প্ৰষ্টেট গ্লেণ্ডৰ লগত সম্পৰ্ক থকা কেইবিধমান সাধাৰণ সমস্যা তলত আলোচনা কৰা হৈছে ।
- বেনিন প্ৰষ্টেটিক হাইপাৰপ্লাছিয়া (Benign Prostatic Hyperpplasia,BPH)— এই সমস্যাত প্ৰ’ষ্টেট গ্লেণ্ডৰ বৃদ্ধি হয় । বয়স বৃদ্ধি হোৱাৰ লগে লগে পুৰুষৰ এই সমস্যাৰ সৃষ্টি হয় । প্ৰ’ষ্টেট গ্লেণ্ডৰ বৃ্দ্ধিৰ ফলত ইউৰেথ্ৰাত হেঁচা পৰে । ফলত প্ৰস্ৰাৱ অবৰোধ, সঘনাই প্ৰস্ৰাৱ হোৱা,প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰা, দুৰ্বল প্ৰস্ৰাৱ নিৰ্গমন বা সম্পূৰ্ণ ৰূপে প্ৰস্ৰাৱ স্থলী খালী নোহোৱা আদি সমস্যাৰ সৃষ্টি হয় ।
- প্ৰ’ষ্টাইটিচ : প্ৰ’ষ্টাইটিচ হৈছে প্ৰষ্টেট গ্লেণ্ডৰ প্ৰদাহ । ই বেক্টেৰীয়াৰ বাবে বা আন কাৰণতো হ’ব পাৰে । এই প্ৰদাহৰ ফলত পেলভিক অংশত বিষ,প্ৰস্ৰাৱত অসুবিধা,সঘন প্ৰস্ৰাৱ বা জ্বৰ আদি হ’ব পাৰে ।
- প্ৰ’ষ্টেট কেঞ্চাৰ : প্ৰষ্টেট কেঞ্চাৰ হৈছে পুৰুষৰ ক্ষেত্ৰত হোৱা এক সাধাৰণ কেঞ্চাৰ ৰোগ । কিন্তু ই অতি ধীৰ গতিত লাহে লাহে বাঢ়ে আৰু বহু বছৰলৈ ই কোনো লক্ষণ প্ৰকাশ নকৰে । ইয়াৰ যেতিয়া লক্ষণ প্ৰকাশ পায় সেই লক্ষণবোৰৰ ভিতৰত মূল লক্ষণবোৰ হৈছে প্ৰস্ৰাৱত অসুবিধা,প্ৰস্ৰাৱত তেজ যোৱা, কঁকাল বা পেলভিক অংশত বিষ অনুভৱ হোৱা,লিংগ উত্থানত সমস্যা হোৱা আদি ।
- প্ৰ’ষ্টেট ষ্টোন : এই অৱস্থাত প্ৰ’ষ্টেট গ্লেণ্ডত কিডনীত হোৱাৰ দৰে ষ্টোন গঠন হয় । ফলত প্ৰস্ৰাৱ কৰাত সমস্যাৰ সৃষ্টি কৰে ।
প্ৰ’ষ্টেট গ্লেণ্ডৰ সমস্যাৰ হোমিওপেথিক পদ্ধতিত চিকিৎসাৰ ব্যৱস্থা আছে ।
Sabal Serrulata : প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ বাবে সাধাৰণতে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ বিধ হৈছে সাবাল সেৰুলেতা ( Sabal Serrulata ) । প্ৰ’ষ্টেট গ্ৰন্থীৰ বৃদ্ধিৰ ফলত প্ৰস্ৰাৱ নিৰ্গমনত হোৱা অসুবিধা যেনে মূত্ৰাৱৰোধ আদি সাবাল সেৰুলেতা ব্যৱহাৰৰ দ্বাৰা উপশম পোৱা যায় ।
Thuja Occidentals : প্ৰ’ষ্টাইটিচ ৰোগত প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা অনুভৱ আদি লক্ষণ পালে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
Chimaphila Umbalata : বহু দিনীয়া পুৰণি প্ৰ’ষ্টাইটিচ ৰোগত যদি প্ৰস্ৰাৱ নিৰ্গমন টোপ টোপকৈ হয় বা প্ৰস্ৰাৱ সঘনাই হয় তেনে লক্ষণ পালে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
Conium Maculatum : কোনিয়াম মেকুলেটাম আন এবিধ ঔষধ যিটো প্ৰ’ষ্টেট গ্লেণ্ডৰ বৃদ্ধি ( BPH ) ৰোগত ব্যৱহাৰ কৰা হয় ।
Clematis Erecta :প্ৰ’ষ্টেট গ্লেণ্ডৰ বৃদ্ধিৰ বাবে যদি প্ৰস্ৰাৱ কৰিবৰ সময়ত প্ৰস্ৰাৱৰ প্ৰবাহ আৰম্ভ হোৱাত বাধা বা প্ৰস্ৰাৱ কৰাৰ অন্তত প্ৰস্ৰাৱ ৰোধ কৰাত অসুবিধাবোধ হয় তেন্তে ক্লিমেণ্টিচ ইৰেক্টা ব্যৱহাৰ কৰা হয় । ইয়াৰোপৰি যদি প্ৰস্ৰাৱ কৰাৰ পাছত প্ৰস্ৰাৱ থলীত প্ৰস্ৰাৱ ৰৈ যোৱা বা প্ৰস্ৰাৱ সম্পূৰ্ণ নোহোৱাৰ দৰে অনুভৱ হয়, তেনে লক্ষণ পালেও এই ঔষধ ব্যৱহাৰ কৰা হয় ।
Staphysagria : বহু দিন ধৰি যৌন ইচ্ছা দমাই ৰখা বা যৌনাকাংক্ষাৰ হতাশাত ভোগাৰ ফলত যদি প্ৰ’ষ্টেট গ্ৰন্থি বৃদ্ধিৰ লগত জৰিত সমস্যাৰ সৃষ্টি হয় তেন্তে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।
মন কৰিব লগীয়া যে হোমিও ঔষধ নিৰ্ণয় কৰোতে ব্যক্তি এজনৰ বিশেষ লক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয় । সেয়ে ৰোগ একে হ’লেও ব্যক্তি ভেদে ইয়াৰ লক্ষণ বেলেগ হ’ব পাৰে । সেয়ে সকলো ৰোগীৰ দেহত একেবিধ ঔষধে ক্ৰিয়া নকৰিব পাৰে ।