তেনে জ্বৰৰ চিকিৎসাৰ বাবে বেলাডোনাক আদৰ্শ বুলি গণ্য কৰা হয়। ই শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষাক উদ্দীপিত কৰি শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ আৰু প্ৰদাহ হ্ৰাস কৰে । স্নায়ুৰ প্ৰদাহ নিৰাময় কৰা আৰু জ্বৰ কমোৱাৰ ক্ষমতাই ইয়াক হঠাতে, তীব্ৰ লক্ষণ যেনে অস্থিৰতা, ভ্ৰম আৰু উজ্জ্বল ৰঙা ছালৰ সৈতে উদ্ভৱ হোৱা উচ্চ জ্বৰৰ ক্ষেত্ৰত ইয়াক এক অতি আৱশ্যকীয় ঔষধৰ মৰ্য্যদা প্ৰদান কৰিছে ।।
সুৰক্ষা আৰু বিবেচনা
মূৰৰ বিষ আৰু জ্বৰৰ চিকিৎসাৰ বাবে হোমিওপেথিক মাত্ৰাত বেলাড’না ফলপ্ৰসূ হ’ব পাৰে যদিও স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ নিৰ্দেশনাত ইয়াক ব্যৱহাৰ কৰাটো নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ । বিশেষকৈ কাৰণ এই উদ্ভিদবিধ কেঁচা ৰূপত অতি বিষাক্ত। অৱশ্যে বেলাডোনাৰ হোমিওপেথিক প্ৰস্তুতি ইমানেই লঘূ কৰা হয় যে কোনো বিষাক্ত যৌগ নাথাকে, কিন্তু অনিয়ন্ত্ৰিত বা অনুচিতভাৱে প্ৰস্তুত কৰা পদাৰ্থৰ অপব্যৱহাৰ বিপজ্জনক হ’ব পাৰে ।
উপসংহাৰ
হোমিওপেথিক ঔষধৰ যদিও কোনো পাৰ্শ্ব ক্ৰিয়া নাই তথাপি কিছু ঔষধ বিশেষকৈ উচ্চ শক্তিৰ ঔষধ যধে-মধে ব্যৱহাৰ কৰিলে ক্ষতি কৰিব পাৰে । সেয়ে সুদক্ষ আৰু অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ লগত পৰামৰ্শ কৰিহে হোমিও ঔষধ খোৱা উচিত ।
এই লেখনিৰ দ্বাৰা মাত্ৰ সজাগতা সৃষ্টিৰহে চেষ্টা কৰা হৈছে । ই কোনো ঔষধৰ পৰামৰ্শ নহয় । আমাৰ লেখা পঢ়াৰ পূৰ্বে আমাৰ ৱেবচাইটৰ চৰ্ত আৰু নিয়মাৱলী তথা ৱেবচাইটৰ ঘোষণা পঢ়ি ল’বলৈ অনুৰোধ জনাওঁ । অধিক জানিবলৈ ৱেবচাইটৰ ঘোষণা পঢ়ক–Site disclaimer