হোমিও ঔষধেৰে পেট কামুৰণিৰ চিকিৎসা

হোমিওপেথিক চিকিৎসাত পেট কামুৰণি অতি সোনকালে নিৰাময় হয়

পেটৰ বিষ ইংৰাজীত যাক কোৱা হয় “Colic Pain” বিভিন্ন কাৰণত হয় ।

কোনো যান্ত্ৰিক ৰোগৰ পৰিবৰ্ত্তণ নঘটাকৈ বতৰ পৰিবৰ্ত্তন বা ঠাণ্ডা গৰম পেটৰ ভিতৰলৈ সোমাই যি পেট কামুৰণি হয় তাকেই প্ৰকৃত পেট কামুৰণি বোলে ।

যদি কোনো যান্ত্ৰিক ৰোগৰ বিকৃতি ঘটি পেট কামুৰণি হয় তেন্তে সেই মূল ৰোগৰহে চিকিৎসা কৰিব লাগে ।

সাধাৰণ পেট কামুৰণিত সামান্য জ্বৰ,অতিশাৰ বমি আদি উপসৰ্গ হিচাপে হ’ব পাৰে ।

পেট কামুৰণিৰ হোমিওপেথিক ঔষধ

CHAMOMILA : ল’ৰা-ছোৱালীৰ পেট কামুৰণিত এই ঔষধটো সাধাৰণতে বেছি ব্যৱহাৰ হয় ।

এই ঔষধৰ লক্ষণ হৈছে– পেট কামোৰণিৰ বাবে ল’ৰা-ছোৱালীবোৰে সকলো সময়তে পেনপেনাই আমনি কৰি থাকে । কোলাত উঠি ফুৰিবলৈ বিচাৰে । সকলো সময়তে খং ভাব দেখুৱায় । খেলাৰ বস্তু দিলে বা যিবোৰ বস্তু সাধাৰণতে ভাল পায় তেনে বস্তু দিলে দলিয়াই পেলায় । এই লক্ষণ পালে Chamomila ব্যৱহাৰ কৰিব লাগে ।

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া কিছুমান লৰা-ছোৱালীৰ পেট কামোৰণিৰ উপসৰ্গ হিচাপে জ্বৰ থা থাকে বা জ্বৰৰ উপসৰ্গ হিচাপে পেট কামোৰণি থাকে । মূৰত ঘাম থাকে ।

কিছুমান ল’ৰা-ছোৱালীৰ পেটটো সামান্য ফুলা বা অতিৰিক্ত ফুলা থাকে । লগতে অতি দুৰ্গন্ধযুক্ত শৌচ হয় । শৌচ দ্বাৰত ছাল ছিগে বা ঘা হয় ।

প্ৰায় বিলাক ৰোগত Chamomila ব্যৱহাৰ কৰাৰ লক্ষণ হল ল’ৰা-ছোৱালীবিলাকে শুবলৈ বিচাৰে কিন্তু শুবলৈ চেষ্টা কৰিলে শৰীৰটো জিকাৰ খাই সাৰ পায় উঠে ।

( মন কৰিব লগীয়া Belladona আৰু Stramoniumৰ ৰোগীও শুবলৈ বিচাৰিলে শৰীৰটো জিকাৰ খাই সাৰ পাই উঠে । Belladona প্ৰবল জ্বৰত আৰু Stramonium টাইফইড জ্বৰত ব্যৱহাৰ হয় ।)

COLOCYNTHIS: ল’ৰা-ছোৱালীৰ পেট কামোৰণিত এই ঔষধটোও ব্য়ৱহাৰ হোৱা পোৱা যায় ।

এই ঔষধৰ লক্ষণ হ’ল ল’ৰা-ছোৱালী বিলাকে ওপৰলৈ মুখ কৰি শুলে পেট কামোৰণিৰ কাৰণে ভৰি দুয়োখন পেটৰ ফালে চপাই আনে। তললৈ পেট পেলাই শুলে আৰাম পায় বা কোলাত ললে পেটটো হেঁচা মাৰি ধৰিলে আৰাম পায় আৰু আমনি নকৰে ।

কুঁজা হ’লে বা পেটটোত হেঁচি ধৰিলে যদি পেট কামোৰণি আৰাম পায় তেন্তে সেই পেট কামোৰণি পেলুৰ কাৰণে হৈছে বুলি ধৰিব লাগে । এনে ধৰণৰ পেট কামোৰণিত COLOCYNTHIS দ্বাৰা উপকাৰ হয় ।

COLOCYNTHIS ৰ ৰোগীৰ পেট কামোৰণিৰ লগত শৌচ বা বমিও কেতিয়াবা হয়।

আগলৈ…