লৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত হোমিওপেথিক চিকিৎসা অতি ফলপ্ৰসু
অজীৰ্ণ ৰোগৰ লক্ষণ–
অজীৰ্ণ ৰোগৰ বিষয়ে আগৰ পষ্টত আলোচনা কৰি অহা হৈছে । বয়স্থ লোক বা সৰু ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ লক্ষণ একে আৰু ঔষধও প্ৰায় একেবোৰ ব্যৱহাৰ হয় । তলত কেইটামান ঔষধৰ বিষয়ে আলোচনা কৰা হ’ল ।
Aethusa Cynapium( ইথুজা চাইনাপিয়াম )– এই ঔষধটো কেঁচুৱা ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত প্ৰায়ে ব্যৱহাৰ হয় ।
সৰু-ল’ৰা-ছোৱালীৰ দাঁত গজিবৰ সময়ত, আৰু গৰম দিনত বা অতিৰিক্ত ঠাণ্ডা দিনত কেঁচুৱা ল’ৰা-ছোৱালীৰ বিশেষকৈ গাখীৰ হজম নহ’লে এই ঔষধ ব্যৱহাৰ হয় ।
এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল মাকৰ গাখীৰ বা আন গাখীৰ খালে হজম নহয় । কেতিয়াবা খোৱাৰ লগে লগে বমি কৰি দিয়ে । বমি কৰা গখীৰ দৈৰ দৰে টুকুৰা-টুকুৰ হৈ ওলায় ।
বমি কৰাৰ পিছত কেঁচুৱা লৰা-ছোৱালী অতিৰিক্ত দুৰ্বল হৈ পৰে আৰু মূৰটো ভৰ ৰাখিব নোৱাৰা হৈ বেঁকা হৈ পৰে । এই লক্ষণ অতি দৰকাৰী লক্ষণ ।
সৰু লৰা-ছোৱালীৰ দাঁত গজিবৰ সময়ত অজীৰ্ণ ৰোগ হ’লে ঘিউৰ দৰে বগা পদাৰ্থ বা গখীৰৰ সৰৰ দৰে জোখৰ ডোখৰ পদাৰ্থ বমিৰ লগত ওলায় ।
খোৱাৰ 1/2 ঘণ্টাৰ পিছতে পিছতে কিছুমান লৰা-ছোৱালীয়ে যি খায় তাকে বমি কৰে ।
ৰোগ জটিল হলে কিছুমান লৰা-ছোৱালী হঠাৎ মূৰ্চা যায়,মুখত ফেন ওলায়–মৃগী ৰোগৰ দৰে লক্ষণ প্ৰকাশ পায় ।
এই ৰোগ সাধাৰণ লোকৰ মাজত “মুৰ” ৰোগ বুলি জনা যায় । সময় মতে ঔষধ ব্যৱহাৰ নহ’লে ৰোগীৰ মৃত্যুও হ’ব পাৰে ।