গৰম দিনত হোৱা ডায়েৰীয়া (Diarrhoea) ৰোগৰ হোমিওপেথিক চিকিৎসা

গৰমৰ দিনত হোৱা ডায়েৰীয়া ৰোগৰ হোমিও চিকিৎসা :

ডায়েৰীয়াৰ লক্ষণ :

ডায়েৰীয়াৰ লক্ষণ হৈছে ঘনাই পনীয়া শৌচ হয় । এই ৰোগক অতিশাৰ বুলিও কোৱা হয় । ডায়েৰীয়াৰ লগত কেতিয়াবা পেটত বিষ থাকে । সাধাৰণতে বিষ নাথাকে ।

ডায়েৰীয়া বা অতিশাৰৰ কাৰণ

যিবোৰ কাৰণত ডায়েৰীয়া হোৱা দেখা যায় তাৰ সংখ্যা অনেক । তাৰে কেইটামান কাৰণ তলত উল্লেখ কৰা হ’ল ।

  1. গেলা মাছ-মাংস বা শাক-পাছলি খোৱাৰ বাবে ডায়েৰীয়া হ’ব পাৰে ।
  2. অতিৰিক্ত ভোজন কৰাৰ বাবেও ডায়েৰীয়া হ’ব পাৰে ।
  3. লিভাৰৰ দোষত হজম শক্তি কম হোৱাৰ বাবে আহাৰ খোৱাৰ পিছত হজম ন’হলেও ডায়েৰীয়া হ’ব পাৰে ।
  4. অতিপাত গৰমত বা ৰ’দত ফ্ৰিজৰ চেঁচা পানী , বৰফ,আইচক্ৰিম আদি খোৱাৰ ফলত ডায়েৰীয়া হ’ব পাৰে । (গৰমৰ দিনত সৰু ল’ৰা-ছোৱালীবোৰৰ এনে কাৰণত হোৱা ডায়েৰীয়া ৰোগ সঘনাই পোৱা যায় ।)
  5. গ্ৰীষ্ম কালত অতি গৰমত দেহত তাপ সোমোৱাৰ বাবেও ডায়েৰীয়া হ’ব পাৰে ।
  6. ঋতু পৰিবৰ্ত্তনৰ সময়ত যেনে ঠাণ্ডাৰ পৰা গৰম বা গৰমৰ পৰা ঠাণ্ডা পৰিলে ডায়েৰীয়া হ’ব পাৰে ।
  7. লিভাৰৰ দোষ থাকিলেও ডায়েৰীয়া হ’ব পাৰে ।
  8. পেটৰ ভিতৰত গেষ্ট্ৰিক আলচাৰ আদি ধৰণৰ ঘা থাকিলেও ডায়েৰীয়া হ’ব পাৰে ।
  9. হঠাৎ পোৱা অতি শোক,দুখ,ভয় আদিৰ কাৰণে বা স্নায়ু দুৰ্বলৰ কাৰণেও ডায়েৰীয়া হ’ব পাৰে ।
  10. দাঁত ওলাবৰ সময়ত সৰু ল’ৰা-ছোৱালীবোৰৰ ডায়েৰীয়া হোৱা দেখা যায় ।
  11. চৰ্মৰোগ যেনে খৰ,খজুৱতি আদি দেহৰ ভিতৰলৈ বহি যোৱাৰ কাৰণেও ডায়েৰীয়া হয় ।
  12. পেলুৰ কাৰণেও ডায়েৰীয়া হয় ।
  13. অতিৰিক্ত মিঠা বা টেঙা বস্তু খালেও ডায়েৰীয়া হ’ব পাৰে ।
  14. প্ৰসৱৰ পিছত কিছু মহিলাৰ ডায়েৰীয়া হোৱা দেখা যায় ।
  15. যান বাহনত উঠি জোকাৰণি খোৱাৰ বাবেও কিছু লোকৰ ডায়েৰীয়া হয় ।

ডায়েৰীয়া ( Diarrhoea ) ৰোগত কোনবোৰ হোমিওপেঠিক ঔষধ ব্যৱহাৰ হয় জানো আহক ।

গেলা মাছ-মাংস বা যিকোনো গেলা-পচা খাদ্য,শাক-পাচলি আদি খোৱাৰ ফলত যদি ডায়েৰীয়া বা অতিশাৰ হয় তেন্তে কাৰ্বোভেজিটেবিলিচ ( Carbo Veg ) ব্যৱহাৰ হয় ।

ডায়েৰীয়াত Carbo-Veg ব্যৱহাৰ কৰাৰ লক্ষণ :

সকলো ধৰণৰ গেলা মাছ-মাংস,শাক-পাচলি খাই ডায়েৰীয়া হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । 30,200 আদি বিভিন্ন শক্তিৰ ঔষধ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পৰা যায় । C.M শক্তিৰ ঔষধ এখোৰাকতে আৰোগ্য হয়

অতিৰিক্ত ভোজনৰ বাবে অতিশাৰ হলে ব্যৱহাৰ হোৱা ঔষধ

Antim Crude: এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ জিভা বগা থাকে । যি খাদ্য খায় সেই খাদ্যৰে উগাৰ আহে । শৌচ টান আৰু পনীয়া মিহলি থাকে । লগত বমিও হ’ব পাৰে । কেতিয়াবা শৌচৰ লগত তেজ যোৱাও দেখা যায় ।

Ipecac : অতিৰিক্ত ভোজনৰ বাবে অতিশাৰ হ’লে সাধাৰণতে এই ঔষধ বেছি ব্যৱহাৰ হয় । এই ঔষধৰ লক্ষণ হ’ল জিভা পৰিষ্কাৰ থাকে । অতিশাৰৰ লগত প্ৰায়ে বমি হয় । বমি হোৱাত কৈ বমি কৰিম কৰিম লাগি থকাটো অধিক হয় । পেটৰ নাড়ীৰ ওচৰত বিষ হয় । ল’ৰা-ছোৱালীৰ অতিশাৰত এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ ঘনাই পোৱা যায় ।

Pulsatila : অতিৰিক্ত ভোজনৰ কাৰণে অতিশাৰ হলে এই ঔষধ ব্যৱহাৰ হয় ।

এই ঔষধ ব্যৱহাৰ হোৱাৰ প্ৰধান লক্ষণ হ’ল জিভা শুকাই যায় কিন্তু পানী পিয়াহ নেথাকে । দুবাৰ কৰা শৌচ একে ধৰণৰ নহয় । পে়টৰ ভিতৰত অশান্তি বা বিষ থাকে । বমি নহয় বা কম হয় । ( ডায়েৰীয়াৰ লগত বমি হ’লে Ipeccac ব্যৱহাৰ কৰিব লাগে । )

Carbo-Veg : এই ঔষধ অতিৰিক্ত ভোজনৰ বাবে হোৱা অতিশাৰতো ব্যৱহাৰ হয় । কাৰ্বোভেজৰ লক্ষণ হ’ল ৰোগীৰ ওপৰ পেট গধুৰ অনুভৱ হয় আৰু বিষ হয় । উগাৰ আহিলে বা বায়ু গ’লে আৰাম পায় । শৌচ পনীয়া, হালধীয়া বা সামান্য বগা হয় ।শৌচত পছা গোন্ধ থাকে ।

সকলো কাৰণতে হোৱা অতিশাৰৰ লগত যদি পেট ফুলা থাকে তেন্তে Carbo-Veg ব্যৱহাৰ কৰিব লাগে । ( মন কৰিব লগীয়া যে শৌচ টান হৈ বা বন্ধ হৈ পেট ফুলিলে Lycopodium,Collinsonia বা Ammon Mur ব্যৱহাৰ কৰিব লাগে । শৌচ-প্ৰস্ৰাৱ বন্ধ হৈ পেট ফুলিলে Opium ব্যৱহাৰ কৰিব লাগে । )

অতিৰিক্ত মছলা,জলকীয়া আদি খাই অতিশাৰ হ’লে ব্যৱহাৰ হোৱা ঔষধ :

Nux Vomica : অতিৰিক্ত মছলা,জলকীয়া আদি খোৱাৰ ফলত যদি অতিশাৰ হয় তেন্তে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।

এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হল ঘনাই শৌচ কৰিব লাগে । শৌচ সামান্য হয় আৰু শৌচ কৰিম কৰিম লাগি থাকে । শৌচ কৰাৰ আগত পেটত বিষ থাকিব পাৰে । শৌচ কৰিলে পেটৰ বিষ আৰাম পায় । ৰোগীৰ বুকু জ্বলা-পোৰা কৰে । তিতা,জ্বলা কেঁহা উগাৰ আহে । ওপৰ পেট ফুলা থাকে বা বিষ অনুভৱ হয় ।

আভোকত খোৱাৰ বাবে বা অধিক খোৱাৰ বাবে অতিহাৰ হলে ব্যৱহাৰ কৰা ঔষধ :

Croton Tig : ল’ৰা-ছোৱালীবোৰে আভোকত খাই বা বিয়া-সবাহ আদিত লোভত অধিক খাই যদি অতিশাৰ হয় তেন্তে এই ঔষধ ব্যহাৰ কৰিব লাগে ।

Croton Tig ব্যৱহাৰ হোৱাৰ প্ৰধান লক্ষণ হ’ল পনীয়া শৌচ ফিচকাৰি মৰাৰ দৰে জোৰে হয় । শৌচ কৰাৰ আগত পেটত পানী থকাৰ দৰে খল-খল শব্দ হয় । প্ৰায়ে খোৱাৰ পিছতে শৌচ কৰিব লাগে ।

China : অতিৰিক্ত ভোজনৰ বাবে অতিশাৰ হ॥লে এই ঔষধটোও ব্যৱহাৰ হয় ।

এই ঔষধ ব্যৱহাৰ হোৱাৰ প্ৰধান লক্ষণ হ’ল পেটৰ বিতৰত শব্দ হয় ।শাক-পাছলি খালে অশান্তি বাঢ়ে । ৰাতি অধিক শৌচ হয় । শৌচৰ ৰং বগা বা কেতিয়াবা হালধীয়া হয় । খাদ্য হজম নোহোৱাকৈ শৌচৰ লগত ওলায় । বমিও হয় ।

Lycopodium : অতিৰিক্ত ভোজনৰ কাৰণে বা আন কাৰণত যদি টেঙা গ’ন্ধযুক্ত শৌচ হয় আৰু টেঙা বমি হয় আৰু টেঙা উগাৰ আহে তেন্তে Lycopodium ব্যৱহাৰ হয় ।

শৌচত টেঙা গ’ন্ধ থাকিলে China,Nux Vomica ,Pulsatila আদিৰ দ্বাৰা উপকাৰ নহয় ।

টেঙা বমি, টেঙা গ’ন্ধযুক্ত শৌচ হ’লে Natrum Phos ও ব্যৱহাৰ হয় কিন্তু নতুন ৰোগতহে ব্যৱহাৰ হয় ।

অতিশাৰ পুৰণি হ’লে ব্যৱহাৰ হোৱা ঔষধ:

Silicia : অতিশাৰ পুৰণি হ’লে শৌচৰ ৰং পৰিবৰ্ত্তন হয় । দুবাৰ কৰা শৌচ একে নহয় । কেতিয়াবা টান কেতিয়াবা পনীয়া হয় । শৌচত পচা গন্ধ থাকে । মাজে সময়ে বমি হয় । জিভা সামান্য বগা থাকে । ৰোগী দুৰ্বল হয় । কথা ক’বলৈ ইচ্ছা নকৰে ।

এই ঔষধৰ প্ৰধান লক্ষণ হ’ল মূৰত ঘাম থাকে । শুলে গাৰু তিতি যায় । পেট আৰু মূৰ ডাঙৰ হয় । ভৰি-হাত ক্ষীণ হয় । ল’ৰা-ছোৱালী এই ৰোগত বেছি ভোগা দেখা যায় । এনে লক্ষণ পালে Silicia ব্যৱহাৰ কৰিব লাগে ।