ভয় নেখাব কনজাঙ্কটিভাইটিচ(Conjunctivitis) হোমিও চিকিৎসাত সহজে আৰোগ্য় হয়

এই ৰোগ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমে চকুৰ বগা অংশ ৰঙা পৰে বা গোলপীয়া ৰং হয় ।

চকু কুটকুটায়, খজুৱায়,জ্বলা-পোৰা কৰে । চকুত বিষ হয় বা চকু ফুলি উঠে । ইয়াৰোপৰি চকুৰ পৰা ধাৰাসাৰে পানী ওলায় ।

ৰোগ যদি পুৰণি হয় তেন্তে চকুৰ পৰা পুঁজ ওলায় । চকুৰ পাতত ঘামচিৰ দৰে সৰু সৰু ফোঁহা উঠে । চকুৱে বেলিৰ পোহৰ বা চাকিৰ পোহৰ সহ্য কৰিব নোৱাৰে ।