জ্বৰ(Fever) কি?
ফিভাৰ বা জ্বৰ হৈছে মানুহৰ দেহৰ তাপমাত্রা স্বাভাৱিক সীমা (৩৬.৫°–৩৭.৫° সেলচিয়াছ)ৰ পৰা বৃদ্ধি পোৱাৰ এক অবস্থা। সাধাৰণতে ই কোনো অসুখ বা সংক্রমণৰ সংকেত হিচাপে দেখা যায়। ম্যালেৰিয়া, ডেংগু, টাইফয়েড, ভাইৰেল সংক্রমণ আদি বিভিন্ন ৰোগত জ্বৰ হোৱা দেখা যায়।
জ্বৰ নিজেই কোনো ৰোগ নহয়, কিন্তু ইয়াৰ জৰিয়তে দেহে অন্য সমস্যা বা অসুখৰ বিষয়ে সংকেত দিয়ে। জ্বৰ সঠিক কাৰণ চিনি পেলাই চিকিৎসা কৰা অতি প্ৰয়োজনীয়।
জ্বৰৰ প্ৰকাৰ (Types of Fever)
Common Fever (সাধাৰণ জ্বৰ)
সাধাৰণ জ্বৰ হৈছে অতি সচৰাচৰ দেখা যোৱা এক অৱস্থা য’ত দেহৰ তাপমাত্রা অলপ বৃদ্ধি পায়। সাধাৰণ ঠাণ্ডা–কাহ, ভাইৰেল সংক্রমণ, অতিশ্ৰম বা আন কোনো ৰোগৰ ফলত ই দেখা যায়। সাধাৰণতে ১–৩ দিনৰ ভিতৰতে তাপমান স্বাভাৱিক হৈ আহে।
তথাপি, যদি জ্বৰ ১০২°F (৩৮.৯°C) ওপৰলৈ যায়, বা দীঘলীয়া সময় স্থায়ী হয়, বা অন্য বিপজ্জনক লক্ষণ (শ্বাসত অসুবিধা, তীব্ৰ শৰীৰৰ ব্যথা আদি) লগত থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
ভাইৰেল ফিভাৰ (Viral Fever)
ভাইৰেল ফিভাৰ হৈছে ভাইৰেল সংক্রমণৰ ফলত হোৱা জ্বৰ। সাধাৰণ ঠাণ্ডা–কাহ, ফ্লু আদি অসুখত ই দেখা যায়। সাধাৰণতে ই কেইদিনমানত নিজে নিজেই আৰোগ্য হয়, কিন্তু উচ্চ জ্বৰ বা দীঘলীয়া সময় থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
ম্যালেৰিয়া ফিভাৰ (Malaria Fever)
ম্যালেৰিয়া হৈছে এনোফিলিজ নামৰ মহে কামোৰাৰ বাবে হোৱা ৰোগ। ইয়াত সাধাৰণতে একে সময়ত জ্বৰ উঠা-নামা কৰে। কঁপনি জ্বৰ, ঘাম, মূৰৰ বিয, শৰীৰ শিথিলতা আদি দেখা যায়।
টাইফয়েড ফিভাৰ (Typhoid Fever)
টাইফয়েড হৈছে দূষিত খাদ্য বা পানীৰ জৰিয়তে সেলমোনেলা নামৰ ব্যাক্টেৰিয়া দেহত প্ৰৱেশ কৰাৰ ফলত হোৱা জ্বৰ। দীঘলীয়া সময় জ্বৰ, পেটৰ বিয, বমি, ক্লান্তি আদি লক্ষণ দেখা যায়। চিকিৎসা নকৰিলে জটিলতা বৃদ্ধি পায়।
কালাজ্বৰ (Kala-Azar / Visceral Leishmaniasis)
কালাজ্বৰ হৈছে বালি মহ(Sand Fly) নামৰ এবিধ মহে কামোৰাৰ বাবে হোৱা এক গুরুতৰ ৰোগ। দীঘলীয়া সময় জ্বৰ, ওজন হ্ৰাস, প্লীহা আৰু যকৃত ফুলা আদি লক্ষণ প্ৰকাশ পায়। সময়মতে চিকিৎসা নকৰিলে বিপদজনক হ’ব পাৰে।
অন্য ফিভাৰবোৰ
ক’ভিড-১৯, টিউবৰকিউলোছিছ (TB), ইউৰিনাৰী ট্ৰাক্ট ইনফেকচন (UTI) আদি বিভিন্ন ৰোগতো ফিভাৰ হোৱা দেখা যায়। ফিভাৰ দীঘলীয়া সময় স্থায়ী হ’লে বা অন্য জটিল লক্ষণৰ সৈতে থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
- ইনফ্লুয়েঞ্জা কি ? লক্ষণ,কাৰণ আৰু চিকিৎসাইনফ্লুয়েঞ্জা কি ? লক্ষণ,কাৰণ আৰু চিকিৎসা Epidemic ৰূপে প্ৰকাশ পালে ভয়ংকৰ হ’ব পাৰে Influenza ইনফ্লুয়েঞ্জা সাধাৰণতে বতৰ পৰিবৰ্ত্তন হোৱাৰ ফলত … Read more
- আদিতে চিকিৎসা নহ’লে হাম জ্বৰ বা সৰু আই ( Measles ) জটিল হ’ব পাৰেহামজ্বৰ আৰু ইয়াৰ লক্ষণ এই ৰোগত শৰীৰৰ বিভিন্ন অংশত ঘামচিৰ দৰে ৰঙা উদ্ভেদ থোপা পাতি ওলায় । এই উদ্ভেদবোৰ ওলাবৰ … Read more
- টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ | Typhoid Fever Symptoms & Causesটাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ | Typhoid Fever Symptoms & Causes টাইফইড জ্বৰ প্ৰায়ে পাল জ্বৰ (Remittent Fever)ৰ পৰা উৎপত্তি … Read more
- নেৰানেপেৰা জ্বৰ(Continued Fever) আৰু পাল জ্বৰ( Remittent Fever ) কি? ইয়াৰ লক্ষণ আৰু হোমিওপেথিক চিকিৎসানেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ(Remittent Fever)ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল নেৰানেপেৰা জ্বৰ (Continued Fever ) : নেৰানেপেৰা … Read more
- জ্বৰত আৰ্চেনিক এলবাম ( Arsenic Albam )ৰ ব্য়ৱহাৰজ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে আৰ্চেনিক এলবাম ( Arsenic Albam ) এই ঔষধ ব্য়ৱহাৰ হোৱা ৰোগীৰ জ্বৰ … Read more