যদি নতুন অৱস্থাতে চিকিৎসা কৰা নহয় তেন্তে নতুন বাতৰোগ পুৰণি ৰূপ ধাৰণ কৰে ।
কিছুমান গৌণ কাৰণতো পুৰণি বাতৰোগ পুনৰ দেখা দিয়ে ।
নতুন বাত ৰোগত ব্যৱহাৰ হোৱা ঔষধ যেনে Rhus Tox , Phytolacca, Bryonia Alba, Spigelia, Kalmia Lat, Kali Iod, Viscum Albam আদি লক্ষণ মিলিলে পুৰণি সন্ধিবাত বেমাৰতো ব্যৱহাৰ হয় ।
ডিঙিৰ মাংশ পেশী আৰু সকলো ঠাইৰ মাংশপেশীৰ বাত বেমাৰৰ ঔষধ :
Actaea Racemosa বা Cimicifuga Racemosa: ডিঙিৰ মাংস পেশীৰ বাত বেমাৰ বা আন সকলো ঠাইৰ মাংস পেশীৰ বিশেষকৈ কলাফুলৰ বাত ৰোগত এই ঔষধ ব্যৱহাৰ কৰা হয় । এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ Bryonia Alba আৰু Rhus Tox উভয় ঔষধৰ লক্ষণ পোৱা যায় ।
ৰাতি শুলে ডিঙিৰ সিৰ বিলাকত আঘাত পাই বিষ হলে Hamamelis virginica ব্যৱহাৰ কৰিব লাগে ।
গলধনৰ বা ডিঙিৰ জ্বলা পোৰা কৰা বিষ তল ফালে পৰিচালিত হৈ মেৰুদণ্ড টানি আঁজুৰি ধৰিলে Medorrhinum ব্যৱহাৰ কৰা হয় ।
মূৰ দোৱাই লিখা-পঢ়া বা আন কাম কৰাৰ বাবে ডিঙি বিষালে Zincum Met ব্যৱহাৰ কৰা হয় ।
Sticta Pulmonaris: বাত ৰোগত ডিঙি ফুলি লৰ-চৰ কৰিব নোৱাৰিলে আৰু ফুলা স্থান বিলাক অতিৰিক্ত ৰঙা পৰিলে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
কান্ধৰ বাত
Medorrhinum: দুয়ো কান্ধৰ বাত ৰোগত এই ঔষধ ব্যৱহাৰ কৰা হয় ।
এই ঔষধ ব্যৱহাৰ কৰা বিশেষ লক্ষণ হল কান্ধৰ বাত ৰোগ আঙুলি মূৰলৈকে পৰিচালিত হয় । সোঁ কান্ধত এইদৰে বিষ হলে Sangunaria Can আৰু বাওঁ কান্ধত বিষ হলে Ferrum Met প্ৰথমে ব্যৱহাৰ কৰিব লাগে ।
সম্পূৰ্ণ আৰোগ্য কৰিবলৈ বা Sangunaria Can আৰু Ferrum Met ব্যৱহাৰ কৰি বিফল হলে Medorrhinum ব্যৱহাৰ কৰিব লাগে ।
হাতৰ আঙুলি আৰু হাতৰ সৰু গাঁঠিৰ বাত বেমাৰৰ ঔষধ
Actea Spicata: হাতৰ আঙুলি আৰু হাতৰ সৰু গাঁঠিৰ বাত ৰোগত এই ঔষধ বিশেষ ভাবে ব্যৱহাৰ হয় ।
হাতৰ আঙুলি বিলাকত বাত ৰোগ হৈ গাঁঠি ফুলি গেঠেলা মাৰি থাকিলে Staphisagria ব্যৱহাৰ হয় । সম্পূৰ্ণ ৰোগ আৰোগ্য কৰিবলৈ Medorrhinum ব্যৱহাৰ হয় ।