সঘনাই ব্যৱহাৰ হোৱা কেইটামান অতি প্ৰয়োজনীয় হোমিওপেথিক ঔষধ

হোমিওপেখিত চিকিৎসা ব্যৱস্থাত যি সমূহ ঔষধ ব্যৱহাৰ কৰা হয় তাৰ সীমা-সংখ্যা সঠিককৈ কোৱা টান কাৰণ নতুন নতুন ঔধষৰ পৰীক্ষা আৰু আৱিষ্কাৰ হৈয়ে আছে । তথাপিও হোমিওপেথিক চিকিৎসাত কেইবিধমান ঔষধৰ ব্যৱহাৰ অতি সঘনাই হোৱা দেখা যায় । এই কেইবিধ ঔষধৰ বিষয়ে কিছু জ্ঞান আয়ত্ব কৰি ৰাখিলে সততে হোৱা জ্বৰ,বমি,পানী লগা আদি সৰু-সুৰা বেমাৰ আদিৰ পৰা প্ৰথম অৱস্থাতে আৰোগ্য লাভ কৰিব পাৰা যায় । সেয়ে তলত তেনে কেইবিধমান ঔষধৰ বিষয়ে আলোচনা কৰা হৈছে ।

একোনাইটাম নেপিলাচ (Aconitum Napellus)

একোনাইট নেপিলাচ হৈছে প্ৰায়বোৰ ৰোগৰে প্ৰথম অৱস্থাত ব্যৱহাৰ হোৱা ঔষধ । হোমিওপেথিক চিকিৎসাত একোনাইটৰ ওপৰত থকা ই এক সাধাৰণ ধাৰণা ।

একোনাইট নেপিলাচ হৈছে এবিধ বিহ । সৰহ পৰিমাণে খালে ই মানুহৰ মৃত্যু ঘটাব পাৰে । অৱশ্যে হোমিওপেথিক ঔষধ ৰূপে ব্যৱহাৰ হওঁতে ইয়াক অতি সুক্ষ্ম পৰিমাণত ব্যৱহাৰ কৰা হয় ।

হোমিওপেথিক ব্যৱস্থাত ঔষধ প্ৰস্তুতকৰণ এক অতি ৰহস্যময় গুঢ় তত্বৰ ওপৰত আধাৰিত । যি পদাৰ্থ সৰহ পৰিমাণে ভক্ষণ কৰিলে দেহৰ ক্ষতি হ’ব পাৰে তেমে পদাৰ্থ অতি সুক্ষ্ম পৰিমাণত ব্যৱহাৰ কৰিলে ই এক ঔষধৰ কাম কৰে । কিছুমান পদাৰ্থ বা বস্তু সৰহ পৰিমাণে আমি সদায়ে খাদ্য ৰূপে খাওঁ অথচ ই ঔষধৰ লক্ষণ প্ৰকাশ নকৰে । কিন্তু সেই একেবিধ পদাৰ্থ যদি অতি সুক্ষ্ম পৰিমাণত ব্যৱহাৰ কৰা হয় সিয়েই এক ঔষধৰ দৰে কাম কৰি দেৰহ ব্যধী নিৰ্মূল কৰিব পাৰে । যেনে নিমখ । নিমখৰ পৰা নোট্ৰাম মিউৰেটিকাম নামৰ ঔষধ তৈয়াৰ কৰা কৰা হয় ।

যদিও একোনাইট ৰোগৰ প্ৰথম অৱস্থাতে ব্যৱহাৰ কৰা হয় তাৰ বাবে কেতবোৰ লক্ষণ প্ৰকাশ পোৱা উচিত । সেই লক্ষণবোৰ ভালকৈ নিৰীক্ষণ কৰি ধৰা পেলাব পাৰিলে আৰু সেই অনুসৰি একোনাইট নেপিলাচ ব্যৱহাৰ কৰিলে প্ৰায়বোৰ জ্বৰ,বমি,প্ৰদাহ আদি প্ৰথম অৱস্থাতে নিৰাময় কৰিব পৰা যায় ।

যি লোক বলিষ্ঠ আৰু স্বাস্থ্যবান তেনে লোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক । তেনে লোকৰ দেহত ৰোগৰ বীজাণু প্ৰৱেশ কৰাৰ লগে লগে শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাই অতি ক্ষিপ্ৰতাৰে প্ৰতিৰোধ গঢ়ি তোলে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ পায়। ফলত লোক জনৰ দেহত তীব্ৰ জ্বৰ দেখা দিয়ে । এই জ্বৰৰ তাপ মাত্ৰা অধিক হয়,পালচ বিট অতি ক্ষিপ্ৰ হয় । ৰোগী স্থিৰে থাকিব নোৱাৰে । চটফটাই থাকে ।

একোনাইট নেপিলাচৰ ক্ৰিয়া ক্ষণস্থায়ী কিন্তু অতি তীব্ৰ ।

সাধাৰণতে অতি গৰমত বা প্ৰখৰ ৰ’দত ঘামি-জামি আহি হঠাৎ যদি এয়াৰ কণ্ডিচনাৰ যুক্ত ঠাণ্ডা কোঠাত প্ৰৱেশ কৰা হয় বা ফেনৰ বতাহ লোৱা হয় বা ঠাণ্ডা পানীৰে গা ধোৱা হয় তেন্তে লোকজনৰ দেহৰ তাপ ওলাই যাব নোৱাৰে আৰু ইয়াৰ প্ৰতিক্ৰিয়া ৰূপে জ্বৰ হব পাৰে । গ্ৰীষ্মকালত প্ৰখৰ ৰ’দৰ পৰা আহি বা অতি গৰম দিনত আইচক্ৰীম আদি খালেও হঠাৎ জ্বৰ-পানী লগা আদি হব পাৰে । এনেবোৰ কাৰণত হঠাৎ জ্বৰ হ’লে একোনাইট ব্যৱহাৰ কৰা উচিত । অৰ্থাৎ হঠাৎ যদি দেহত ঠাণ্ডা সোমায় ইয়াৰ ফলত হঠাৎ হোৱা ৰোগৰ চিকিৎসাত একোনাইট নেপিলাচ ব্যৱহাৰ কৰা হয় ।

সেই একেধৰণে শীত কালত কম কাপোৰ পিন্ধাৰ বাবে প্ৰচণ্ড চেঁচা বতাহ লাগি দেহত ঠাণ্ডা সোমালে হঠাৎ প্ৰচণ্ড জ্বৰ দেখা দিব পাৰে । তেনে ধৰণৰ জ্বৰত একোনাইট ব্যৱহাৰ কৰিলে জ্বৰ অতি কম সময়তে নিৰ্মূল হয় ।

যি জ্বৰ লাহে লাহে আৰম্ভ হৈ কেইবাদিনৰ মূৰত পূৰ্ণ ৰূপ লয় তেনে ধৰণৰ জ্বৰত একোনাইট ব্যৱহাৰ কৰিলে কোনো ফল পোৱা নেযায় । ধীৰে ধীৰে প্ৰকাশ পোৱা জ্বৰৰ ক্ষেত্ৰত একোনাইট নেপিলাচৰ কথা ভবাই উচিত নহয় ।

হঠাৎ হোৱা চকুৰ প্ৰদাহ যত চকুৰ পতা হঠাৎ ফুলে-এনে লক্ষণ পালে একোনাইট নেপিলাচ ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায় ।