ডায়েৰীয়া হোৱাৰ বহু কাৰণৰ ভিতৰত এটা হ’ল হজম শক্তি কম হোৱা । হজম শক্তি কম হৈ ডায়েৰীয়া হোৱাৰ লক্ষণ হ’ল-
- যি খায় হজম নহয় । খোৱা খাদ্য শৌচৰ লগত ওলায় ।
- খোৱাৰ পাছতেই শৌচ কৰিব লাগে বা খাই থাকোতেই শৌচ কৰিব লাগে ।
- শৌচৰ লগত বায়ু যায় ।
হজম শক্তি কম হৈ ডায়েৰীয়া হ’লে হোমিওপেথিকত ইয়াৰ খুব ফলপ্ৰসু চিকিৎসা আছে ।
হজম শক্তি কম হৈ ডায়েৰীয়া হ’লে ব্যৱহাৰ হোৱা হোমিও ঔষধ :
CHINA- হজম শক্তি কম হৈ ডায়েৰীয়া হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয় যদিহে ৰোগৰ লক্ষণ মিলে ।
এই ঔষধ ব্যৱহাৰ হোৱাৰ বিশেষ লক্ষণ হ’ল যি খাদ্য খায় সেই খাদ্য হজম নহৈ গোটা হৈ শৌচৰ লগত ওলায় ।
এনে লক্ষণ পালে CHINA ব্যৱহাৰ হয় ।
ৰোগ যদি পুৰণি হয় তেন্তে Olenda ব্যৱহাৰ হয় । ( Podophylum আৰু Graphitisও ব্যৱহাৰ হয় । )
ARGENTUM NITRICUM- এই ঔষধ ব্যৱহাৰ কৰিব লগা ৰোগীৰ খোৱাৰ পাছতেই শৌচ কৰিব লাগে । শৌচৰ লগত বায়ু যায় । ভৰিৰ কলাফুল অতি ক্ষীণ হয় ।
এনে লক্ষণ পালে আৰ্জেণ্টাম নিট্ৰিকাম ব্যৱহাৰ হয় ।
মন কৰিব লগীয়া যে ভৰিৰ কলাফুল ক্ষীণ হ’লে ABROTANUM নামৰ ঔষধটোও ব্যৱহাৰ হ’ব পাৰে ।
FERRUM METELICUM-খাই থাকোতেই বা খোৱাৰ পিছতেই যদি শৌচ হয় তেন্তে এই ঔষধ ব্যৱহাৰ হয় । এই ঔষধৰ আন লক্ষণ হল -খোৱা খাদ্য অজীৰ্ণ হৈ শৌচৰ লগত ওলায় । ৰোগী ৰক্তহীনতাত ভোগে ।
মন কৰিব লগীয়া যে এই লক্ষণবোৰ CHINAতো পোৱা যায় । গতিকে প্ৰয়োজন বোধ কৰিলে দুয়োটা ঔষধ ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব পৰা যায় ।
MAGNESIA CARB--এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল কেঁচুৱা বা সৰু ল’ৰা-ছোৱালীবোৰৰ গাখীৰ হজম নহৈ শৌচৰ লগত টকুৰা-টুকুৰ কৈ ওলায় ।
শৌচৰ ৰং সেউজীয়া বা ঘোলা হয় । টেঙা গন্ধযুক্ত শৌচ হয় । পেটত ভয়ানক বিষ থাকে ।
এনে লক্ষণ পালে মেগনেছিয়া কাৰ্ব ব্যৱহাৰ কৰা হয় ।