প্ৰস্ৰাৱ তন্ত্ৰৰ ৰোগ

প্ৰস্ৰাৱ তন্ত্ৰৰ ভূমিকা

মানৱ শৰীৰত প্ৰস্ৰাৱ তন্ত্ৰই অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে কাৰণ ই শৰীৰৰ অপকাৰী আৰু বৰ্জিত পদাৰ্থ সমূহ প্ৰস্ৰাৱৰ ৰূপত দেহৰ পৰা উলিয়াই নিয়াত সহায় কৰে । কিন্তু কেতিয়াবা বিভিন্ন অসুখৰ ফলত প্ৰস্ৰাৱত জ্বালা, সঘনাই প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱত ৰক্ত যোৱা, অথবা প্ৰস্ৰাৱ সম্পূৰ্ণভাৱে নোহোৱা, কিডনী পাথৰ আদি প্ৰস্ৰাৱ তন্ত্ৰৰ ৰোগ দেখা দিব পাৰে। এই ধৰণৰ লক্ষণসমূহক আওকাণ কৰা উচিত নহয়, কাৰণ ইয়াৰ ফলত শৰীৰত জটিল সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই পৃষ্ঠাত আপুনি প্ৰস্ৰাৱৰ ৰোগৰ লক্ষণ, কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধৰ উপায় সম্বন্ধে সহজ ভাষাত তথ্য পাব।