This post contains affiliate links, which means I may earn a commission if you click through and make a purchase at no extra cost to you. For more details, please see my Affiliate Disclosure.
এই ৰোগক বাধক বা অনিয়মিত ঋতুস্ৰাৱৰ ৰোগ বুলিও কোৱা হয় । এই ৰোগত মহিলাই পেটৰ তলৰ অংশত বিষ অনুভৱ কৰে ৷ ঋতুস্ৰাৱ নিয়মিতভাৱে নহয়। ঋতুস্ৰাৱ অতি কম হয়।
ডিচমেন’ৰিয়া তিনি প্ৰকাৰৰ :
১) যান্ত্ৰিক ডিচমেন’ৰিয়া
২) কনজেষ্টিভ ডিছমেন’ৰিয়া
৩) স্নায়ুজনিত ডিচমেন’ৰিয়া
যান্ত্ৰিক ডিচমেন’ৰিয়া: এই ধৰণৰ ডিচমেন’ৰিয়াত কিছুমান কাৰণত জৰায়ুৰ স্থানচ্যুতিৰ হৈ প্ৰাকৃতিক ঋতুস্ৰাৱৰ প্ৰবাহত বাধা দিয়ে । ঋতুস্ৰাৱৰ সময়ত পেটৰ তলৰ অংশত বিষ অনুভৱ হয় ৷ গতিকে ইয়াক মেকানিকেল ডিছমেন’ৰিয়া বুলি কোৱা হয় । যান্ত্ৰিক ডিছমেন’ৰিয়াত ঋতুস্ৰাৱৰ প্ৰবাহ অতি কম হয়। মহিলা গৰাকী বন্ধ্যা হৈ পৰে ৷
কনজেষ্টিভ ডিছমেন’ৰিয়া : এই ডিচমেন’ৰিয়াত জৰায়ুত তেজ জমা হয় আৰু ই ফুলি উঠে। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ ৪/৫ দিনৰ আগতে এই লক্ষণসমূহ দেখা দিয়ে। যেতিয়া ঋতুস্ৰাৱৰ প্ৰবাহ আৰম্ভ হয়, তেতিয়া বিষ নাইকিয়া হয়। পুনৰ তেজ জমা হ ’লে লক্ষণবোৰ পুনৰ দেখা দিয়ে ৷ বিষ প্ৰায় এসপ্তাহলৈকে থাকে ৷ ঋতুস্ৰাৱৰ প্ৰবাহত তেজৰ চেকুৰা দেখা যায়। তেজৰ চাপৰ ফলত কিছুমান মহিলাৰ জৰায়ু ঠেলি বাহিৰলৈ ওলাই অহা দেখা যায়। অৰ্শ ৰোগ হয় । কাৰোবাৰ শৰীৰত জ্বৰ দেখা দিয়ে।
স্নায়ুজনিত ডিচমেন’ৰিয়া : এই ৰোগত স্নায়ুৰ বিষ হয় ৷ হেঁচা মাৰি ধৰিলে, গৰম সেক দিলে, প্ৰচুৰ ঋতুস্ৰাৱৰ প্ৰবাহ হ’লে বিষৰ পৰা উপশম পায় । ঋতুস্ৰাৱৰ প্ৰবাহ অতি কম। যদি হিষ্টেৰিয়াৰ ইতিহাস থাকে, তেন্তে ইয়াক প্ৰায়ে নিউৰেলজিক ডিছমেন’ৰিয়াৰ সৈতে পোৱা যায়। ( হিষ্টেৰিয়া অন্যান্য কাৰণতো হয় । )
লক্ষণ যদি একে হয়, তেন্তে মেকানিকেল, কনজেষ্টিভ আৰু নিউৰেলজিক ডিছমেন’ৰিয়াত একেবিধ ঔষধ ব্যৱহাৰ কৰা হয় ।
ঋতুস্ৰাৱ কম হোৱাৰ ঔষধ :
Baryta Carb : যিসকল মহিলা চুটি-চাপৰ সাধাৰণতে তেওঁলোকৰ ওপৰত এই ঔষধ ব্যৱহাৰ কৰা হয় ।
যি ৰোগীৰ হাত আৰু ভৰিৰ তলুৱা ঘামে ,মানসিক বিকাৰগ্ৰস্ত, তেওঁৰ ওপৰত Baryta Carb ব্যৱহাৰ কৰা হয় । ঋতুস্ৰাৱৰ প্ৰবাহ অতি কম। ১ বা ২ দিনতকৈ বেছি নহয়। শৰীৰ সকলো সময়তে চেঁচা হৈ থাকে আৰু সকলো সময়তে জাৰ অনুভৱ কৰে ।
Pulsatilla : যৌৱনত যদি মহিলাৰ ঋতুস্ৰাৱৰ কোনো নিৰ্দিষ্ট দিন নাথাকে। বিষ অনিয়মিত হয় ৷ কেতিয়াবা বেছি ,কেতিয়াবা কম ৷ কোনোটোৱেই একে ধৰণৰ নহয়। তেনে লক্ষণ পালে Pulsatilla ব্যৱহাৰ কৰা হয়।
যিজন ৰোগীৰ ওপৰত Pulsatilla ব্যৱহাৰ কৰিব লাগে,তেনে ৰোগীৰ ঋতুস্ৰাৱ কেতিয়াও সময়মতে নহয় ৷ ই সদায় অতি দেৰিকৈ হয়। ঋতুস্ৰাৱ প্ৰায়ে ৰাতি নহয়। ঋতুস্ৰাৱ দিনৰ সময়ত বেছি হয়। ( যদি ৰোগীয়ে টোপনিৰ বাবে শোৱাৰ লগে লগে ঋতুস্ৰাৱ হয় তেন্তে Kreosotum ব্যৱহাৰ কৰা হয় ৷)
বয়সস্থ মহিলাৰ ক্ষেত্ৰত যদি পালচাটিলাৰ লক্ষণ দেখা যায়, তেন্তে পালচাটিলাৰ পৰিৱৰ্তে চাইলিচিয়া ( Silicia ) ব্যৱহাৰ কৰিব লাগে।
Graphites : যদি ৰোগীৰ ঋতুস্ৰাৱ অতি পলমকৈ হয় আৰু প্ৰবাহ অতি কম হয় তেন্তে গ্ৰেফাইটিছ ব্যৱহাৰ কৰা হয় । ৰোগীৰ তল পেটত অসহ্য বিয থাকে । গ্ৰেফাইটিছ ব্যৱহাৰ কৰিব লগীয়া ৰোগী সাধাৰণতে দেখাত ধুনীয়া আৰু শকত হয় । শৌচ কঠিন হয় । এই কেইটা লক্ষণ নেপালে গ্ৰেফাইটিছ ব্যৱহাৰ কৰিব লগীয়া স্ত্ৰীৰ উপৰত পালসেটিলা বা সাইলিছিয়া ব্যৱহাৰ কৰিব লাগে ।
Calcarea Phosphorica : এই ঔযধ ব্যৱহাৰ কৰিব লগীয়া মহিলাৰ বয়স হ’লে 2/3 মাহৰ মূৰত এবাৰ মাহেকীয়া হয় । ঋতুস্ৰাৱ হোৱাৰ কেইদিন মান আগত, হৈ থাকোতে আৰু ঋতুস্ৰাৱ হৈ যোৱাৰ কেইদিন মান পিছ্লৈকে তল পেটত বিষ থাকে । ভোক ভাল দৰে নেলাগে । মূৰত বিষ থাকে ।
এই ঔষধ যৌৱন কালত ব্যৱহাৰ কৰিব ৰোগীৰ অতি সোনকালে ১০/১৫ দিনৰ অন্তৰে অন্তৰে ঋতুস্ৰাৱ হৈ থাকে । ৰোগী অজীৰ্ণ ৰোগ থাকে । মুখত শাল মইনা থাকে । মূৰত বিষ থাকে । প্ৰকৃত বয়সতকৈ ওখ আৰু কুজা হয় ।
Causticum : এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ ঋতুস্ৰাৱ ঘনাই হয় । কিন্তু ঋতুস্ৰাৱ অতি কম পৰিমানে হয় । ঋতুস্ৰাৱ কেৱল দিনৰ ভাগত হয় । ৰাতি শোৱাৰ লগে লগে ঋতুস্ৰাৱ বন্ধ হৈ যায় ।হাত ভৰি জঠৰ হোৱাৰ দৰে অনুভৱ কৰে । কিছুমান ৰোগীৰ ঘনাই প্ৰস্ৰাৱ লগা , পুৰণি কাহ আদি থাকে ।
Conium Maculatum : এই ঔযধ ব্যৱহাৰ হোৱা স্ত্ৰী লোক সকলৰ অতি কম পৰিমানে আৰু অতি পলমকৈ ঋতুস্ৰাৱ হয় । ঋতুস্ৰাৱ অতি কম দিন হয় । ঋতুস্ৰাৱ হোৱাৰ আৰম্ভনিত ঘামচিৰ দৰে উদ্ভেদ ওলায় । ঋতুস্ৰাৱ কম হোৱাৰ লগে লগে উদ্ভেদ নোহোৱা হয় । কিছুমান ৰোগীৰ অতিৰিক্ত ঘাম হয় । মূৰ ঘূৰণি থাকে । বিছনাত শোলে মূৰ ঘূৰণি বাঢ়ে । দেহত চেঁচা পানী লাগিলে ঋতুস্ৰাৱ বন্ধ হৈ যায় ।
Lac Defloratum : এই ঔযধ ব্যৱহাৰ হোৱা স্ত্ৰী লোক সকলৰ ঋতুস্ৰাৱ অতি পলমকৈ হয় । কিছুমান ৰোগীৰ শৌচ অতি টান হয় । শৌচ কৰিবলৈ ইচ্ছা নেযায় । অতিৰিক্ত মূৰৰ বিষ আৰু বমি হয় ।
Lilium Tigrinum : এই ঔযধ ব্যৱহাৰ হোৱা স্ত্ৰী লোক সকলৰ ঋতুস্ৰাৱ অতি ঘনাই হ য় । কিন্তু ঋতুস্ৰাৱ কম পৰিমানে হয় । খোজ কাঢ়ি থাকিলে ঋতুস্ৰাৱ হয় । খোজ কঢ়া বন্ধ হ’লে ঋতুস্ৰাৱ বন্ধ হয় । ঋতুস্ৰাৱৰ সময়ত অতিৰিক্ত পেটৰ বিষ হয় । পেটৰ ভিতৰত নাড়ী আদি তললৈ নামি বাহিৰলৈ ওলাই অহা যেন অনুভৱ হয় । ( Lac Caninum, Murex আৰু Sepia তো এই লক্ষণ পোৱা যায় । )এইবোৰ লক্ষণৰ লগত ৰোগীৰ হৃদ ৰোগ থাকে ( Cimicifuga তো এই লক্ষণ পোৱা যায়। )