গ্ৰীষ্ম কালত হোৱা কিছু ৰোগৰ হোমিও চিকিৎসা

Disclosure

This post contains affiliate links, which means we may earn a commission if you click through and make a purchase at no extra cost to you. For more details, please see our Affiliate Disclosure.

গৰম কালি সৰু ল’ৰা-ছোৱালীৰ সঘনাই জ্বৰ আদি হোৱা দেখা যায় । যদি এই জ্বৰ হোৱাৰ কাৰণ প্ৰচণ্ড গৰমত থকাৰ বাবে হয় তেন্তে Aconitum Napellus ( চমুকৈ Aconite Nap) নামৰ দৰৱ বিধেৰে আৰোগ্য কৰিব পাৰে ।

গ্ৰীষ্মকালত সাধাৰণতে কিছু ৰোগ হোৱা দেখা যায় । বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ এনে অসুখ সঘনাই হোৱা দেখা যায় । হোমিওপেথিক চিকিৎসাৰে এনে ৰোগ আৰু অসুখ সহজে আৰোগ্য কৰিব পৰা যায় ।

হোমিওপেথিক এক প্ৰাকৃতিক চিকিৎসা পদ্ধতি । আন চিকিৎসা পদ্ধতিৰ দৰে ইয়াৰ দৰৱৰ পাৰ্শ্ব ক্ৰিয়া বা চাইড এফেক্ট নাই । তদুপৰি ই কম খৰচী তথা ফলপ্ৰসু চিকিৎসা পদ্ধতি । সেয়ে হোমিওপেথিকৰ কিছু জ্ঞান থাকিলে গৰম কালি হোৱা সৰু-সুৰা অসুখ আদি ঘৰতে চিকিৎসা কৰি আৰোগ্য লাভ কৰিব পৰা যায় ।

গৰম কালি সৰু ল’ৰা-ছোৱালীৰ সঘনাই জ্বৰ আদি হোৱা দেখা যায় । যদি এই জ্বৰ হোৱাৰ কাৰণ প্ৰচণ্ড গৰমত থকাৰ বাবে হয় তেন্তে Aconitum Napellus ( চমুকৈ Aconite Nap) নামৰ দৰৱ বিধেৰে আৰোগ্য কৰিব পাৰে ।

লক্ষ্য কৰিব যে প্ৰখৰ ৰ’দত অতিপাত গৰমত স্কুলৰ পৰা বা ক’ৰবাৰ পৰা আহোতে দেহত গৰম সোমাই আহে । ঘৰলৈ আহিয়ে শৰীৰৰ তাপ ওলাই যাবলৈ সময় নিদি যদি ঠাণ্ডা পানীত গা ধোৱা হয় বা এয়াৰ কণ্ডিচনাৰ যুক্ত ৰূমত প্ৰৱেশ কৰা হয় বা গৰমত আইচক্ৰীম আদি ঠাণ্ডা জাতীয় কিবা খোৱা হয় তেন্তে দেহৰ পৰা তাপ ওলাই যাব নোৱাৰাৰ ফলত জ্বৰ আৰম্ভ হয় ।

এই জ্বৰৰ লক্ষ্যণ হ’ল–ইয়াৰ পাল্চ অতি খৰ । ধিপিং ধিপিংকৈ মাৰে । গাৰ ছাল শুকান থাকে । ৰোগীয়ে একে থিৰে শুই থাকিব নোৱাৰে । চৎফটাই থাকে । 102 F লৈকে জ্বৰৰ তাপ উঠিব পাৰে । এনে লক্ষ্যণ পালে Aconite Napৰ 6x,30x বা 200xৰ 40/30 আকাৰৰ কিছু গ্লবিউলচত ঢালি লৈ সাত-আঠটা গ্লবিউলচ ৰোগীক খাবলৈ দিয়ক । পাঁচ-ছয় মিনিটৰ ভিতৰত জ্বৰ কমিব ।

গ্লবিউল্চ নেথাকিলে চাৰি-পাঁচ চামুচ ঠাণ্ডা পানীত (ফিল্টাৰৰ পানী বা উতলাই ঠাণ্ডা কৰি ৰখা পানী হলে ভাল) তিনি-চাৰি টোপাল Aconite Nap মিহলাই খাবলৈ দিব পাৰে ।

Aconite Nap জ্বৰৰ ৰোগীৰ প্ৰধান লক্ষ্যণ হ’ল ঘাম নোলায় । প্ৰচণ্ড জ্বৰ, গাত হাত দি চালে জ্বলি যোৱা যেন গৰম অনুভৱ হয় । মুখ ৰঙা পৰে । মূৰত বিষ থাকিব পাৰে ।

হোমিওপেথিক ঔষধ অতি সহজে নষ্ট হয় । সেয়ে খাবলৈ দিয়া গ্লবিউলচবোৰ হাতেৰে চুব নেলাগে । ছাফা বগা কাগজ বা চামুচ এখনত লৈ খুৱাব লাগে বা খাবলৈ দিব লাগে । হোমিও দৰৱ খালী পেটত খালে দৰৱে সোনকালে কাম দিয়ে । সেয়ে ৰাতিপুৱা খালী পেটতে হোমিও দৰৱ খাব পাৰিলে ভাল । দৰৱ খোৱাৰ পিছত অন্তত এক ঘণ্টামানলৈ পানীৰ বাদে আন খাদ্য খাব নেলাগে । কিবা খাদ্য খোৱাৰ পিছত হোমিও দৰৱ খাব লগা হ’লে অন্তত এক ঘণ্টা বা পঞ্চল্লিছ মিনিটমানৰ পিছতহে দৰৱ খাব লাগে । এই নিয়মেৰে হোমিও দৰৱ খালে আৰোগ্য হেৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।

যিহেতো ওপৰত উল্লেখ কৰিছো যে হোমিও দৰৱ অতি সহজে নষ্ট হোৱাৰ সম্ভাৱনা থাকে । সেয়ে হোমিও দৰৱ তাপ,ধূপৰ ধোঁৱা,চিগাৰেটৰ ধোঁৱা,বা জুইৰ ধোঁৱা, যিকোনো ধৰণৰ গন্ধয়ুক্ত পদাৰ্থ যেনে দেহত ঘঁহা গোন্ধ তেল, পাউদাৰ,আতৰ বা উগ্ৰ গন্ধ যুক্ত যিকোনো কেমিকেল , মহ খেদোৱা ধূপ আদিৰ পৰা আঁতৰাই ৰাখিব লাগে । যিকোনো এলোপেঠিক গৰৱৰ লগত একে ঠাইতে হোমিও দৰৱ ৰাখিব লেলাগে । কৰ্পুৰ অৰ্থাৎ নেফথেলিনৰ গোন্ধই হোমিও দৰৱ নষ্ট কৰে । গতিকে কৰ্পুৰ ৰখা ঠাইত হোমিও দৰৱ ভুলতো ৰাখিব নেলাগে ।