হোমিওপেথিক চিকিৎসাত মাম্পচ বা পিঠাখোৱা ৰোগ অতি সহজে আৰোগ্য হয়

মাম্পচ বা পিঠাখোৱা ৰোগৰ হোমিও চিকিৎসা

মাম্পচ এবিধ ভাইৰাচ জনিত ৰোগ । ই এক প্ৰকাৰ বসন্ত সদৃশ ৰোগ ।

মাম্পচৰ লক্ষণ

এই ৰোগত প্ৰথমে কাণৰ কাষত গালৰ এফালে উখহে । দুই এদিনৰ ভিতৰত গোটেই গালখন উখহে । কেতিয়াবা এখন গাল আৰু কেতিয়াবা দুইখন গাল উখহে । গাল উখহিলে সাধাৰণতে বিষ হয় । কিন্তু কেতিয়াবা বিষ নহ’বও পাৰে । এই ৰোগ কেতিয়াবা Epidemic ( সোঁচৰা ৰোগ ) ভাবে প্ৰকাশ পায় ।

এই ৰোগ হ’লে কিছুমান ৰোগীৰ জ্বৰ হয় কিছুমানৰ জ্বৰ নহয় ।

মাম্পচৰ চিকিৎসাত বেল্লাডোনাৰ(Belladona) ব্যৱহাৰ


Check Prices on Amazon

প্ৰথম অৱস্থাত বেল্লাডোনা ব্যৱহাৰ কৰিলে এই ৰোগ এদিনতে আৰোগ্য হয় । ৰোগ আৰম্ভ হওঁতেই Belladonaৰ 200X শক্তিৰ এখোৰাক বা দুইখোৰাক খাবলৈ দিলে এই ৰোগ আৰোগ্য হয় । আন ঔষধৰ প্ৰয়োজন নহয় ।

মাম্পচৰ চিকিৎসাত বেৰিটা মিউৰ (Baryta Mur)ৰ ব্যৱহাৰ

ৰোগ যদি দুই এদিনৰ পুৰণি হয়, তেন্তে Baryta Mur 200X শক্তিৰ এক বা দুই এখোৰাক ব্যৱহাৰ কৰিব লাগে ।

বেৰিটা মিউৰ ব্যৱহাৰ কৰিও যদি ৰোগ আৰোগ্য নহয় তেন্তে Belladona ব্যৱহাৰ কৰিব লাগে ।

নতুন ৰোগত Belladona ব্যৱহাৰ কৰি যদি ৰোগ আগবাঢ়ি থাকে তেন্তে Baryta Mur ব্যৱহাৰ কৰিব লাগে ।

এই ৰোগত Lower Potencyৰ ঔষধ ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হওঁতে পলম হয় । সেয়ে 200X, 10 (M) বা C.M. শক্তিৰ ঔষধ ব্যৱহাৰ কৰিলে আধা ঘণ্টা মানৰ ভিতৰতে ৰোগ আৰোগ্য হয় ।

অসমৰ জনসমাজত এক বিশ্বাস প্ৰচলিত আছে যে গাল উখহা বা মাম্পচ ৰোগ হ’লে চাউলৰ পিঠা খুন্দি সেই পিঠা পানীত তিয়াই লৈ যিখন গাল উখহে সেই গালত প্ৰলেপ দি ৰখা হয় । সেয়ে এই ৰোগক পিঠা খোৱা ৰোগ বোলে ।

সাধাৰণতে পিঠা খোৱা বা মাম্পচ ৰোগ নিজেই আৰোগ্য হয় । কিন্তু কেতিয়াবা ই আৰোগ্য ন’হৈ বা ভুল চিকিৎসাৰ ফলত ই দেহৰ ভিতৰলৈ গতি কৰে । দেহৰ ভিতৰলৈ এই ৰোগ সোমাই যোৱাৰ ফলত দেহৰ আন অংগত ই বেলেগ লক্ষণেৰে দেখা দিয়ে । যেনে মাইকী মানুহৰ ক্ষেত্ৰত এই ৰোগ দেহৰ ভিতৰলৈ বহি গ’লে স্তন অৰ্থাৎ Breast আক্ৰান্ত হ’ব পাৰে । ফলত স্তন উখহে । মতা মানুহৰ ক্ষেত্ৰত এই ৰোগ দেহৰ ভিতৰলৈ বহি গ’লে ই অণ্ডকোষত আক্ৰমণ কৰে আৰু অণ্ডকোষ উখহে ।

সুচিকিৎসা নকৰিলে এই অৱস্থা অতি মাৰাত্মক হ’ব পাৰে । অণ্ডকোষ উখহাৰ ফলত ৰোগীৰ এই ৰোগত মৃত্যুও হ’ব পাৰে ।

12 thoughts on “হোমিওপেথিক চিকিৎসাত মাম্পচ বা পিঠাখোৱা ৰোগ অতি সহজে আৰোগ্য হয়”

  1. Its like you read my mind! You appear to know so much about this, like you wrote the book in it or
    something. I think that you could do with some pics to drive the message home a little bit, but other than that,
    this is excellent blog. An excellent read.
    I will certainly be back.

  2. It’s amazing to pay a quick visit this web page and reading the views of all friends regarding this post, while I
    am also zealous of getting know-how.

  3. Hi there very nice blog!! Guy .. Beautiful ..
    Superb .. I’ll bookmark your blog and take the feeds also? I am glad
    to seek out a lot of useful information here within the post, we’d like develop extra strategies on this regard, thank you
    for sharing. . . . . .

  4. I just like the helpful information you supply in your articles.
    I’ll bookmark your weblog and test again here regularly.
    I’m relatively certain I will be informed a
    lot of new stuff right here! Good luck for the next!

Comments are closed.