পানী লগা ৰোগ বা সাধাৰণ চৰ্দি(Common Cold)ৰ কাৰণ আৰু লক্ষণ

প্ৰথমতেই যদি চিকিৎসা কৰা নহয় পানী লগা ৰোগো জটিল ৰোগলৈ ৰূপান্তৰ হ’ব পাৰে

পানী লগা বা সাধাৰণ চৰ্দি সাধাৰণতে বতৰ পৰিবৰ্ত্তন আৰু ঠাণ্ডা লগাৰ বাবে উৎপত্তি হয় ।

কিছুমান মানুহৰ বা ল’ৰা-ছোৱালীৰ বতৰ পৰিবৰ্ত্তন বা ঠাণ্ডা লগাৰ লগত সম্বন্ধ নেথাকি প্ৰায়ে সঘনাই পানী লাগি থাকে । তেনে কিছু উদাহৰণ হ’ল —

১. স্নায়ু দুৰ্বল হ’লে বা যৌন ব্যাধি থাকিলে প্ৰায়ে পানী লাগি থাকে ।

২. এডিনাইট ,পলিপি আদি নাকৰ ৰোগ হ’লে প্ৰায়ে পানী লাগি থাকে ।

৩. কিছুমান শকত-আবত লোক বা ল’ৰা-ছোৱালীৰ শৰীৰত ৰক্ততকৈ জুলীয়া পদাৰ্থ অধিক হ’লে প্ৰায়ে পানী লাগি থাকে ।

৪. থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটি যিবোৰ ল’ৰা-ছোৱালী আৰু মানুহ কটিয়া হয়, সেই মানুহ বা ল’ৰা-ছোৱালী বিলাকৰ প্ৰায়ে পানী লাগি থাকে ।

৫. গৰল ৰোগত ভোগা মানুহৰ প্ৰায়ে পানী লাগি থাকে ।

৬. লিভাৰৰ দোষত ভোগা মানুহৰ পানী লাগি থাকে ।

৭. টনছিল বা টনছিলাইটিছত ভোগা প্ৰায়ে পানী লাগি থাকে ।

পানী লগা ৰোগৰ চিকিৎসা হোমিওপেঠিকত অতি ফলপ্ৰসু ।

সাধাৰণ চৰ্দিৰ হোমিও চিকিৎসাৰ বিষয়ে জানিবলৈ পঢ়ক-

সাধাৰণ চৰ্দিৰ হোমিও চিকিৎসা