লিউকোৰিয়াৰ হোমিওপেথিক প্ৰতিকাৰ: মহিলাৰ স্বাস্থ্যৰ বাবে প্ৰাকৃতিক সকাহ

 

 

There may be affiliate links on this post. For more details, please visit our Affiliate Disclosure.

প্ৰদৰ( Leucorrhea) ৰোগ কি ?

বিভিন্ন কাৰণত জৰায়ুৰ শ্লেষ্মাৱৰণৰ (Mucous Membrane)ৰ ৰোগ হৈ জৰায়ুৰ পৰা গাখীৰৰ দৰে বগা , হালধীয়া, তেজ আৰু বগা বীৰ্য্য মিহলি,ঘোলা পানীৰ দৰে বা পানীৰ দৰে বিভিন্ন বৰণৰ স্ৰাৱ নিৰ্গত হ’লে তাক প্ৰদৰ (Leucorrhea) ৰোগ বোলা হয় । এই ৰোগ যিমান পুৰণি নহওক কোনো অংগৰ যান্ত্ৰিক যান্ত্ৰিক বিজুতি নঘটে ।

প্ৰদৰ (Leucorrhea)ৰোগৰ লক্ষণ

প্ৰদৰ ৰোগত ভুগিলে ৰোগীনী ক্ৰমান্বয়ে দুৰ্ববল হৈ পৰে, দেহত তেজ নাইকীয়া হয় , মূৰ ঘূৰণি, মূৰ কামুৰণি, হাত-ভৰি জিনজিনোৱা, বিশেষকৈ বুকু ধপ-ধপোৱা আদি লক্ষণ বিলাক দেখা দিয়ে ।
আন কোনো কাৰণত প্ৰদৰ সৃষ্টি হয় যদিও অতিৰিক্ত সহবাস কৰাটো প্ৰদৰ ৰোগৰ মূল কাৰণ ।

প্ৰদৰ (Leucorrhea)ৰোগৰ হোমিওপেথিক চিকিৎসা

হোমিওপেথিকত এই ৰোগৰ সুন্দৰ আৰু ফলপ্ৰসূ চিকিৎসা ব্যৱস্থা আছে । লিউকোৰিয়া ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা কেইবিধমান হোমিওপেথিক ঔষধৰ বিষয়ে তলত আলোচনা কৰা হ’ল —-

১) প্ৰদৰ ৰোগ(Leucorrhea)ত এচিড ফচ (Acid Phos)ৰ ব্যৱহাৰ

অতিৰিক্ত সহবাস কৰাৰ ফলত যদি প্ৰদৰ ৰোগ হয়, এই ঔষধৰ মূল আৰক (Mother Tincture) প্ৰতি দিনে দুবাৰকৈ প্ৰায় এক/ডেৰ মাহ মান ব্যৱহাৰ কৰিব লাগে ।

এচিড ফচ(Acid Phos) ব্যৱহাৰ কৰাৰ লক্ষণ

এচিড ফচ ব্যৱহাৰ কৰিব লগীয়া ৰোগীনীৰ হাত-ভৰি কঁপে,জিনজিনায়,মূৰ ঘূৰায, মূৰ কামুৰে । বিশেষকৈ বুকু ধপ-ধপায়, অতি দুৰ্বল হয় । কথা ক’বলৈ শক্তি কম হয় ।

২) প্ৰদৰ ৰোগত হাইড্ৰেষ্টিস কেনাডেনসিস (Hydrastis canadensis)ৰ ব্যৱহাৰ

প্ৰদৰ ৰোগৰ লগত যদি অম্ল( Acidity), অজীৰ্ণ(indigestion)ৰ লক্ষণ থাকে, তেন্তে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।

হাইড্ৰেষ্টিস কেনাডেনসিস(Hydrastis Canadensis) ব্যৱহাৰ কৰাৰ লক্ষণ

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীনীৰ আহাৰ খাওক নেখাওক সকলো সময়তে পে়ট ফুলি থাকে । প্ৰদৰ আঠাৰ দৰে ডাঠ আৰু জেপেতীয়া হয় । শৌচ ভালদৰে নহয় আৰু পেটৰ ভিতৰত অশান্তি বৃদ্ধি হয় ।

৩) প্ৰদৰ ৰোগত সেপিয়া (Spia)ৰ ব্যৱহাৰ

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীনীৰ শৰীৰৰ বৰণ হালধীয়া দেখায় বা দেহৰ ঠাইয়ে ঠাইয়ে হালধীয়া দাগ পৰে ।

সেপিয়া (Spia)ৰ ব্যৱহাৰৰ লক্ষণ

ভোক অনিয়মীয়া হয় । শৌচ কঠিন হয় আৰু মুখত মাজে মাজে তিতা স্বাদ অনুভৱ হয় । এইবোৰ লক্ষণৰ লগত গাখীৰৰ দৰে, হেঙুনৰ দৰে বা আন বৰণৰ স্ৰাৱ অতি বেছি পৰিমাণে ওলায় । এনেবোৰ লক্ষণ পালে সেপিয়া(sSpia)ৰ ব্যৱহাৰ কৰা হয় ।
মন কৰিব লগীয়া যে সেপিয়া এখোৰাকতকৈ বেছি ব্যৱহাৰ কৰিব নেলাগে । সেপিয়াৰ পাছত লক্ষণ অনুসাৰে সালফাৰ(Sulpher) বা গ্ৰেফাইটিস(Graphites) ব্যৱহাৰ কৰিব লাগে ।

৪) প্ৰদৰ ৰোগত গ্ৰেফাইটিস(Graphites)ৰ ব্যৱহাৰ

প্ৰদৰ ৰোগত গ্ৰেফাইটিস(Graphites) আন এক ফলপ্ৰসূ ঔষধ ।

গ্ৰেফাইটিস(Graphites)ৰ ব্যৱহাৰ কৰাৰ লক্ষণ

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীনীয়ে কোনো খোৱা খাদ্যৰ স্বাদ নেপায় । কিছুমান ৰোগীনীৰ জিভাত ঘা থাকে । পেটৰ পৰা কিবা এটা বস্তু ডিঙিলৈকে উজাই অহা যেন অনুভৱ কৰে । (পেটৰ ভিতৰত কিবা গোল বস্তু ঘূৰি ফুৰিলে সেপিয়া ব্যৱহাৰ হয় । যদি শৌচ টান হয় আৰু পেটৰ ভিতৰত কিবা এটা ঘূৰি ফুৰিলে বা ওপৰলৈ উজাই উঠিলে মেগনেছিয়া মিউৰ ব্যৱহাৰ হয় ।)

গ্ৰেফাইটিস সাধাৰণতে দেখাত ধুনীয়া ,শকত আৰু শৌচ কঠিন হোৱা মহিলাৰ ওপৰত ব্যৱহাৰ হয় ।
এনেবোৰ লক্ষণ পালে সকলো ধৰণৰ প্ৰদৰ ৰোগ গ্ৰেফাইটিস(Graphites)ৰ দ্বাৰা আৰোগ্য হয় ।

৫) এলুমিনা ( Alumina)ৰ ব্যৱহাৰ :

প্ৰদৰ ৰোগত এলুমিনা ব্যৱহাৰ কৰাৰ লক্ষণ

প্ৰদৰ ৰোগত এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীনীৰ প্ৰায়ে শৌচ কৰিবলৈ ইচ্ছা নেথাকে । কেইবাদিনৰ মূৰত এদিন শৌচ হয় । শৌচ বা প্ৰস্ৰাৱ কৰোতে অতিৰিক্ত জোৰ দিব লাগে । ডিঙি,মুখ,জিভা আদি শুকান থাকে । অতিৰিক্ত পানী পিয়াহ থাকে । ৰোগীনী ক্ষীণ আৰু শুকান আকৃতিৰ হয় ।
আন এটা লক্ষণ হল- প্ৰদৰ ভৰিৰ গোৰোহালৈকে বৈ যায় ।
এনেবোৰ লক্ষণ থাকিলে এলুমিনা ব্যৱহাৰ কৰিব লাগে ।

৬) প্ৰদৰ ৰোগত সালফাৰ (Sulpher)ৰ ব্যৱহাৰ

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীনীৰ প্ৰদৰ কিছুদিন ওলায় আকৌ আৰোগ্য হয় । ৰোগীনীৰ হাত-ভৰি,চকু-কাণ বিশেষকৈ ভৰিৰ তলুৱা জ্বলা-পোৰা কৰে । মন কৰিব লগীয়া যে জ্বলা-পোৰা কৰাটো সালফাৰৰ এক বিশেষ লক্ষণ ।
আন ঔষধ বিলাক ব্যৱহাৰ কৰি আংশিক ৰোগ থাকি গ’লে সালফাৰ ব্যৱহাৰ কৰিব লাগে ।

৭) প্ৰদৰ ৰোগত ক’ল’ফাইল্লাম (Caulophyllum)ৰ ব্যৱহাৰ

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীনীৰ প্ৰদৰ দুৰ্বল আৰু খাৰুৱা হয় । (এনে ধৰণৰ প্ৰদৰ ৰোগ থাকিলে ৰোগীনী বন্ধ্যা হয় ।)

সৰু ছোৱালীবিলাকৰ প্ৰদৰ ৰোগ হ’লে ক’ল’ফাইল্লাম(Caulophyllum) ব্যৱহাৰ কৰিব লাগে ।

কিছুমান স্ত্ৰীলোকৰ দুৰ্বলকৰ প্ৰদৰ ওলোৱাৰ বাবে চকুৰ ওপৰৰ চেলাউৰি গধুৰ হয় আৰু চকু মেলিব নোৱাৰে ( Gelsemium) । কপালত দাগ পৰে ( Sepia) ।

৮) প্ৰদৰত কেলকেৰিয়া কাৰ্ব (Calcarea Carbonica)ৰ ব্যৱহাৰ

শকত-আবত,ঘনাই পানী লাগি থকা (Frequently suffer from common cold ), হাত-ভৰি ঘমা সৰু ছোৱালী বিলাকৰ প্ৰদৰ ৰোগ হ’লে কেলকেৰিয়া কাৰ্ব (Calcaea Carb) ব্যৱহাৰ কৰিব লাগে ।

লক্ষণ মিলাব নোৱাৰিলে ক’ল’ফাইল্লাম (Caulophyllum) আৰু কেলকেৰিয়া কাৰ্ব (Calcarea Carb)ৰ ২০০ ক্ষমতাৰ ঔষধ প্ৰতি পাঁচ দিনৰ মূৰে মূৰে এমাহ বা দুমাহ ব্যৱহাৰ কৰিব লাগে । কেলকেৰিয়া কাৰ্ব (Calcarea Carb) একে লেঠাৰিয়ে দুই খোৰাক ব্যৱহাৰ কৰিব নেলাগে । এবাৰ কেলকেৰিয়া কাৰ্ব ( Calcarea Carb ) আনবাৰ ক’ল’ফাইল্লাম (Caulophyllum)– এইদৰে সলাই সলাই (Alternately) ব্যৱহাৰ কৰিব লাগে ।

৯) কক্কুলাচ (Cocculus)ৰ ব্যৱহাৰ

লক্ষণ

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীনীৰ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ থাকে । ঋতুস্ৰাৱৰ পৰিবৰ্ত্তে প্ৰদৰ হয় । ৰোগীনী অতিৰিক্ত দুৰ্বল হয় । কঁকালৰ পৰা তল অংশ জঠৰ হোৱাৰ দৰে অনুভৱ হয় ।
এনেবোৰ লক্ষণ পালে কক্কুলাচ (Cocculus) ব্যৱহাৰ হয় ।

মন কৰিব লগীয়া যে ঋতুস্ৰাৱৰ পৰিবৰ্ত্তে প্ৰদৰ ওলালে নাক্স মস্কেটা ( Nux Moschata )ও ব্যৱহাৰ হয় । এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল ৰোগীনীয়ে সকলো সময়তে নিতাল মাৰি শুই থাকিবলৈ বিচাৰে । ডিঙি আৰু জিভা অতিৰিক্ত শুকাই থাকে । মাজে সময়ে যোনি দ্বাৰেৰে বায়ু ওলায় ( Lac Canium, Lycopodium) ।
ঋতু স্ৰাৱ অনেক দিন বন্ধ থাকি দুৰ্গন্ধ প্ৰদৰ ওলালে সেবিনা (Sabina) ব্যৱহাৰ কৰিব লাগে (গ্ৰেফাইটিসও ব্যৱহাৰ হয় ) ।

উপসংসাৰ

হোমিওপেথিক ঔষধৰ যদিও কোনো পাৰ্শ্ব ক্ৰিয়া নাই তথাপি কিছু ঔষধ বিশেষকৈ উচ্চ শক্তিৰ ঔষধ যধে-মধে ব্যৱহাৰ কৰিলে ক্ষতি কৰিব পাৰে । সেয়ে সুদক্ষ আৰু অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ লগত পৰামৰ্শ কৰিহে হোমিও ঔষধ খোৱা উচিত ।

বহু যুৱতী-মহিলা প্ৰদৰ ৰোগত ভুগি থাকে । কিন্তু কোনোৱে লাজত বা আন কোনোৱে অজ্ঞানতাবশত এই বিষয়ে চিকিৎসকৰ পৰামৰ্শ নলয় । আনহাতে মূৰ ঘুৰোৱা,মূৰ কামুৰণি,হাত-ভৰি জিনজিনোৱাৰ বাবে আন কোনো বেলেগ ৰোগ হোৱা বুলি ভাবি বহু ৰোগীয়ে নিজে ঔষধ খোৱাৰ ফলত বা সঠিক ভাবে ৰোগ নিৰ্ণয় কৰিব নোৱাৰাৰ ফলত বহু প্ৰদৰ ৰোগী ভুল চিকিৎসাৰ বলি হ’ব লগা হয় । সেয়ে কাৰণ আৰু লক্ষণ সমূহ জানিলে এই ৰোগৰ পৰা উপশম পাই সুস্বাস্থ্য ঘুৰাই পোৱাত সহায়ক হ’ব বুলি ধাৰণা কৰি এই লেখাটো প্ৰস্তুত কৰা হৈছে ।

এই লেখনিৰ দ্বাৰা মাত্ৰ সজাগতা সৃষ্টিৰহে চেষ্টা কৰা হৈছে । ই কোনো ঔষধৰ পৰামৰ্শ নহয় । আমাৰ লেখা পঢ়াৰ পূৰ্বে আমাৰ ৱেবচাইটৰ চৰ্ত আৰু নিয়মাৱলী তথা ৱেবচাইটৰ ঘোষণা পঢ়ি ল’বলৈ অনুৰোধ জনাওঁ । অধিক জানিবলৈ ৱেবচাইটৰ ঘোষণা পঢ়ক-Site disclaimer