ডায়েবেটিছ কিয় হয় ? ইয়াৰ কাৰণ, লক্ষণ, আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা

 

 

This post contains affiliate links, which means I may earn a commission if you click through and make a purchase at no extra cost to you.For more details, please see our Affiliate Disclosure.

ডায়েবেটিছ কি?

ডায়েবেটিছ হৈছে শৰীৰৰ এনে এক দীৰ্ঘদিনীয়া অৱস্থা যি অৱস্থাত এজন লোকৰ শৰীৰে খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰা যি প্ৰক্ৰিয়া তাৰ ওপৰত প্ৰভাৱ পেলায়। আমি খোৱা খাদ্যত যি কাৰ্বহাইড্ৰেট থাকে খাদ্য খোৱাৰ পিছত সেই কাৰ্বহাইড্ৰেট ভাঙি গ্লুক’জ (চেনি)লৈ ৰূপান্lৰ হয়। এই চেনি তেজত প্ৰৱেশ কৰে। আনহাতে অগ্নাশয়ৰ দ্বাৰা উৎপন্ন হোৱা ইনচুলিন হৰম’নে গ্লুক’জ(চেনি) আমাৰ দেহৰ কোষত প্ৰৱেশ কৰাত সহায় কৰে । এই চেনি কোষৰ ভিতৰত এক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে শক্তিলৈ ৰূপান্তৰ হয় । ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন কৰিব নোৱাৰে অথবা উপাদন হোৱা ইনচুলিন ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। ফলত তেজত থকা গ্লুক’জৰ বাবে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়।

KRISHNA'S HERBAL & AYURVEDA Diabic Care Juice - 2000 Ml-Super Saver Pack
Amazonত কিনিবৰ বাবে ক্লিক কৰক

ডায়েবেটিছৰ প্ৰকাৰ

ডায়েবেটিছ ৰোগ মূল তিনিটা প্ৰকাৰৰ:

  • টাইপ ১ ডায়েবেটিছ: ই এনে এক এটা অটোইম্যুন অৱস্থা যি অৱস্থাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই অগ্নাশয়ৰ ইনচুলিন উৎপাদনকাৰী কোষবোৰক আক্ৰমণ কৰি ধ্বংস কৰি পেলায় । সাধাৰণতে শৈশৱ বা প্ৰাথমিক প্ৰাপ্তবয়স্ক কালত এই প্ৰকাৰৰ বিকাশ ঘটে।
  • টাইপ ২ ডায়েবেটিছ: এইটো আটাইতকৈ সাধাৰণ ৰূপ । ই প্ৰায়ে মেদবহুলতা আৰু বহি থকা জীৱনশৈলীৰ সৈতে জড়িত । এনে অৱস্থাত শৰীৰ ইনচুলিনৰ প্ৰতিৰোধী হৈ পৰে বা শৰীৰত ইনচুলিন পৰ্যাপ্ত পৰিমাণে উৎপাদন নহয়।
  • গৰ্ভাৱস্থাৰ ডায়েবেটিছ: গৰ্ভাৱস্থাত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন কৰিব নোৱাৰাৰ ফলত এই অৱস্থাৰ সৃষ্টি হয় । এই ডায়েবেটিছ সাধাৰণতে প্ৰসৱৰ পিছত ভাল হয় যদিও পিছৰ জীৱনত টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

ডায়েবেটিছৰ কাৰণ

ডায়েবেটিছৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি কেইবাটাও কাৰকে ডায়েবেটিছৰ বিকাশত অৰিহণা যোগায়:

১)বংশগত কাৰণ: পাৰিয়ালত যদি কাৰোবাৰ ডায়েবেটিছ ৰোগ হোৱাৰ ইতিহাস থাকে তেন্তে পিছৰ প্ৰজন্মলৈ এই ৰোগ বংশগতভাবে অহাৰ সম্ভাৱনা বৃদ্ধি পায়।

২) অটোইমিউনো প্ৰতিক্ৰিয়া: টাইপ ১ ডায়েবেটিছত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভুলকৈ অগ্নাশয়ৰ ইনচুলিন উৎপাদনকাৰী কোষবোৰক আক্ৰমণ কৰি ধ্বংস কৰি পেলায়।

৩) মেদবহুলতা: বিশেষকৈ টাইপ ২ ডায়েবেটিছৰ ক্ষেত্ৰত অতিৰিক্ত ওজনে বিশেষকৈ পেটৰ আশে-পাশে ওজনে ইনচুলিনৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ফলত পৰ্যাপ্ত ইনচুলিন উৎপাদন নহয় ।
৪) অলস জীৱনশৈলী: শাৰীৰিক কাৰ্যকলাপৰ অভাৱ টাইপ ২ ডায়েবেটিছৰ বাবে এক উল্লেখযোগ্য বিপদজনক কাৰক।

৫) খাদ্যাভাস: অধিক পৰিমাণে ৰিফাইন চেনি, অস্বাস্থ্যকৰ চৰ্বি, আৰু প্ৰচেছড খাদ্যৰ খোৱাৰ ফলত ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

৬) বয়স: সাধাৰণতে কম বয়সীয়া লোকৰ ক্ষেত্ৰত টাইপ ১ ডায়েবেটিছ হোৱাৰ বিপৰীতে ৪৫ বছৰৰ ওপৰৰ ব্যক্তিৰ ক্ষেত্ৰত টাইপ ২ ডায়েবেটিছ বেছিকৈ দেখা যায়।

৭) গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ ইতিহাস: গৰ্ভাৱস্থাত গৰ্ভাৱস্থাৰ ডায়েবেটিছ হোৱা মহিলাসকলৰ টাইপ ২ ডায়েবেটিছৰ প্ৰৱণতা বেছি।

৮) পলিচিষ্টিক অভাৰী চিণ্ড্ৰম (PCOS): পিচিঅ’এছ ৰোগত ভুগি থকা মহিলাৰ ইনচুলিনৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি।

ডায়েবেটিছৰ লক্ষণ

শৰীৰৰ তেজত চেনিৰ পৰিমাণ কিমান বেছি তাৰ ওপৰত নিৰ্ভৰ কৰি ডায়েবেটিছৰ লক্ষণ বেলেগ বেলেগ হ’ব পাৰে। সাধাৰণ লক্ষণ সমূহ হ’ল-
১) সঘনাই প্ৰস্ৰাৱ হোৱা (Polyuria): তেজত গ্লুক’জৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে শৰীৰে অতিৰিক্ত চেনি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি আঁতৰাবলৈ চেষ্টা কৰে। ফলত প্ৰস্ৰাৱৰ প্ৰৱনতা বৃদ্ধি পায় ।
২) অত্যধিক পিয়াহ (Polydipsia): সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে শৰীৰত পানী অধিক প্ৰয়োজন হয়, যাৰ ফলত পিয়াহ বৃদ্ধি পায় ।
৩) ক্ষুধা বৃদ্ধি (Polyphagia): খাদ্য খোৱাৰ পিছতো শৰীৰে গ্লুক’জ সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে ব্যক্তিয়ে অত্যধিক ভোক অনুভৱ কৰিব পাৰে।
৪) ব্যাখ্যাহীন ওজন হ্ৰাস: বিশেষকৈ টাইপ ১ ডায়েবেটিছত স্বাভাৱিকভাৱে খাদ্য খোৱাৰ পিছতো ওজন কমি যাব পাৰে।
৫) ভাগৰ অনুভৱ: কোষত চেনিৰ অভাৱত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে।
৬) অস্পষ্ট দৃষ্টি: তেজত চেনিৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত চকুৰ লেন্সত তৰল পদাৰ্থৰ পৰিমাণ কমি যায় আৰু চকুৰ লেন্স ফুলি যায় ,যাৰ ফলত আপোনাৰ ফোকাচ কৰাৰ ক্ষমতাত প্ৰভাৱ পৰে। যাৰ ফলত দৃষ্টিশক্তি ম্লান হৈ পৰে ।
৭) সহজে ভাল নোহোৱা ঘা: তেজত চেনিৰ পৰিমাণ অধিক হোৱাৰ কাৰণত শৰীৰৰ প্ৰতিটো কোষলৈ সতেজ তেজ সঞ্চালনৰ অভাৱ হয়, ফলত শৰীৰৰ ঘা ভাল হোৱাৰ ক্ষমতাত ব্যাঘাত জন্মে।
৮) সঘনাই সংক্ৰমণ: ডায়েবেটিছ ৰোগীৰ সংক্ৰমণৰ সম্ভাৱনা বেছি, বিশেষকৈ ছাল, দাঁতৰ আলু, আৰু প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ।
৯) অংগৰ চেতনাহীনতা বা জিনজিননি: ডায়েবেটিছে স্নায়ুৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত বিশেষকৈ ভৰি আৰু হাতত জিনজিননি অনুভৱ হয়। এইটো স্নায়ুৰ ক্ষতিৰ লক্ষণ (ডায়েবেটিক নিউৰ’পেথী)।

ডায়েবেটিছৰ হোমিওপেথিক চিকিৎসা

হোমিওপেথীয়ে ডায়েবেটিছৰ চিকিৎসাৰ বাবে ব্যক্তিগতকৃত পদ্ধতি আগবঢ়ায়, যাৰ লক্ষ্য হৈছে শৰীৰৰ আভ্যন্তৰীণ ব্যৱস্থাসমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰা আৰু সামগ্ৰিক সুস্থতা বৃদ্ধি কৰা। ই ৰোগৰ লক্ষণ আৰু মূল কাৰণ দুয়োটাকে সমাধান কৰে। হোমিওপেথীয়ে ডায়েবেটিছ সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰিলেও ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, সামগ্ৰিক স্বাস্থ্য উন্নত কৰিব পাৰে, আৰু জটিলতা হ্ৰাস কৰিব পাৰে। ডায়েবেটিছৰ লক্ষণসমূহ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা কিছুমান সাধাৰণ হোমিঅ’পেথিক প্ৰতিকাৰৰ বিষয়ে উল্লেখ কৰা হ’ল:

১.চিজিজিয়াম জাম্বোলানাম (Syzygium Jambolanum): তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ফলপ্ৰসূতাৰ বাবে পৰিচিত Syzygium Jambolanum য়ে তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু অত্যধিক পিয়াহ আৰু প্ৰস্ৰাৱ হ্ৰাস কৰিব পাৰে।

  • ব্যৱহাৰ : বিশেষকৈ তেজৰ চেনিৰ মাত্ৰা অতি বেছি হোৱা ক্ষেত্ৰত ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ই অন্যতম বহুলভাৱে ব্যৱহৃত প্ৰতিকাৰ।
  • লক্ষণ: পিয়াহ আৰু প্ৰস্ৰাৱ বৃদ্ধি, ওজন কমোৱাৰ প্ৰৱণতা থাকে। প্ৰস্ৰাৱত থকা চেনি (গ্লাইকোছুৰিয়া) কমোৱাতো ই ফলপ্ৰসূ।

২) ফচফৰিক এচিড : অত্যন্ত ক্লান্তি, ওজন কমি যোৱা, মানসিক ভাবে নিস্তেজ হোৱা ডায়েবেটিছ ৰোগীৰ বাবে এই ঔষধ প্ৰায়ে প্ৰেছক্ৰিপচন কৰা হয়।

  • ব্যৱহাৰ : স্নায়ুৰ দুৰ্বলতা আৰু অত্যধিক মানসিক চাপৰ ফলত হোৱা ডায়েবেটিছৰ বাবে উপকাৰী।
  • লক্ষণ: গভীৰ দুৰ্বলতা, উদাসীনতা। ৰোগীয়ে পলিইউৰিয়া (সঘনাই প্ৰস্ৰাৱ কৰা)ত ভুগিব পাৰে, আৰু প্ৰস্ৰাৱত সাধাৰণতে চেনিৰ পৰিমাণ বেছি হয়।

৩) ইউৰেনিয়াম নাইট্ৰিকাম : যদি ৰোগীৰ অত্যন্ত ওজন কমি যায় আৰু অত্যধিক প্ৰস্ৰাৱ কৰে তেওঁলোকৰ বাবে ফলপ্ৰসূ । ইউৰেনিয়াম নাইট্ৰিকামে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

  • ব্যৱহাৰ: বিশেষকৈ ডায়েবেটিছৰ কাৰণ হোৱা পাচনতন্ত্ৰৰ সমস্যাৰ ইতিহাস থকা ৰোগীৰ ক্ষেত্ৰত ডায়েবেটিছৰ বাবে এক মূল প্ৰতিকাৰী ঔষধ।
  • লক্ষণ: সঘনাই প্ৰস্ৰাৱ কৰা, তীব্ৰ পিয়াহ, অত্যধিক ভোক, আৰু পৰ্যাপ্ত খাদ্য খোৱাৰ পিছতো ওজন কমি যোৱা। এই ঔষধে প্ৰস্ৰাৱত থকা এলবুমিন পৰিচালনাতো সহায় কৰে।

৪) নেট্ৰাম চালফুৰিকাম (Natrum Sulphuricum) : যদি ডায়েবেটিছ ৰোগীৰ জিনীয় বা বংশগত ডায়েবেটিছ হোৱাৰ ইতিহাস থাকে তেন্তে নেট্ৰাম চালফুৰিকাম ফলপ্ৰসূ।

  • ব্যৱহাৰ: ডায়েবেটিছৰ সৈতে যকৃতৰ বিকাৰৰ সম্পৰ্ক থাকিলে এই ঔষধ ব্যৱহাৰ কৰা হয়। ই ইনচুলিন নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু পেট ফুলা কমায়।
  • লক্ষণ : প্ৰস্ৰাৱত চেনিৰ মাত্ৰা অধিক হোৱা, পেট ফুলা, আৰু অত্যধিক গেছ হোৱা, বিশেষকৈ ষ্টাৰ্চি বা চেনিযুক্ত খাদ্য খোৱাৰ পিছত। ছালৰ ৰোগ হোৱাৰ প্ৰৱণতাও থাকিব পাৰে।

৫) লেক্টিক এচিড : পাচনতন্ত্ৰৰ গুৰুতৰ সমস্যা থকা ৰোগীৰ বাবে লেক্টিক এচিড উপযোগী । ই বমি, আৰু তীব্ৰ পিয়াহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
ব্যৱহাৰ : টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী যিসকলে অত্যন্ত ক্লান্তি আৰু পাচনতন্ত্ৰৰ সমস্যাত ভোগে।
লক্ষণ : সামাণ্য পৰিশ্ৰমৰ পিছত গুৰুতৰ ক্লান্তি, লগতে গেষ্ট্ৰাইটিছৰ অসুবিধা যেনে হাৰ্টবাৰ্ণ, বমি, আৰু বমি ভাৱ অনুভৱ হয় ।

৬) আৰ্চেনিকাম এলবাম (Arsenicum Album) :

  • ব্যৱহাৰ: ৰোগীয়ে যদি ঠাণ্ডা আৰু দুৰ্বল অনুভৱ কৰে । অস্থিৰ উদ্বেগত ভোগে । অত্যন্ত পিয়াহ অনুভৱ কৰে তেন্তে আৰ্চেনিকাম এলবাম ব্যৱহাৰ কৰা হয় ।
  • লক্ষণ: দুৰ্বলতা, অদম্য পিয়াহ, আৰু কম পৰিমাণে বাৰে বাৰে পানী পিয়াৰ প্ৰবল আকাংক্ষা। ৰোগীয়ে অত্যন্ত ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু ঠাণ্ডা অনুভৱ কৰাৰ প্ৰৱণতা থাকিব পাৰে।

৭) চেফালেণ্ড্ৰা ইণ্ডিকা

  • ব্যৱহাৰ: এই ঔষধে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰাত আৰু ডায়েবেটিছৰ জটিলতা যেনে ছালৰ অৱস্থা আৰু আলচাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
  • লক্ষণ: মুখ শুকান, পিয়াহ বৃদ্ধি, আৰু অত্যধিক প্ৰস্ৰাৱ। ইয়াৰ উপৰিও ই ছালৰ সমস্যা, বিশেষকৈ আলচাৰ আৰু ডায়েবেটিছৰ সৈতে জড়িত ঘা ভাল হোৱাত সহায় কৰে।

৮) আব্ৰোমা অগাষ্টা (Abroma Augusta) :

  • ব্যৱহাৰ: তেজত চেনিৰ মাত্ৰা বেছি হোৱাৰ বাবে ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰা ৰোগীৰ বাবে এই ঔষধ উপকাৰী।
  • লক্ষণ: অহৰহ ভাগৰুৱা, দৈনন্দিন কাম-কাজ কৰিব নোৱাৰা, আৰু প্ৰচুৰ ঘাম ওলোৱা। ৰোগীয়েও খাদ্য খাবলৈ প্ৰবল হেঁপাহ অনুভৱ কৰিব পাৰে অথচ দ্ৰুতগতিত ওজন কমি যায়।

৯) আৰ্জেণ্টাম মেটালিকাম (Argentum Metallicum) : এই ঔষধ ব্যৱহাৰ কৰা হয় যেতিয়া ৰোগীয়ে সঘনাই প্ৰস্ৰাৱ কৰা, ক্ষীণাই যোৱা, আৰু চেনি হজম কৰিব নোৱাৰা হয়।

১০) ইনচুলিনাম ( Insulinum): ই হ’ল ইনচুলিনৰ হোমিওপেথিক প্ৰস্তুতি যিয়ে ডায়েবেটিছ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিকভাৱে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব পাৰে।

ডায়েবেটিছ ফলপ্ৰসূভাৱে পৰিচালনা কৰাত সুষম জীৱনশৈলীৰ ভূমিকা :

ডায়েবেটিছ ফলপ্ৰসূভাৱে পৰিচালনা কৰাত সুষম জীৱনশৈলীৰ ভূমিকা অপৰিসীম । তলত কিছুমান ডায়েবেটিছ ৰোগীয়ে পালন কৰিব লগীয়া টিপছ উল্লেখ কৰা হ’ল ।

সুষম খাদ্য : গোটা শস্য, সতেজ শাক-পাচলি, চৰ্বিহীন প্ৰটিন, আৰু স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ খাদ্য খোৱা উচিত । প্ৰচেছড খাদ্য, ৰিফাইন কাৰ্বহাইড্ৰেট আৰু চেনিযুক্ত খাদ্যৰ পৰিমাণ সীমিত কৰা উচিত ।
নিয়মীয়া ব্যায়াম : নিয়মিত শাৰীৰিক কাৰ্য্যকলাপ যেনে খোজ কঢ়া, যোগাসন, বা সাঁতোৰ আদিয়ে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে । প্ৰতি দিনে কমেও ৩০ মিনিট ব্যায়াম কৰাৰ উচিত ।
হাইড্ৰেটেড হৈ থকা : প্ৰচুৰ পৰিমাণে পানী খাব লাগে । পানীয়ে প্ৰস্ৰাৱৰ জৰিয়তে অতিৰিক্ত চেনি আঁতৰোৱাত সহায় কৰে ।
ওজন নিয়ন্ত্ৰণ : স্বাভাৱিক ওজন বজাই ৰাখিলে দেহৰ ইনচুলিন প্ৰতি গঢ়ি উঠা প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব পাৰে আৰু সামগ্ৰিকভাৱে তেজৰ চেনিৰ নিয়ন্ত্ৰণ উন্নত কৰিব পাৰে।
মানসিক চাপ নিয়ন্ত্ৰণ : দীৰ্ঘদিনীয়া মানসিক চাপে তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। ধ্যান, গভীৰ উশাহ-নিশাহ, যোগাসনৰ অভ্যাসৰ দ্বাৰা মনক শান্ত কৰি ৰখাৰ কৌশলৰ অভ্যাস কৰা উচিত।
নিয়মিত নিৰীক্ষণ : তেজ পৰীক্ষা কৰাই দেহৰ চেনিৰ মাত্ৰা নিয়মিতভাৱে খবৰ ৰখা উচিত আৰু সেই অনুসৰি চিকিৎসা ব্যৱস্থা কৰা উচিত ।

উপসংহাৰ

ডায়েবেটিছ হৈছে এক জটিল অৱস্থা । ইয়াৰ ফলত হৃদৰোগ, বৃক্কৰ ক্ষতি, স্নায়ুৰ সমস্যা আদি জটিলতা ৰোধ কৰিবলৈ সাৱধানে চিকিৎসা কৰা তথা নিয়ম মানি চলা প্ৰয়োজন। আধুনিক চিকিৎসা বিজ্ঞানে ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰিলেও হোমিওপেথীয়ে ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে এক স্বাভাৱিক, সামগ্ৰিক পদ্ধতি প্ৰদান কৰে। Syzygium Jambolanum, Phosphoric Acid, আৰু Uranium Nitricumৰ দৰে ঔষধে লক্ষণসমূহ উপশম কৰাত সহায় কৰিব পাৰে । অৱশ্যে হোমিওপেথিক চিকিৎসা সদায় যোগ্য চিকিৎসকৰ নিৰ্দেশনাত ল’ব লাগে । ইয়াৰ লগতে খাদ্য, ব্যায়াম, মানসিক চাপ নিয়ন্ত্ৰণৰ দৰে জীৱনশৈলীৰ পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ দিব লাগে।