সায়াটিকা স্নায়ু (Sciatica Nerve) হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু দীঘল স্নায়ু। এই স্নায়ুডাল কঁকালৰ তলফালৰ তপিনাৰ ওপৰৰ ৰাজহাড় (lumbar spine)ৰ পৰা আৰম্ভ কৰি নিতম্ব, নিতম্বৰ চাৰিওফালে আৰু ভৰিৰ তললৈকে যোৱা এক প্ৰধান স্নায়ু। এই স্নায়ুৰ যিকোনো সমস্যা বা চাপৰ ফলত সায়াটিকা নামৰ এক বেদনাদায়ক অৱস্থা সৃষ্টি হ’ব পাৰে।
সায়েটিকা বিভিন্ন কাৰণত হয় । কিছু কাৰণ অনুমান কৰা কঠিন ।
সায়েটিকাৰ কাৰণ
সায়েটিকাৰ প্ৰধান কাৰণ বিলাক হ’ল-
- শৌচ কঠিন হোৱাৰ বাবে শৌচ কৰোঁতে সায়েটিকা নাৰ্ভৰ ওপৰত হেঁচা পৰাৰ বাবে ।
- অতিৰিক্ত ঠাণ্ডা বা জেকা মাটিত শোৱাৰ বাবে ।
- গৰ্ভধাৰণ অৱস্থাত ভ্ৰূণৰ সায়েটিকা নাৰ্ভৰ ওপৰত হেঁচা পৰাৰ বাবে ।
- বাতবিষৰ বিষ পৰিচালিত হৈ সায়েটিকা হ’ব পাৰে ।
সায়েটিকাৰ লক্ষণ
সায়েটিকাৰ বিষ হ’লে কঁকালৰ তলৰ পৰা আঁঠুৰ পিছফাললৈকে বা গোৰোহালৈকে বিষ হয় । কিছু সময় বহাৰ পাছত বহাৰ পৰা উঠিলে,খোজ কাঢ়িলে বা বহি থাকোতে টনা-আজোঁৰা কৰা বিষ হয় । খোজ কাঢ়িলে টানি ধৰা বিষৰ বাবে বহি দিব লগা হয় ।
কিছুলোকৰ ৰাতি শুলে অতিৰিক্ত বিষ হয় আৰু বিষৰ কাৰণে টোপনি যাব নোৱাৰে ।
সাধাৰণতে সায়েটিকা নাৰ্ভ প্ৰায়ে বাওঁফালে আক্ৰান্ত হয় । কেতিয়া দুয়োফালৰ সায়েটিকা নাৰ্ভ আক্ৰান্ত হয় ।
কেতিয়াবা সায়েটিকাৰ বিষ ক্ৰমান্বয়ে বেছি হয় আৰু কেতিয়াবা হঠাৎ বিষ উৎপত্তি হয়।
প্ৰথমে যদি সুচিকিৎসা কৰা নহয়,সায়েটিকা ৰোগ পুৰণি আকাৰ ধাৰণ কৰিলে কিছু লোকৰ আক্ৰান্ত হোৱা ফালে বা দুয়োফালে ভৰি আৰু তপিনা ক্ষীণ হৈ পৰে ।
সায়েটিকা বিষৰ হোমিওপেথিক চিকিৎসা
হোমিওপেথিকত সায়েটিকাৰ ফলপ্ৰসূ চিকিৎসাৰ ব্যৱস্থা আছে । তলত সায়েটিকা ৰোগত ব্যৱহাৰ হোৱা কিছুমান ঔষধৰ বিষয়ে আলোচনা কৰা হৈছে-
ক’ল’সিন্থিস (Colocynthis): এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ ভৰিত সিৰামুৰি ধৰে । টানি ধৰাৰ দৰে সায়েটিকা নাৰ্ভ আৰু তপিনাত বিষ হয় ।
কিছুমান ৰোগীৰ সায়েটিকা নাৰ্ভত স্ক্ৰুৰে বা কিবা জোঙা বস্তুৰে খোঁচাৰ দৰে বিষ হয় । যিফালে বিষ হয় সেইফালে হেঁচা মাৰি শুব লগীয়া হয় ।
কিছুমান ৰোগীৰ তীব্ৰগতিত হোৱা সায়েটিকা নাৰ্ভৰ বিষ আঠুৰ পাছফালে আৰু সমগ্ৰ ভৰিলৈ পৰিচালিত হয় ।
ক’ল’সিন্থিস ব্যৱহাৰ হোৱা ৰোগীৰ সাধাৰণতে বাওঁ তপিনা,বাওঁ কৰঙণ আৰু বাওঁ আঠু বিশেষভাবে আক্ৰান্ত হয় ।
নেফালিয়াম (Gnaphalium): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ সাধাৰণতে সোঁফালৰ সায়েটিকা নাৰ্ভ বিশেষভাবে আক্ৰান্ত হয় । কটা-ছিঙা কৰাৰ দৰে, খোঁচা-বিন্ধা কৰাৰ দৰে অসহ্য বিষ হয় । ভৰিত সিৰামুৰি ধৰে আৰু কোঁচ খোৱাই নিয়ে । শুলে,খোজ কাঢ়িলে, কুঁজা হ’লে অসহ্য বিষ হয় । বহি থাকিলে কিছু আৰাম পায় ।
ব্ৰাইওনিয়া এলবা (Bryonia Alba): সায়েটিকা নাৰ্ভৰ বিষ লৰা-চৰা কৰিলে বৃদ্ধি হ’লে আৰু নিতাল মাৰি পৰি থাকিলে আৰাম পালে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
ৰাস টক্স ( Rhus Tox): যদি সায়েটিকা নাৰ্ভৰ বিষ কুটকুটনি ধৰাৰ দৰে হয় আৰু লৰ-চৰ কৰি থাকিলে বিষ আৰাম পায়,তেন্তে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
মেগনেছিয়া ফস( Magnesia Phos ): সায়েটিকা নাৰ্ভৰ টনা-আজোঁৰা কৰা,কোঁচ খোৱাই নিয়া, সিৰামুৰি ধৰা আদি নানা ধৰণৰ বিষ গৰম সেক দিলে আৰাম পালে এই ঔষধ ব্যৱহাৰ কৰা হয় । ( যদি সায়েটিকা নাৰ্ভৰ নানা ধৰণৰ বিষ ঠাণ্ডা প্ৰয়োগত আৰাম পায়,তেন্তে Arsenic Albam ব্যৱহাৰ কৰিব লাগে । সেইদৰে সায়েটিকাৰ বিষ যদি টিপি দিলে আৰাম পায়,তেন্তে Bryonia Alba ব্যৱহাৰ কৰিব লাগে ।)
কালি কাৰ্ব ( Kali Carb): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ সায়েটিকা নাৰ্ভৰ বিষ কঁকালৰ পৰা ভৰিৰ গোৰোহালৈকে ধৰে । খোজ কাঢ়িলে ভৰি কোঁচ খোৱাই আনে সেই কাৰণে বহি দিব লগা হয় । শুলেও ৰোগ বৃদ্ধি হয় ।
প্লাম্বাম মেট (Plumbum Met): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ভয়ানক শৌচ টান হয় । কেতিয়াবা কিছু দিন শৌচ নোহোৱাকৈ থাকে । যিফালৰ সায়েটিকা নাৰ্ভ আক্ৰান্ত হয়,সেইফালৰ ভৰি ক্ষী হৈ পৰে ।
সিমিসিফিউগা (Cimicifuga) : জৰায়ু,ডিম্বকোষৰ ৰোগৰ লগত বা গৰ্ভ অৱস্থাত সায়েটিকা ৰোগ হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
নাক্স ভমিকা(Nux Vomica): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ শেষ নিশা আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে সায়েটিকা নাৰ্ভত বিষ ধৰে । বিষৰ কাৰণে বিছনাত শুই থাকোঁতে উঠি ইকাটি সিকাটি কৰিব লগীয়া হয় ।
ইন্দিগো (Indigo): সায়েটিকা নাৰ্ভৰ বিষ তপিনাৰ পৰা আঠুলৈকে পৰিচালিত হলে এই ঔষধ ব্যৱহাৰ কৰা হয় । ( এনে লক্ষণত Medorrhinum ও ব্যৱহাৰ হয় ।)
এমোনিয়াম মিউৰ ( Ammon Mur ): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ শৌচ কঠিন থাকে । তপিনাৰ পৰা ভৰিৰ গোৰোহালৈকে ভৰি কোঁচ খোৱাই আনে । ঠিৰেৰে বহি থাকিলে বিষ বৃদ্ধি হয় । খোজ কাঢ়ি ফুৰিলে বিষ কিছু কমি থাকে । শুলে বিষ আৰাম পায় । চিকিৎসাত এনে লক্ষণৰ ৰোগী প্ৰায়ে পোৱা যায় ।
ভেলেৰিয়াণা (Valeriana): দুৰ্বল স্ত্ৰীলোক বা মানসিক বিকাৰগ্ৰস্তা স্ত্ৰীলোকৰ ওপৰত সাধাৰণতে এই ঔষধ ব্যৱহাৰ হয় । Valeriana ব্যৱহাৰ হোৱা ৰোগীৰ সায়েটিকাৰ বিষ ঠিয় হ’লে,ভৰি পোন কৰিলে, আৰু খোজ কাঢ়ি আহি বহিলে বৃদ্ধি হয় । খোজ কাঢ়ি থকা অৱস্থাত বিষ আৰাম পাই থাকে ।
ভিস্কাম এলাবাম ( Viscum Album ): সকলো ধৰণৰ সায়েটিকাৰ বিষ এই ঔষধ 1(M) ক্ষমতাৰ সপ্তাহত এটাকৈ ইনজেকচন দিলে ৬/৭ টা ইনজেকচনতে আৰোগ্য হয় ।
এই ঔষধ 1(M) বা 10(M) সায়েটিকাৰ বাবে ওপৰত নিৰ্দিষ্ট হোৱা প্ৰয়োজনীয় ঔষধ 1(M) বা 10(M) ক্ষমতাৰ ইটোৰ পাছত সিটো ৬/৭ দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰিব লাগে ।
মেডোৰহিনাম (Medorrhinum): বাত বিষ হোৱাৰ পিছত যদি সায়েটিকা হয় আৰু আন ঔষধ ব্যৱহাৰ কৰি বিফল হ’লে এই ঔষধ কিছুদিন ব্যৱহাৰ কৰিব লাগে ।
সকলো ধৰণৰ বাতৰোগত আন ঔষধ ব্য়ৱহাৰ কৰি সম্পূৰ্ণ আৰোগ্য নহ’লে Medorrhinum ব্যৱহাৰ কৰিব লাগে ।
এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণবোৰ হ’ল-
- গাঁঠিবাত বা সন্ধিবাতত গাঁঠিবোৰ ফুলি পানী সোমোৱাই থোৱা মোনাৰ দৰে দেখালে ।
- খোজ কাঢ়িলে তপিনাৰ পৰা আঁঠুলৈকে সায়েটিকাৰ বিষ হ’লে । ( এই লক্ষণত Indigo ব্যৱহাৰ হয় ।) ভৰি গধূৰ হোৱাৰ বাবে ঠিৰেৰে খোজ কাঢ়িব নোৱাৰিলে ।
- সকলো ধৰণৰ বাত বেমাৰত ৰাতি ভৰিত কুট কুটনি ধৰা বিষ হ’লে আৰু সেইবাবে টোপনি নাহিলে Medorrhinum ব্যৱহাৰ কৰিব লাগে ।
( মন কৰব লগীয়া জৰায়ু বা ডিম্বকোষৰ ৰোগৰ বাবে স্ত্ৰীলোক সকলৰ ৰাতি শুলে ভৰিত কুটকুটনি ধৰা বিষ হ’লে আৰু সেইবাবে টোপনি নাহিলে Helonias Doica ব্যৱহাৰ হয় । ইনফ্লুয়েঞ্জাৰ বাবে কুটকুটনি ধৰিলে ইনফ্লুয়েঞ্জাৰ ঔষধ ব্যৱহাৰ কৰিব লাগে ।)
কষ্টিকাম ( Causticum) : এফালে বা দুয়োফালে সায়েটিকা নাৰ্ভ আক্ৰান্ত হৈ ভৰি কোঁচ খাই গ’লে, ভৰি মেলিব কোঁচাব নোৱাৰিলে এই ঔষধ ব্যৱহাৰ হয় । কষ্টিকামৰ পিছত সম্পূৰ্ণ ৰোগ আৰোগ্য হ’বলৈ সালফাৰ ব্যৱহাৰ কৰিব লাগে । ( ভৰি কোঁচ নেখাই ভৰি কোঁচ খোৱাৰ দৰে অনুভৱ কৰিলে Ammon Mur ব্যৱহাৰ হয় ।)