বাত ৰোগ
বাত ৰোগ দুই প্ৰকাৰৰ
- নতুন সন্ধিবাত
- পুৰণি সন্ধিবাত
নতুন সন্ধিবাত
সন্ধিবাতত প্ৰথমে আঁঠু আক্ৰান্ত হয় । ক্ৰমান্বয়ে ইটোৰ পিছত সিটো সন্ধি ফুলিবলৈ ধৰে । বিষ এটা সন্ধিৰ পৰা আন এটা সন্ধিলৈ পৰিচালিত হয় । বিষৰ কাৰণে হাত-ভৰি লৰাব নোৱাৰে । ইকাটি-সিকাটি হ’ব নোৱাৰে । ১০৪/ ১০৫ ডিগ্ৰীলৈকে জ্বৰ উঠে । মন কৰিব লগীয়া যে নতুন সন্ধিবাতত প্ৰায়ে বিষ পৰিচালিত হৈ হৃৎপিণ্ড আক্ৰান্ত হয় । সেয়ে নতুন বাতবিষত সকলো সময়তে হৃৎপিণ্ডক পৰীক্ষা কৰি থাকিব লাগে আৰু অতি সাৱধানে চিকিৎসা কৰিব লাগে ।
পুৰণি বাতবিষ
পুৰণি সন্ধিবাত দুবিধ ।
- ক্ৰনিক ম্যাস্কিউলাৰ ৰিউমেটিজম( Chronic Muscular Rheumatism )
- ক্ৰনিক আৰ্টিকিউলাৰ ৰিউমেটিজম ( Chronic Articular Rheumatism )
ক্ৰনিক ম্যাস্কিউলাৰ ৰিউমেটিজম( Chronic Muscular Rheumatism )ত কেৱল সাংস পেশী আক্ৰান্ত হয় । ক্ৰনিক আৰ্টিকিউলাৰ ৰিউমেটিজম( Chronic Articular Rheumatism)ত সাধাৰণতে নতুন সন্ধিবাতৰ উপসৰ্গবিলাক কমি পুৰণি আকাৰত কিছু থাকি যায় । বংশগত ভাবেও ক্ৰনিত আৰ্টিকিউাৰ ৰিউমেটিজম হয় । শৰীৰৰ আন কোনো ভিতৰুৱা ৰোগৰ পৰাও ক্ৰনিক আৰ্টিকিউলাৰ ৰিউমেটিজম হয় ।
গলধনৰ ,কান্ধৰ,কঁকালৰ,আঁঠুৰ,বুকুৰ হাড় আদিৰ পুৰণি বিষ ক্ৰনিক আৰ্টিকিউলাৰ ৰিউমেটিজমৰ অন্তৰ্ভুক্ত ।
নতুন বাতৰোগৰ হোমিওপেথিক চিকিৎসা
Aconite Nap: বতৰ পৰিবৰ্তনত বা হঠাৎ বাতৰোগ উৎপত্তি হ’লে আৰম্ভনিতে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
Aconite Nap ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল ৰোগী বিষৰ কাৰণে অস্থিৰ হয় । সকলো সময়তে ইকাটি সিকাটি কৰে আৰু মাজে মাজে মৰিম বুলি চিঞৰে । অদম্য পানী পিয়াহ আৰু জ্বৰ থাকে । জ্বৰত ঘাম নেথাকে ।
বাত বেমাৰৰ আৰম্ভনিতে যদি হৃৎপিণ্ড আক্ৰান্ত হয় তেন্তে Aconite Nap ব্যৱহাৰ কৰিব লাগে ।
বাত ৰোগৰ আৰম্ভনিতে যদি হৃৎপিণ্ড আক্ৰান্ত নহয় তেন্তে একোনাইট Aconite Napৰ লগত Viscum Albam ৩০ ক্ষমতাৰ ঔষধ ৩/৪ ঘণ্টাৰ মূৰে মূৰে ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিলে অতি সোনকালে বিষ আৰু আন উপসৰ্গবিলাক কমে । হৃৎপিণ্ড আক্ৰান্ত হ’লে Aconite Napৰ লগত Viscum Albam ব্যৱহাৰ কৰিব নেলাগে ।
সম্পূৰ্ণ লক্ষণৰ ওপৰত Aconite ব্যৱহাৰ কৰিও যদি ৰোগ আগবাঢ়ি থাকে,বলিয়ালি বকে, জ্বৰ থাকে কিন্তু ঘাম নোলায় আৰু তেন্তে হৃৎপিণ্ড আক্ৰান্ত নহ’লে Sulphur ৬ষ্ঠ ক্ষমতাৰ ঔষধ Viscum Albamৰ লগত ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
Aconite Nap ব্যৱহাৰ কৰি আংশিক ৰোগ আৰোগ্য হবলৈ বাকী থাকিলে Sulpher ব্যৱহাৰ কৰিব লাগে । Aconite Nap ব্যৱহাৰ কৰাৰ পিছত Kali Mur বা Bryonia Albaৰ লক্ষণ প্ৰকাশ পালে Kali Mur বা Bryonia Alba ব্যৱহাৰ কৰিব লাগে ।
ব্ৰাইওনিয়া এলবা(Bryonia Alba): বাত ৰোগৰ আৰম্ভনিতে বা একোনাইট ব্যৱহাৰ কৰাৰ পিছত এই ঔষধ ব্যৱহাৰ কৰা হয় । বাত ৰোগত ব্ৰাইওনিয়া এলবা ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল সন্ধি বিলাকত বেজিয়ে খোচাৰ দৰে বিষ হয় । সন্ধিবিলাক ফুলে আৰু সামান্য ৰঙা পৰে । জ্বৰ থাকে । বুকু আৰু হৃৎপিণ্ডত খোচা-বিন্ধা কৰা বিষ হয় । বিষ কাহিলে বা লৰ-চৰ কৰিলে বাঢ়ে । হৃৎপিণ্ড পৰীক্ষা কৰিলে ঘৰ্ষণৰ শব্দ (Friction sound) শুনা যায় । হৃৎপিণ্ড আক্ৰান্ত নহ’লে ব্ৰাইওনিয়াৰ লগত কালি মিউৰ( Kali Mur) ২/৩ ঘণ্টাৰ অন্তৰে অন্তৰে ইটোৰ পিছত সিটো ১২শ বা ৩০শ ক্ষমতাৰ ঔষধ ব্যৱহাৰ কৰিলে ৰোগ আগবাঢ়িব নোৱাৰে আৰু ৰোগ সোনকালে আৰোগ্য হয়।
যদি সম্পূৰ্ণ লক্ষণ পোৱাৰ পিছতো ব্ৰাইওনিয়া এলবা(Bryonia Alba) ব্য়ৱহাৰ কৰি কোনো ফল পোৱা নেযায়,তেন্তে ফাইটোলেক্কা(Phytolacca) ব্যৱহাৰ কৰিব লাগে ।
যদি হৃৎপিণ্ড আক্ৰান্ত হয়,তেন্তে ফাইটোলেক্কাৰ পৰিবৰ্ত্তে স্পাইজেলিয়া(Spigelia ) ব্যৱহাৰ কৰিব লাগে । ব্ৰাইওনিয়া আৰু কালি মিউৰ ব্যৱহাৰ কৰাৰ পিছত আংশিক ৰোগ থাকি গ’লে সালফাৰ(Sulpher) ব্যৱহাৰ কৰিব লাগে ।
Rhus Tox: বাত ৰোগত হৃৎপিণ্ড আক্ৰান্ত হওক বা নহওক এই ঔষধ ব্যৱহাৰ কৰা হয় ।
Rhus Tox ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল সন্দিবিলাক ফুলা থাকিলেও ৰোগীয়ে সন্ধিবিলাক লৰ-চৰ কৰি থাকিবলৈ ইচ্ছা কৰে । এইদৰে সন্ধিবিলাক লৰ-চৰ কৰি থাকিলে ৰোগীয়ে বিষ কিছু আৰাম পায় ।
Rhus Tox সম্পূৰ্ণ লক্ষণৰ ওপৰত ব্যৱহাৰ কৰিও যদি বিফল হয়, তেন্তে হৃৎপিণ্ড আক্ৰান্ত নহ’লে Phytolacca ব্যৱহাৰ কৰিব লাগে ।
Rhus Tox ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ হৃৎপিণ্ড আক্ৰান্ত হ’লে বাওঁ বাহু আৰু বাওঁ কান্ধত খোঁচা-বিন্ধা কৰা বিষ হয় ।
Mercurius Sol : বাতৰোগত এই ঔষধ ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল সন্ধি বিলাক ফুলিলেও ৰঙা নপৰে । প্ৰচুৰ পৰিমাণে ঘাম ওলায় ,জ্বৰ থাকে । কিন্তু প্ৰচুৰ পৰিমাণে ঘাম ওলালেও ৰোগ উপশম নহয় । দিনতকৈ ৰাতি উপসৰ্গবিলাক বেছি হয় ।
হৃৎপিণ্ড আক্ৰান্ত হ’লে Mercurius Sol ব্যৱহাৰ কৰিব নেলাগে । কাৰণ Mercurius Sol ৰ হৃৎপিণ্ডৰ ওপৰত ক্ৰিয়া কৰাৰ ক্ষমতা নাই ।
Belladona : বাত ৰোগৰ আৰম্ভনিতে সন্ধিবিলাক ফুলি তেজৰ দৰে ৰঙা পৰিলে আৰু সন্ধিবিলাক অতিৰিক্ত গৰম হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
Belladona ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ জ্বৰ থাকে আৰু প্ৰচুৰ পৰিমাণে ঘাম ওলায় ।
যদি হৃৎপিণ্ড আক্ৰান্ত হয়,হৃৎপিণ্ডত বিষ হয় আৰু সেই বিষ হঠাৎ উৎপত্তি আৰু হঠাৎ নিষ্পত্তি হয় । মূৰত বিষ থাকে আৰু বলিয়ালি বকে ।
মন কৰিব লগীয়ে যে নতুন বাত বেমাৰত প্ৰায়ে হৃৎপিণ্ড আক্ৰান্ত হয় । হৃৎপিণ্ড আক্ৰান্ত হ’লে সাৱধানে চিকিৎসা কৰিব লাগে ।
হৃৎপিণ্ড আক্ৰান্ত হ’লে হৃৎপিণ্ডৰ ওপৰত ক্ৰিয়া নথকা ঔষধ Mercurius Sol ,Phytolacca আদি লক্ষণ ওলালেও ব্যৱহাৰ কৰিব নেলাগে ।
নতুন বাত ৰোগত হৃৎপিণ্ড আক্ৰান্ত হ’লে Abrotanum,Arsenic Albam,Colchicum,Kalmia Latfolia,Spigelia, Aconite Nap,Belladona, Kali Iod, Rhus Tox আদি লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিব লাগে ।
নতুন বাত ৰোগৰ লগত প্ৰস্ৰাৱৰ ৰোগ আৰু হৃৎপিণ্ড আক্ৰান্ত হ’লে Lithium Carb ব্যৱহাৰ কৰিব লাগে ।
নতুন বাত ৰোগে কেতিয়াবা হৃৎপিণ্ডৰ ক্ৰিয়া নষ্ট কৰে এনে ক্ষেত্ৰত Kalimia Lat,Spigelia,Ledum আৰু বিশেষকৈ Naja ব্যৱহাৰ কৰিব লাগে ।
নতুন বাতৰোগ আৰোগ্য হ’বলৈ কেতিয়াবা ৪০/৫০ দিন লাগে । এনে ক্ষেত্ৰত লক্ষণৰ ওপৰত ঔষধ প্ৰয়োগ কৰি ঔষধৰ ক্ষমতা বঢ়াই যাব লাগে আৰু দুখোৰাক ঔষধৰ মাজৰ সময় বা দিন বহলাই ঔষধ ব্যৱহাৰ কৰিব লাগে । অৰ্থাৎ প্ৰথম অৱস্থাত যদি প্ৰত্যেক দিনে ঔষধ খাবলৈ দিয়া হয় তেন্তে পিছলৈ এদিন এৰি এদিন ঔষধ খাবলৈ দিব লাগে । এই দৰে পিছলৈ দুদিন এৰি এদিন,তিনিদিন এৰি এদিন আদিকৈ দিন বহলাই যাব লাগে । ঔষধ হঠাৎ পৰিবৰ্ত্তন কৰিব নেলাগে ।