হোমিওপেথিক চিকিৎসাত সততে ব্যৱহাৰ হোৱা এবিধ ঔষধ হৈছে বেলাড’না ।
সকলো ৰোগতে প্ৰকাশ পোৱা ইয়াৰ প্ৰধান লক্ষণ সমূহ তলত আলোচনা কৰা হৈছে ।
১.হঠাৎ উৎপত্তি হয়, নিয়মিত চলে আৰু হঠাৎ নোহোৱা হয় –যেনে বিষ-যন্ত্ৰণা আদি হঠাৎ তীব্ৰভাবে উপস্থিত হয় আৰু হঠাৎ নিবৃত হয় । চৰ্দি লাগিলে হঠাৎ অতি তীব্ৰ ৰূপ ধাৰণ কৰে আৰু হঠাৎ চৰ্দি নোহোৱা হৈ যায় ।
বেলাড’নাৰ ৰোগ সমূহে সমগ্ৰ ৰক্ত প্ৰবাহী তন্ত্ৰ,হৃৎপিণ্ড,হাওঁফাওঁ,মগজু আৰু স্নায়ু তন্ত্ৰক আক্ৰমণ কৰে ।
২. উত্তাপ-বেলাড’নাৰ আন এটা প্ৰধান লক্ষণ হ’ল অস্বাভাৱিক ধৰণৰ ভীষণ উত্তাপ । বেলাড’নাৰ ৰোগীৰ গাত হাত দি চালে প্ৰচণ্ড উত্তাপ অনুভৱ কৰা যায় । দেহৰ তাপ ইমান বেছি হয় যে ৰোগীৰ দেহত হাত দিয়ে হাত আঁতৰাই আনিব লগা হয় । এই উত্তাপৰ অনুভৱ হাতত বা আঙুলিত কিছু সময়লৈ ৰৈ যায় । ৰোগ যিয়েই নহওক যেনে-যন্ত্ৰণা,প্ৰদাহ,ৰাতিকালিন প্ৰলাপ,প্ৰদাহিক প্ৰকৃতিৰ তীব্ৰ আক্ৰমণ, এই সকলো উত্তাপযুক্ত হয় । বেলাড’না ব্যৱহাৰ হোৱা ৰোগীৰ সকলো অংগৰ বিশেষকৈ মগজু,হাওঁফাওঁ আৰু যকৃতৰ প্ৰদাহ উপস্থিত হয় । এই প্ৰদাহৰ লগত সদায় ভীষণ উত্তাপ থাকে । প্ৰদাহ কোন অংগত হৈছে সেইটো গুৰুত্বপূৰ্ণ নহয়, উত্তাপ কিন্তু থাকিবই ।
মন কৰিব লগীয়া যে কোনো কোনো ক্ষেত্ৰত এই ধৰণৰ প্ৰচণ্ড উত্তাপ থাকিলেও সি বেলাড’নাৰ লক্ষণ নহ’বও পাৰে যদি সি বহুদিন একেলেঠাৰিকৈ হোৱা জ্বৰ হয় । বেলাড’নাৰ কোনো দীৰ্ঘদিনীয়া জ্বৰ নেথাকে । বেলাড’নাৰ জ্বৰ হঠাৎ উৎপত্তি হৈ তীব্ৰ ৰূপ ধাৰণ কৰে আৰু ই বিৰামহশীল । ই টাইফয়েড জ্বৰৰ দৰে ধীৰে ধীৰে উপস্থিত নহয় । টাইফয়েড জ্বৰত বেলাড’না সদৃশ লক্ষণ প্ৰকাশ পালেও বেলাড’না ব্যৱহাৰ কৰি আকাংক্ষিত ফল পোৱা নেযায় ।
৩.ছাল ৰঙা পৰা- বেলাড’নাৰ আন এটা লক্ষ্য কৰিব লগীয়া লক্ষণ হ’ল- প্ৰদাহিত অংগৰ বিশেষকৈ প্ৰদাহিত অংশৰ ছাল অত্যধিক ভাবে ৰঙা পৰা । প্ৰদাহ বাঢ়ি থাকিলে ৰঙা বৰণ কজলীয়া-ৰঙা বৰণলৈ সলনি হয় । গ্ৰন্থিৰ প্ৰদাহত গ্ৰন্থিৰ আৱৰণৰ ৰূপে থকা ছাল মণ্ডলাকাৰে ৰঙা পৰে । কৰ্ণমূলগ্ৰন্তিৰ প্ৰদাহ হওক বা হনুৰ তলৰ গ্ৰন্থিৰ প্ৰদাহ বা গলধনৰ গ্ৰন্থিৰ প্ৰদাহ হওক সকলোতে ছাল আঙঠাৰ দৰে ৰঙা পৰে ।
৪.প্ৰদাহিত অংগৰ প্ৰবল জ্বালা-বেলাড’নাৰ আন এটা লক্ষণ হ’ল প্ৰদাহিত অংগৰ প্ৰবল জ্বালা । বেলাড’নাৰ লক্ষণযুক্ত গলবেদনাত গলৰ ভিতৰত জ্বলন্ত আঙঠাই পুৰাৰ দৰে জ্বালা অনুভৱ হয় । ডিঙিৰ ভিতৰৰ শ্লেষ্মাাৱৰণৰ প্ৰদাহ আৰু টনচিল প্ৰদাহত এই লক্ষণ প্ৰকাশ পালে বেলাড’না ব্যৱহাৰ হয় ।
যিকোনো অংগৰ প্ৰদাহত ছালাত জ্বলনি-পুৰণি অনুভৱ হয় । যেনে-জ্বালাকৰ জ্বৰ, জ্বলনি-পুৰণি সহ মূত্ৰাশয়ৰ প্ৰদাহ । মগজুৰ ৰক্ত সঞ্চয়ৰ হোৱাৰ ফলত জ্বালা অনুভৱ হয় । গলৰ ভিতৰত ৰক্ত সঞ্চয়ৰ ফলত ডিঙিৰ ভিতৰত জ্বালা । পাকস্থলী প্ৰদাহত পাকস্থলীত জ্বালা অনুভৱ হয় । যকৃত প্ৰদাহত যকৃতত জ্বালা অনুভৱ হয় ।
5.ফুলা বা প্ৰদাহিত অংগৰ স্ফীতি-বেলাড’নাৰ আন এ়টা লক্ষণ হ’ল প্ৰদাহিত অংগৰ অত্যধিক স্ফীতি । প্ৰদাহ আৰম্ভ হোৱাৰ লগে লগে অংশ ডোখৰ দ্ৰুতভাবে ফুলি উঠে আৰু অত্যন্ত স্পৰ্শ কাতৰ হয়। প্ৰদাহিত স্থান হেঁচি ধৰাৰ দৰে বা আঁটি বন্ধাৰ দৰে যন্ত্ৰণা অনুভৱ হয়। মনত ভাব হয় যেন সেই স্থান ফাটি যাব ।
৫.ধিপিং ধিপিং কৰা বিষ আৰু প্ৰদাহিত অংগৰ স্পন্দন-বেলাড’নাৰ আন এক লক্ষণ হ’ল প্ৰদাহিত স্থানত জ্বালাসহ ধিপিং ধিপিং কৰা বিষ। প্ৰদাহৰ লগত শূলে বিন্ধাৰ দৰে, কাঁইটে বিন্ধাৰ দৰে ধিপিং ধিপিং কৰা বিষ অনুভৱ হয় । মূৰৰ বিষত ধিপিং ধিপিং কৰা বিষ অনুভৱ হয় । এই বিষ মূৰত হাতুৰীৰে কোবোৱাৰ দৰে প্ৰচণ্ড। সাধাৰণতে বেলাড’নাৰ মূৰৰ বিষ মূৰত তেজৰ প্ৰবাহ অধিক হোৱাৰ বাবে অৰ্থাৎ মূৰত ৰক্ত সঞ্চয়ৰ ফলত সৃষ্টি হয় ।
৬. যন্ত্ৰণা সঞ্চালনত বাঢ়ে,পোহৰ পালে বৃদ্ধি হয় , জোঁকাৰণিত বাঢ়ে, ঠাণ্ডাত বাঢ়ে– বেলাড’নাৰ লক্ষণযুক্ত যন্ত্ৰণা সঞ্চালনত বৃদ্ধি হয় । সেয়ে ৰোগীয়ে লৰচৰ নকৰাকৈ একে থিৰে পৰি বা শুই থাকিব বিচাৰে । সামান্য লৰচৰ কৰিলেও বেদনা বৃদ্ধি হয় । যেনে বিছনাত লৰচৰ কৰিলে,মূৰটো ইফালে-সিফালে ঘূৰালে,বহি থকাৰ পৰা উঠিলে বিষ বৃদ্ধি হয় । বিষ ইমান তীব্ৰ হয় যে ৰোগীয়ে লৰচৰ কৰিবলৈ ভয় কৰে । আনকি শুই থকা বিছনাৰ সামান্য কম্পনতো যন্ত্ৰণা বৃদ্ধি হয় ।
৭. স্পৰ্শ কৰিলে যন্ত্ৰণা বৃদ্ধি- বেলাডনাৰ ৰোগীয়ে দেহত স্পৰ্শ কৰিবলৈ নিদিয়ে । কাৰণ স্পৰ্শত যন্ত্ৰণা বৃদ্ধি হয় । সামান্য স্পৰ্শলৈও ৰোগীয়ে ভয় কৰে । ৰোগী স্নায়বিক অত্যানুভূতিযুক্ত হৈ পৰে ।
৮. আক্ষেপ-বেলাডোনাৰ আন এক লক্ষ্য কৰিব লগীয়া লক্ষণ হল সৰ্বাঙ্গীন আক্ষেপ বা স্থান বিশেষে আক্ষেপ । ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰণালীৰ,গোলাকাৰ তন্তুৰ আৰু পিত্তপাথৰী শূল ৰোগৰ দৰে নলী আকাৰৰ অংগৰ আক্ষেপ । পিত্তকোষ সংযোগকাৰী নলীত এক প্ৰকাৰৰ টিপি ধৰাৰ দৰে বিষ হয় ।
৯.মানসিক লক্ষণ-বেলাডোনা ব্য়ৱহাৰ কৰিব লগীয়া ৰোগীৰ অতি ভীষণ আৰু উত্তেজনা মিশ্ৰিত মানসিক লক্ষণ প্ৰকাশ পায় । এই লক্ষণ অতি প্ৰবল হয় । ৰোগী মৰিবলৈ যায়,কামুৰিব খোজে,বস্তু ভঙা-ছিঙা কৰে । এনে আচৰণ কৰে যি আচৰণ আশা কৰা নেযায় । ৰোগীৰ মন অতি উত্তেজিত অৱস্থাত থাকে ।
১০. মন কল্পনাৰে পূৰ্ণ থাকে– ৰোগীয়ে কল্পনাতে ভূত-প্ৰেত,পুলিচ,বন্য জীৱ-জন্তু দেখে আৰু ভয় কৰে। জ্বৰত প্ৰলাপ অতি ভীষণ হয় । ভয় লগা সপোন দেখে আৰু চিঞৰ মাৰে । মগজুত ৰক্ত সঞ্চয়ৰ ফলত সাধাৰণতে এনোবোৰ লক্ষণ প্ৰকাশ পায় । মেৰু মজ্জা প্ৰদাহত ৰোগীয়ে উন্মাদৰ দৰে আচৰণ কৰে । ওপৰৰ পৰা জপিয়াই পলাব খোজে । ৰোগীক বলেৰে আবদ্ধ কৰি ৰাখিব লগা হয় ,বান্ধি ৰাখিব লগা হয় ।
আগলৈ..
1 thought on “বেলাড’নাৰ প্ৰধান লক্ষণ সমূহ আৰু বিভিন্ন ৰোগত ইয়াৰ ব্যৱহাৰ”
Comments are closed.