- এক’নাইট নেপেলাচৰ সাধাৰণ লক্ষণ
- জ্বৰ আৰু প্ৰদাহত এক’নাইট
- সাধাৰণ পানীলগাত এক’নাইট
- শুকান ক্ৰুপ কাহত এক’নাইটৰ ব্যৱহাৰ
- হঠাৎ ভয় খোৱাৰ ফলত সৃষ্টি হোৱা উদ্বেগৰ চিকিৎসাত
- হঠাৎ সৃষ্টি হোৱা উচ্চ ৰক্তচাপ আৰু বুকুৰ ধপধপনি
- মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ চিকিৎসাত এক’নাইট
- নতুন বাত বিষৰ চিকিৎসাত এক’নাইট
- হঠাৎ পেট খামুচি ধৰা,বমিৰ চিকিৎসাত এক’নাইট
- হঠাতে হোৱা কাণৰ বিষৰ চিকিৎসাত এক’নাইট
- মূত্ৰনলীৰ সমস্যাৰ চিকিৎসাত এক’নাইট
এক’নাইট নেপেলাচ,সাধাৰণতে এক’নাইট বা মংকচহুড নামেৰে জনা যায় , অতি বিষাক্ত এবিধ উদ্ভিদৰ পৰা নিষ্কাষণ কৰা এবিধ অতি শক্তিশালী হোমিওপেথিক ঔষধ। ইয়াৰ দ্ৰুত আৰু তীব্ৰ ক্ৰিয়াৰ বাবে ৰোগৰ নতুন অৱস্থাৰ(acute conditions) চিকিৎসাত এক’নাইটক সঘনাই ব্যৱহাৰ কৰা হয় যদি লক্ষণবোৰ হঠাৎ আৰু তীব্ৰ ভাবে উপস্থিত হয় । এই প্ৰতিকাৰ বহুতো ৰোগৰ সৈতে জড়িত, বিশেষকৈ দেহত ঠাণ্ডা সোমোৱা,মানসিক শ্বক বা হঠাৎ খোৱা ভয়ৰ কাৰণে যদি ৰোগ সৃষ্টি হয় । ইয়াত এক’নাইটৰ সাধাৰণ লক্ষণসমূহ,বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰা হৈছে।
এক’নাইট নেপেলাচৰ সাধাৰণ লক্ষণ
১.হঠাৎ দেখা দিয়া লক্ষণ:
এক’নাইটৰ আটাইতকৈ চকুত পৰা লক্ষণ হৈছে ৰোগ হঠাৎ আৰু তীব্ৰভাবে উপস্থিত হোৱা। এক’নাইট প্ৰায়ে ৰোগৰ আৰম্ভনিত ব্যৱহাৰ হয়,বিশেষকৈ ৰোগৰ লক্ষণ যদি হঠাৎ উপস্থিত হয় আৰু অতি সোনকালে তীব্ৰ ৰূপ ধাৰণ কৰে ।
২.উচ্চ মাত্ৰাৰ জ্বৰ:
জ্বৰত এক’নাইট ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল উচ্চ তাপ, ধিপিং ধিপিংকৈ মৰা পালচ্ বিট । হাতেৰে চুলে ৰক্তবাহী ধমনি এডাল শকত তাঁৰৰ দৰে অনুভৱ হয় । জ্বৰ হঠাৎ বৃদ্ধি হয় । এনেধৰণৰ জ্বৰ সাধাৰণতে হঠাৎ ঠাণ্ডা লগাৰ বাবে বা হঠাৎ বতৰ পৰিবৰ্ত্তন হোৱাৰ বাবে হয় । ৰোগীৰ দেহ অতি গৰম থাকিলেও দেহত ঘাম নেথাকে বা নেঘামে ।
৩.অস্থিৰতা আৰু উৎকণ্ঠা:
এক’নাইট প্ৰয়োজন হোৱা ৰোগীয়ে প্ৰায়ে অতি ভয় বা উৎকণ্ঠা অনুভৱ কৰে,বিশেষকৈ মৃত্যুৰ ভয় । ৰোগীয়ে মৰিম বুলি ভয় কৰে । ইয়াৰ লগতে থাকে অস্থিৰতা । ৰোগীয়ে স্থিৰে থাকিব নোৱাৰে । বিছনাত শুই থাকিলে ইকাটি -সিকাটি কৰে বা বিছনাৰ পৰা নামি খোজ কাঢ়ে । এটা ৰূমৰ পৰা আনটো ৰুমলৈ যায় । তেওঁ যেন মৃত্যুৰ ওচৰ চাপিছে এনে আচৰণ কৰে ।
৪.শুষ্কতা:
একনাইট শুকান লক্ষণ বিশেষকৈ ঘাম বিহীন শুকান ছাল, মুখ শুকান, আৰু শুকান কাহৰ বাবে জনাজাত । এই শুষ্কতা প্ৰায়ে জ্বৰ আৰু চৰ্দিৰ দৰে অৱস্থাৰ সৈতে জড়িত য’ত আৰ্দ্ৰতা বিশেষভাৱে অনুপস্থিত থাকে ।
৫.কোনো অংগৰ চেতনাহীনতা বা অতি সংবেদনশীলতা:
এক’নাইটে বিশেষকৈ হাত-ভৰিৰ কোনো অংশত অতি সংবেদন বা সংবেদনহীনতা সৃষ্টি কৰিব পাৰে। ৰোগীয়ে পিন আৰু বেজীয়ে খোচাৰ দৰে অনুভৱ বা আক্ৰান্ত অংশত বৰফৰ দৰে ঠাণ্ডা অনুভৱ কৰা বৰ্ণনা কৰিব পাৰে।
৬.স্পৰ্শ আৰু শব্দৰ প্ৰতি সংবেদনশীলতা:
Aconiteৰ প্ৰয়োজন হোৱা ৰোগীসকল প্ৰায়ে স্পৰ্শ আৰু শব্দৰ প্ৰতি অতি সংবেদনশীল হয়, যিয়ে তেওঁলোকৰ উদ্বেগ বা শাৰীৰিক অস্বস্তি আৰু অধিক বৃদ্ধি কৰিব পাৰে ।
৭.চকু-মুখ ৰঙা পৰা:
জ্বৰ বা তীব্ৰ ৰোগৰ সময়ত গৰম অনুভৱ কৰাৰ লগতে ৰোগীৰ মুখখন ৰঙা বা ৰঙা পৰা দেখা যাব পাৰে । চকু দুটাও ৰঙা আৰু শুকান হ’ব পাৰে।
Click To Buy on Amazon
এক’নাইট নেপেলাছৰ চিকিৎসামূলক ব্যৱহাৰ
১.জ্বৰ আৰু প্ৰদাহজনিত অৱস্থা
তীব্ৰ জ্বৰ: এক’নাইট হৈছে জ্বৰৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱহৃত অন্যতম প্ৰাথমিক প্ৰতিকাৰ, বিশেষকৈ উচ্চ মাত্ৰাৰ জ্বৰ, শুকান, আৰু হঠাতে হোৱা জ্বৰ। বিশেষকৈ যদি ঠাণ্ডা বতাহ পোৱাৰ বাবে বা হঠাৎ ভয় খোৱাৰ বাবে জ্বৰ হয়, তেনে ক্ষেত্ৰত ই ফলপ্ৰসূ হয়।
প্ৰদাহ: বিশেষকৈ ডিঙি, হাওঁফাওঁ, বা গাঁঠিত হঠাৎ হোৱা প্ৰদাহৰ বাবে এক’নাইট প্ৰায়ে প্ৰেছক্ৰিপচন কৰা হয় । উদাহৰণস্বৰূপে, শুকান, ফুলা আৰু ৰঙা পৰা টনচিলাইটিছ বা লেৰিঞ্জাইটিছৰ ক্ষেত্ৰত একনাইটে প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে আৰু অস্বস্তি হ্ৰাস কৰিব পাৰে।
২.চৰ্দি আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ
সাধাৰণ পানীলগা: বিশেষকৈ ঠাণ্ডা বা শীতকালৰ ফেৰফেৰীয়া চেঁচা বতাহৰ সংস্পৰ্শলৈ অহাৰ ফলত হঠাতে হোৱা চৰ্দিৰ বাবে একনাইট উপযোগী । লক্ষণসমূহ হ’ল শুকান কাহ, হাঁচি, বুকুত টান অনুভৱ কৰা যেন কিবা ৰছী আদিয়ে বান্ধি ৰাখিছে । ৰোগীয়ে ডিঙি আৰু নাকৰ ফুটাত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে।
ক্ৰুপ কাহ আৰু লেৰিনজাইটিচ: হঠাৎ, হুপ-হুপকৈ, ঘেক-ঘেককৈ কুকুৰে ভুকিলে শব্দ হোৱাৰ দৰে যদি কাহ (croup ত সাধাৰণ)হয় , বা লেৰিনচত বিষ অনুভৱ হয়, তেন্তে শিশু বা প্ৰাপ্তবয়স্কৰ বাবে Aconite প্ৰাৰম্ভিক পৰ্যায়ত অতি ফলপ্ৰসূ । সাধাৰণতে শুকান, কঠিন কাহ, উশাহ লোৱাত অসুবিধা আৰু আতংক অনুভৱ কৰা আদি লক্ষণসমূহ থাকে ।
৩.উদ্বিগ্নতা আৰু ভয়ৰ দ্বাৰা আক্ৰান্ত
ভয় আৰু উদ্বেগ: হঠাৎ ভয় খোৱাৰ ফলত সৃষ্টি হোৱা উদ্বেগৰ চিকিৎসাৰ বাবে একনাইট এক উল্লেখযোগ্য প্ৰতিকাৰ যদি শাৰীৰিক লক্ষণ যেনে বুকুৰ ধপ ধপনি( হৃদ কম্পন) বা দেহৰ কঁপনি থাকে । বিশেষকৈ যিসকল লোকে কোনো ভয়ংকৰ ঘটনা বা দুৰ্ঘটনা চকুৰে দেখাৰ ফলত মনত হঠাতে প্ৰচণ্ড শ্বক পাইছে বা ভয় খাইছে বা আঘাত পাইছে, তেনে লোকৰ উদ্বেগ, মৃত্যুৰ ভয় বা আতংকৰ আক্ৰমণৰ চিকিৎসাত ই সহায়ক।
পোষ্ট-ট্ৰমেটিক ট্ৰেচ(Post-Traumatic Stress):অতি ভয়ংৰ ঘটনাৰ সাক্ষী হোৱা লোকৰ মনত এক ধৰণৰ মানসিক ভয় আৰু আতংকই বাহ লয় । এনে অৱস্থাৰ উপশম কৰাত একনাইট কিছুমান ক্ষেত্ৰত সহায়ক হয় ।
৪.হৃদযন্ত্ৰৰ বিকাৰ
উচ্চ ৰক্তচাপ আৰু ধপধপনি(Hypertension and Palpitations): হঠাৎ সৃষ্টি হোৱা উচ্চ ৰক্তচাপ আৰু বুকুৰ ধপধপনিৰ চিকিৎসাৰ বাবে এক’নাইট প্ৰায়ে ব্যৱহাৰ কৰা হয়, বিশেষকৈ যদি এই লক্ষণসমূহ শ্বক বা ভয়ৰ পিছত দেখা দিয়ে। হৃদৰোগৰ আশংকা কৰি ৰোগীয়ে বুকুত তীব্ৰ ধপধপনি, দ্ৰুত পালচ্ আৰু উদ্বেগ অনুভৱ কৰিব পাৰে ।
চাৰ্কুলেটৰী শ্বক: ৰক্তসঞ্চালন ক্ষীণ হৈ যোৱাৰ ফলত হাত-ভৰি ঠাণ্ডা পৰি যোৱা,হাত-ভৰিৰ চেতনা লোপ পোৱা, আৰু নিম্ন ৰক্তচাপৰ দৰে লক্ষণ থকা ৰোগীৰ একনাইটে ৰক্ত সঞ্চালন পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে আৰু উদ্বেগ হ্ৰাস কৰিব পাৰে।
৫.মূৰৰ বিষ আৰু মাইগ্ৰেইন
তীব্ৰ মূৰৰ তীব্ৰ মূৰৰ বিষ(Acute Headaches): হঠাৎ উৎপন্ন হোৱা মূৰৰ বিষত একনাইট উপকাৰী,বিশেষকৈ যদি মূৰ বিষ অতি তীব্ৰ,ধিপিং-ধিপিংকৈ মৰা, বা হেঁচি ধৰাৰ দৰে হয় । এনে ধৰণৰ মূৰৰ বিষৰ লগত সাধাৰণতে বতাহ বা ঠাণ্ডাত উন্মুক্ত হৈ থকাৰ কাৰণ জৰিত হৈ থাকে । ইয়াৰ লগত মূৰ ঘূৰণি হয় আৰু মুখ ৰঙা পৰে ।
মাইগ্ৰেইন(Migraines): মাইগ্ৰেইন যদি হঠাৎ উৎপন্ন হোৱা ,অতি তীব্ৰ আৰু লগত উৎকণ্ঠা জৰিত হৈ থাকে,একনাইটে উপশম দিব পাৰে ,বিশেষকৈ যদি তীব্j বিষৰ লগত ধিপিং-ধিপিংকৈ মাৰে।
৬.যোৰা আৰু পেশীৰ বিষ(Joint and Muscular Pain)
বাতবিষ: নতুন বাত বিষৰ বাবে একনাইট ফলপ্ৰসূ হ’ব পাৰে, বিশেষকৈ যেতিয়া বিষ আৰু জঠৰতা হঠাতে, প্ৰায়ে ঠাণ্ডাত উন্মুক্ত হোৱাৰ পিছত দেখা যায় । বিষ সাধাৰণতে তীব্ৰ আৰু ইয়াৰ লগত অস্থিৰতা আৰু স্পৰ্শৰ প্ৰতি সংবেদনশীলতাও থাকে।
পেশী সিৰামুৰি আৰু চেতনাহীনতা(Muscle Cramps and Numbness): হাত-ভৰিৰ সিৰামুৰি আৰু চেতনাহীনতাৰ বাবে,একনাইটে অস্বস্তি লাঘৱ কৰাত সহায় কৰিব পাৰে, বিশেষকৈ যদিহে লক্ষণসমূহৰ লগত হাত-ভৰিত ঠাণ্ডা অনুভূতি বা টিংটিং সিৰসিৰণি অনুভৱ হয় ।
৭.পাচন তন্ত্ৰীয় সমস্যা
নতুনকৈ দেখা দিয়া গেষ্ট্ৰ’এণ্টেৰাইটিছ: হঠাৎ ঠাণ্ডাত উন্মুক্ত হোৱাৰ পিছত, সৃষ্টি হোৱা পাচনতন্ত্ৰৰ সমস্যা,যেনে
পেট খামুচি ধৰা,বমি আৰু মুখ শুকান হোৱাৰ দৰে লক্ষণ হ্ৰাস কৰাত একনাইটে সহায় কৰিব পাৰে। উৎকণ্ঠাজনিত-বদহজম: যিসকল ৰোগীৰ উদ্বেগ বা আতংকৰ ফলত পাচনতন্ত্ৰৰ সমস্যা বৃদ্ধি হয়, তেওঁলোকৰ বাবে একনাইটে মানসিক আৰু শাৰীৰিক দুয়োটা লক্ষণৰ সমাধানত সহায় কৰিব পাৰে।
৮.কাণৰ বিষ
অটিটিছ মিডিয়া: হঠাতে হোৱা কাণৰ বিষত একনাইট উপযোগী হ’ব পাৰে , বিশেষকৈ শিশুৰ ক্ষেত্ৰত। কাণখন গৰম আৰু কাণৰ ভিতৰত ধপং-ধপংকৈ মৰা যেন অনুভৱ হ’ব পাৰে, আৰু ৰাতি বিষ প্ৰায়ে বেছি হয়। এই ধৰণৰ কাণৰ বিষ সাধাৰণতে দেহত ঠাণ্ডা সোমোৱাৰ বাবে বা শুকান বতাহৰ সংস্পৰ্শলৈ অহাৰ পিছত হয়।
৯.মূত্ৰনলীৰ সমস্যা
চিষ্টাইটিছ আৰু প্ৰস্ৰাৱ অবৰোধ: নতুনকৈ হোৱা প্ৰস্ৰাৱৰ নলীৰ সংক্ৰমণৰ ক্ষেত্ৰত যদি জ্বলা-পোৰা আৰু বিষ থাকে, একনাইট ব্যৱহাৰ কৰিব পাৰি। ইয়াক বিশেষকৈ হঠাতে আৰম্ভ হোৱা লক্ষণসমূহৰ বাবে একনাইট ব্যৱহাৰৰ ইংগিত পোৱা যায় , যেনে প্ৰস্ৰাৱ কৰাত অসুবিধা,জ্বলা-পোৰা বিষ, আৰু উদ্বেগ আদি থাকে।
একনাইট নেপেলাচ(Aconite Napellus) ব্যৱহাৰ কৰাৰ বাবে মূল অৱস্থা সমূহ
প্ৰাথমিক পৰ্যায়: ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বাবে একনাইট সৰ্বোত্তম উপযুক্ত, বিশেষকৈ যেতিয়া লক্ষণসমূহ তীব্ৰ আৰু হঠাতে উৎপত্তি হয় ।
ঔষধ সেৱন আৰু শক্তি: হঠাৎ আৰু নতুনকৈ উপত্তি হোৱা অৱস্থাৰ বাবে নিম্নৰ পৰা মধ্যমীয়া শক্তিত (যেনে, 6C, 30C) এক’নাইট প্ৰদান কৰা হয়। গুৰুতৰ লক্ষণৰ ক্ষেত্ৰত অধিক শক্তি( যেনে-200x) ব্যৱহাৰ কৰিব পাৰি, কিন্তু শক্তি আৰু ঔষধ খোৱাৰ সঠিক সময় নিৰ্দেশনাৰ বাবে পেছাদাৰী হোমিওপেথৰ পৰামৰ্শ লোৱাটো ভাল।
মনত ৰাখিব লগীয়া: ইয়াৰ তীব্ৰতাৰ বাবে, এক’নাইট সাৱধানে ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ইয়াক ব্যৱহাৰ কৰাটো বাঞ্ছনীয় নহয়, কিয়নো ই মূলতঃ নতুন আৰু হঠাৎ উৎপন্ন হোৱা লক্ষণৰ বাবেহে উপযোগী।
সামৰণি
এক’নাইট নেপেলাচ হোমিওপেথীৰ এবিধ শক্তিশালী আৰু বহুমুখী ঔষধ,বিশেষকৈ নতুন আৰু হঠাৎ হোৱা ৰোগ, য’ত উৎকণ্ঠা,অস্থিৰতা,জ্বৰ আৰু জ্বলনি-পোৰণি আদি লক্ষণ থাকে তেনে ৰোগৰ বাবে ই এক মূল্যবান ঔষধ ।
ইয়াৰ ব্যৱহাৰৰ পৰিসৰ বিশাল। শ্বাস-প্ৰশ্বাস জনিত ৰোগ আৰু জ্বৰৰ পৰা আতংকৰ আক্ৰমণ আৰু হৃৎপিণ্ডৰ সমস্যালৈকে ই সামৰে ।
উপযুমক্ত আৰু সঠিকভাবে ব্যৱহাৰ কৰিলে,বিশেষকৈ ৰোগৰ লক্ষণ প্ৰকাশ পাওঁতেই যদি ব্যৱহাৰ কৰা হয়, একনাইটে কষ্টৰ পৰা দ্ৰুত সকাহ দিয়ে আৰু ৰোগ আগবঢ়াত বাধা দিয়ে ।
কিন্তু ইয়াক ব্যৱহাৰ কৰোঁতে বিশেষকৈ উচ্চ ক্ষমতা ব্যৱহাৰ কৰোঁতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।
2 thoughts on “এক’নাইট নেপেলাচ(Aconitum Napellus):সাধাৰণ লক্ষণ আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াৰ ব্যৱহাৰ”