সময় অনুপাতে ৰোগ বৃদ্ধি : হোমিও চিকিৎসা

সময়ৰ সৈতে ৰোগৰ লক্ষণ

হোমিওপেথিক পদ্ধতিত লক্ষণ সমষ্টিৰ যথেষ্ট গুৰুত্ব আছে । সঠিক লক্ষণত সঠিক ঔষধ ব্যৱহাৰ কৰিবলৈ সঠিক লক্ষণ ধৰা পেলোৱাটো অতি দৰকাৰী । দেখা যায় কিছু ৰোগ সদায় প্ৰায় একে সময়ত উৎপত্তি হয় বা বৃদ্ধি হয় । তেনে লক্ষণবোৰ লক্ষ কৰিব লগীয়া । এইদৰে সময়ৰ সৈতে হ্ৰাস বৃদ্ধি হোৱা ৰোগৰ লক্ষণবোৰ ভালদৰে নিৰিক্ষণ কৰি সঠিক সময় ধৰা পেলাই চিকিৎসা কৰিলে প্ৰায়বোৰ ৰোগ নিৰাময় কৰিব পৰা যায় ।

সময় অনুসৰি ৰোগ বৃদ্ধি হোৱাটো এক বিশেষ লক্ষণ । এইদৰে সময়ৰ লগে লগে বৃদ্ধি হোৱা ৰোগৰ লক্ষণ আৰু তেনে লক্ষণত ব্যৱহাৰ হোৱা কেইটামান ঔষধৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

লক্ষণ সূচী

নাক্স ভমিকা (Nux Vomica): ৰাতিপুৱা শুই উঠাৰ লগে লগে যদি ৰোগ বৃদ্ধি হয়,তেন্তে নাক্স ভমিকা ব্যৱহাৰ কৰিব লাগে । এনে লক্ষণ প্ৰকাশ পালে অতিসাৰ, ডিচেণ্টেৰী,বমি,কঁকালৰ বিষ আদিত নাক্স ভমিকা ব্যৱহাৰ কৰা হয় ।

ৰাতিপুৱা শুই উঠাৰ লগে লগে ৰোগ বৃদ্ধি হ’লে Sulphur আৰু Lachesisও ব্যৱহাৰ হয় । এই তিনিটা ঔষধৰ মাজত পাৰ্থক্য এই যে নাক্স ভমিকাৰ ৰোগীৰ শৌচ ,ডিচেণ্টেৰী আদি হ’লে ঘনাই শৌচ কৰিব লাগে , সামান্য পৰিমাণে হয় আৰু আকৌ শৌচ কৰিম কৰিম লাগি থাকে ।
সালফাৰৰ ৰোগীৰ ৰাতিপুৱা বিছনাতে শৌচ হয় ।

ৰাতিপুৱা শুই উঠাৰ লগে লগে বৃদ্ধি হোৱা ৰোগত নাক্স ভমিকা(Nux Vomica) বা সালফাৰ(Sulphur) ব্যৱহাৰ কৰি বিফল হলে লেকেসিস (Lachesis) ব্যৱহাৰ কৰিব লাগে ।

সেংগুইনেৰীয়া কেন (Sanguinaria Canadensis): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ বেলি উঠাৰ লগে লগে কপালৰ সোঁফালে বিষ আৰম্ভ হয়, দুপৰীয়া বিষ বেছি হয় আৰু বেলি মাৰ যোৱাৰ লগে লগে মূৰৰ বিষ আৰোগ্য হয় । এইদৰে হোৱা মূৰৰ বিষ বা মূৰ কামুৰণিত সেংগুইনেৰীয়া কেন ব্যৱহাৰ হয় ।

যদি কপালৰ বাওঁফালে এইদৰে বিষ হয়, তেন্তে স্পাইজেলিয়া(Spigelia anthelmia) ব্যৱহাৰ হয় ।

যদি ভৰিৰ তলুৱা জ্বলা-পোৰা কৰে,তেন্তে মূৰৰ সোঁফালে,বাওঁফালে বিষ হওক বা গোটেই মূৰটোৰ বিষ হওক সালফাৰ(Sulphur) ব্যৱহাৰ হয় ।

কক্কোলাচ ইন্দিকাচ(Cocculus indicus):এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ৰাতিপুৱা শুই উঠাৰ পিছত কাহ হয় আৰু যেতিয়ালৈকে আঠাৰ দৰে কফ নোলায় কাহ নকমে । এনে লক্ষণ পালে এই ঔষধ ব্যৱহাৰ কৰা হয় ।

ৰাতিপুৱা চাহ-জ্লপান খোৱাৰ পিছতে যদি কাহ হয় আৰু কাহৰ ফলত খোৱা খাদ্য বমি কৰি দিয়ে ,তেন্তে ইউফ্ৰেচিয়া (Euphrasia) ব্যৱহাৰ হয় ।

এমোনিয়াম কাৰ্ব(Ammonium Carbonicum): ৰাতিপুৱা হাত-মুখ ধোওঁতে যদি নাকৰ পৰা তেজ ওলায়,তেন্তে এই ঔষধ ব্যৱহাৰ কৰা হয় । মন কৰিব লগীয়া যে এই দৰে নাকৰ পৰা তেজ ওলোৱা লক্ষণত আৰ্ণিকা(Arnica Montana) আৰু মোগনেছীয়া কাৰ্ব(Magnesia Carbonica) নামৰ ঔষধ দুটাও ব্যৱহাৰ কৰা হয় । এই তিনিটা ওষধৰ পাৰ্থক্য এই যে এমোনিয়াম কাৰ্ব কাম নকৰি বহি শুই থকা শকত লোক, বিশেষকৈ মহিলাৰ ওপৰত ব্যৱহাৰ হয় । আৰ্ণিকাৰ ৰোগী ৰঙা-বগা চেহেৰাৰ হয় । মেগনেছীয়া কাৰ্বৰ ৰোগীৰ টেঙা শৌচ বা বমি হয় ।

নেট্ৰাম মিউৰ(Natrum Muriaticum):ৰাতিপুৱা দহ বজাৰ পৰা এঘাৰ বজাৰ ভিতৰত কোনো ৰোগ বৃদ্ধি হ’লে নেট্ৰাম মিউৰিয়েটিকাম ব্যৱহাৰ হয় । মূৰৰ বিষ,বিশেষকৈ লিভাৰ বাঢ়ি জিভাৰ আগত জ্বলা-পোৰা কৰিলে বা আন কোনো ৰোগ এই সময়ত বৃদ্ধি হ’লে এই ঔষধ ব্যৱহাৰ হয় । লিভাৰ বঢ়াৰ ফলত হোৱা জ্বৰ বা মেলেৰীয়া জ্বৰত উক্ত লক্ষণ বিলাক থাকিলে নেট্ৰাম মিউৰ C.M.ক্ষমতাৰ ঔষধ মাহেকত এখোৰাক ব্যৱহাৰ কৰিব লাগে । ( মন কৰিব লগীা যে হোমিওপেথিকৰ উচ্চ ক্ষমতাৰ ঔষধ সঘনাই ব্যৱহাৰ কৰা উচিত নহয় । দীৰ্ঘ দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰিব লাগে । C.M. অতি উচ্চ ক্ষমতা ।)

সালফাৰ(Sulphur): ৰাতিপুৱা ১০ বজাত যিকোনো ৰোগ উৎপত্তি বা বৃদ্ধি হ’লে সালফাৰ ব্যৱহাৰ হয় ।

আৰ্চেনিক এলবাম( Arsenicum Album): দিনতে হওক বা ৰাতি ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত যেইকোনো ৰোগ উৎপত্তি বা বৃদ্ধি হ’লে, আৰ্চেনিক এলবাম ব্যৱহাৰ কৰা হয় । জটিল ধৰণৰ উদফাই( Asthma), অতিসাৰ,জ্বৰ আদি প্ৰায়ে এই সময় ছোৱাত উৎপত্তি বা বৃদ্ধি হয়।

এপিচমেল(Apis Mellifica): আবেলি ৩ বজাত যিকোনো ৰোগ বৃদ্ধি হ’লে এই ঔষধ ব্যৱহাৰ হয় । এই একে লক্ষণত থুজা(Thuja)নামৰ ঔষধটোও ব্যৱহাৰ হয় ।

এই দুটা ঔষধৰ প্ৰভেদ এই যে এপিচমেল ডিঙিৰ ৰোগ,মাহেকীয়া বন্ধ হৈ হোৱা মূৰ কামুৰণি আদিত ব্যৱহাৰ হয় । আনহাতে থুজা(Thuja) গণৰীয়া ৰোগৰ পৰা সৃষ্টি হোৱা বাত ৰোগ,মূৰ কামুৰণি আৰু প্ৰস্ৰাৱৰ পথৰ ৰোগত ব্যৱহাৰ হয় ।

লাইক’পডিয়াম(Lycopodium): আবেলি ৪ বজাৰ পৰা ৰাতি ৮ বজাৰ ভিতৰত ৰোগ বৃদ্ধি হ’লে লাইক’পডিয়াম ব্যৱহাৰ কৰা হয় । এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল দাঁত-মুখ টেঙা লগা ,বা টেঙা বমি হোৱা । তল পেট গধুৰ অনুভৱ হোৱা, শৌচ অনিয়মিত আৰু শৌচ কৰোতে জোৰ দিব লগা হোৱা লক্ষণ প্ৰাকাশ পায় । সামান্য খাদ্য খালেই বহুত খালো যেন লগা আৰু পেট ভৰি যোৱা আদি ।

ক’ল’চিন্থ(Colocynthis): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ আবেলি ৪ বজাৰ পৰা ৰাতি ৯ বজালৈকে ৰোগ বৃদ্ধি হয় । বিষেষকৈ সৰু ল’ৰা-ছোৱালীবিলাকৰ পেটৰ বিষ । পেটত হেঁচা মাৰি ধৰিলে ,কুঁজা হ’লে ,বা ধৰি দুইখন পেটৰ ফালে চপাই আনিলে বিষ কমে । আন সময়ত হোৱা পেটৰ বিষতো যদি এই কেইটা লক্ষণ প্ৰকাশ পায় ,তেন্তে কলচিন্থ ব্যৱহাৰ হয় ।

মেগনেছীয়া ফচ(Magnesia Phosphorica)-যদি পেটৰ বিষ হঠাৎ হয় আৰু হঠাৎ নোহোৱা হয় ,গৰম সেক দিলে বিষ কমে,তেনে লক্ষণত মেগনেছীয়া ফচ ব্যৱহাৰ হয় ।
কলোচিন্থ ব্যৱহাৰ কৰি যদি বিফল হয় তেতিয়াও মেগনেছীয়া ফচ ব্যৱহাৰ হয় ।
প্ৰায়বিলাক ল’ৰা-ছোৱালীৰ পেটৰ বিষ বা পেট কামুৰণিত মেগনেছীয়া ফচ-১২ শক্তিৰ আৰু নেট্ৰাম ফচ-১২ শক্তিৰ ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিলে পেটৰ বিষ আৰোগ্য হয় । এনে ধৰণৰ পেটৰ বিষ সাধাৰণতে কৃমি পেলুৰ বাবে হয় । নেট্ৰাম ফচ কৃমিৰো ঔষধ ।

মাৰকিউৰিয়াচ চল(Mercurius Solubilis): সময় অনুপাতে ৰোগ বৃদ্ধি হোৱাত এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল- ৰাতি বিছনাত শুলে ৰোগ বৃদ্ধি হয় । ঘাম ওলায় । খৰ-খজুৱতি,ফোঁহা,টনচিল আৰু জ্বৰ,কাহ আদিত বিশেষকৈ মাৰকিউৰিয়াচ চল ব্যৱহাৰ হয় ।

এইদৰে ৰাতি বিছনাত শুলে ৰোগ বৃদ্ধি হোৱা লক্ষণত আৰ্চেনিক এলবামও ব্যৱহাৰ হয় । কিন্তু দুযো বিধ ঔষধৰ পাৰ্থক্য হ’ল-আৰ্চেনিক এলবাম ব্যৱহাৰ হোৱা ৰোগীয়ে বিছনাত শুৱাৰ পিছত গৰম উঠিলে বা ঘাম ওলালে আৰাম পায় । কিন্তু মাৰকিউৰিয়াচ চল ব্যৱহাৰ হোৱা ৰোগীৰ ঘাম ওলালে ৰোগ বেছি হয় ।

লেকেচিচ(Lachesis)-ৰাতি বা দিনত বিছনাত শুৱাৰ সময়ত,শুই থাকোতে, বা শুই উঠাৰ পিছত ৰোগ বৃদ্ধি হ’লে এই ঔষধ ব্যৱহাৰ হয় ।

এপিচমেল(Apis mellifica) আৰু স্পঞ্জিয়া(Spongia tosta) নামৰ ঔষধ দুটাও শুই থাকোতে ৰোগ বৃদ্ধি হ’লে ব্যৱহাৰ হয় । সাধাৰণতে ডিঙিৰ টনচিলৰ ৰোগত,ডিপথেৰিয়াত শুলে উশাহ-নিশাহ বন্ধ হৈ যোৱা আৰু মগজু বা মূৰৰ ৰোগত শুই থাকোতে চিঞৰ মাৰি উঠা লক্ষণত এপিচমেল ব্যৱহাৰ হয় ।

ডিঙিৰ গৰল ফুলা,বা হৃদৰোগৰ বাবে হোৱা উদফাই(Asthma) ৰোগত শুলে উশাহ বন্ধ হৈ যোৱা আৰু সেই বাবে ওখ গাৰু ব্যৱহাৰ কৰিব লগীয়া হোৱাত স্পঞ্জিয়া ব্যৱহাৰ হয় ।

এৰেলিয়া(Aralia racemosa)-উদফাই ৰোগত ৰোগী শুব নোৱাৰিলে আৰু সেই বাবে বিছনাত বহি থাকিব লগা হ;লে এৰেলিয়া ব্যৱহাৰ হয় ।

কালি চাল্ফ(Kali sulphuricum): এই ঔষধৰ লক্ষণ হ’ল বেলি মাৰ যোৱাৰ লগে লগে জ্বৰ আৰম্ভ হয় । গোটেই ৰাতি জ্বৰ থাকে আৰু ৰাতিপুৱা জ্বৰ ভাল হয় । সৰু ল’ৰা-ছোৱালীjৰ প্ৰায়ে এইদৰে জ্বৰ হোৱা পোৱা যায় ।

চিফিলিনাম(Syphilinum): চিফিলিনাম নামৰ ঔষধটোও এইদৰে ৰাতি ৰোগ বৃদ্ধি হোৱাত ব্যৱহাৰ হয় । বিশেষকৈ হাড়ৰ বিষ,মূৰ কামুৰণি আদি যদি এইদৰে ৰাতি বৃদ্ধি হয়,তেন্তে চিফিলিনাম ব্য়ৱহাৰ হয় । চিফিলিনামৰ ৰোগীয়ে ৰাতিটো কেনেকৈ পাৰ হ’ব সেই লৈ চিন্তা কৰে । কাৰণ ৰাতি হ’লেই ৰোগ বৃদ্ধি হয় । এই কষ্টই মনত ভয়ৰ সৃষ্টি কৰে ।

কালি কাৰ্ব(Kali Karb): ৰাতি তিনি বাজাত বৃদ্ধি হোৱা সকলো ৰোগত এই ঔষধ ব্যৱহাৰ হয় ।

প্ৰায় বয়সীয়া আৰু বুঢ়া মানুহৰ উদফাই আৰু পুৰণি কাহ এই সময়ত বৃদ্ধি হয় । বয়সীয়া মানুহৰ লিভাৰৰ দোষত শৰীৰ ফুলা ৰোগত তিনি বজাত অশান্তি বৃদ্ধি পায় । এনে ৰোগত কিছু অধিক দিন এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।

এম’নিয়াম কাৰ্ব( Ammon Carb): ৰাতি তিনি বজাৰ পৰা ৰাতিপুৱা সাত বজালৈকে ৰোগ বৃদ্ধি হ’লে এমনিয়াম কাৰ্ব ব্যৱহাৰ কৰিব লাগে । বিশেষকৈ উদফাই ৰোগ আৰু পুৰণি ব্ৰঙ্কাইটিছ আদি এই সময়ত বৃদ্ধি হোৱা পোৱা যায় । এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল কফ বুকুত ভৰি থাকে কিন্তু কাহিলে কফ নোলায় ।

চেড্ৰন(Cedron): এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ঠিক একে সময়ত এক মিনিটো ইফাল সিফাল নোহোৱাকৈ যিকোনো ৰোগ উৎপত্তি বা বৃদ্ধি হয় । প্ৰায়ে তল পেটত বা কৰঙৰ চুকত এক ধৰণৰ বিষ ৰাতিপুৱাৰ সময়ত সদায় একে সময়তে উৎপত্তি হোৱা পোৱা যায় ।

চিনা (China): এদিন এৰি এদিন যি ৰোগেই বৃদ্ধি হওক,তেনে লক্ষণত এই ঔষধ ব্যৱহাৰ হয় । প্ৰায়ে মূৰ কামুৰণি,জ্বৰ,পেট বিষ,পেট ফুলা আদি এইদৰে বৃদ্ধি হোৱা পোৱা যায় ।

নাক্স ভমিকা(Nux Vomica): দুদিন এৰি এদিন হোৱা সকলো ধৰণৰ ৰোগত এই ঔষধ ব্যৱহাৰ হয় ।

পালসেটিলা(Puldatila): ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ৰোগ উৎপত্তি বা বৃদ্ধি হোৱাৰ কোনো নিৰ্দিষ্ট সময় নেথাকে । পোট বিষ আদি কোনো সময়ত বেছি কোনো সময়ত কম থাকে । প্ৰসৱৰ সময়ত এইদৰে বিষ অমিয়মীয়া হ’লেও এই ঔষধ ব্যৱহাৰ হয় ।

শৌচৰ ৰং একে নেথাকে । দুবাৰ কৰা শৌচ একে ধৰণৰ নহয় ।

অনিয়মিত থকাটো পালসেটিলাৰ বিশেষ লক্ষণ ।

এনে ধৰণৰ লক্ষণত ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত পুৰণি ৰোগত পালসেটিলাৰ সলনি সাইলিসিয়া(Silicia) ব্যৱহাৰ হয় ।

এনে ধৰণৰ অনিমিত থকা ৰোগত টিউবাৰকুলিনাম(Tuberculinum) নামৰ ঔষধবিধো ব্যৱহাৰ হয় । কিন্তু টিউবাৰকুলিনাম ব্যৱহাৰ কৰিবলৈ হ’লে ৰোগী যক্ষ্মা ৰোগৰ ইতিহাস থকা হ’ব লাগে ।

চািলিসিয়া বিফল হ’লে টিউবাৰকুলিনাম ব্যৱহাৰ কৰিব লাগে ।