জ্বৰত ভেৰেট্ৰাম ভিৰাইড (Veratrum Viride) ৰ ব্যৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride )

জ্বৰত আন দৰৱৰ ক্ষেত্ৰত উল্লেখ কৰা সাধাৰণ লক্ষণবোৰৰ লগতে যদি তেজৰ দৰে ৰঙা বৰণৰ কম প্ৰস্ৰাৱ হয় তেন্তে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) ব্য়ৱহাৰ কৰিব লাগে ।

ভেৰেট্ৰাম ভিৰাইডৰ মূল লক্ষণবোৰ হৈছে ৰোগী কাজিয়া প্ৰিয় ( Quarrelsome) আৰু ভ্ৰময়ুক্ত ( delirious )

জিভা বগা বা হালধীয়া

মূৰত ৰক্ত প্ৰবাহ হেঁচা ( Blood Congestion in the head) অনুভৱ হয় ।

পানী পিয়াহ থাকে । মূৰ ঘূৰায় আৰু বমি হব পাৰে ।

পাল্চ ধীৰ,নৰম আৰু কোমল ।

উশাহ-নিশাহ লোৱাত কষ্ট থাকিব পাৰে ।

পুৱাৰ ভাগত দেহত ঠাণ্ডা লাগে কিন্তু সন্ধ্য়া গৰম উঠে ।

দেহত ঘা বা ফোঁহা আদি পকি জ্বৰ হয় ।

এনেবোৰ লক্ষণ পালে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) ব্য়ৱহাৰ কৰিব লাগে ।