জঠৰ ৰোগ ( Paralysis): কাৰণ আৰু লক্ষণ সমূহ

জঠৰ ৰোগৰ প্ৰকাৰ

যিকোনো দুৰ্বলকৰ ৰোগৰ ফলত যেনে-(১) আঘাত (২) বিষাক্ত দ্ৰব্য ভক্ষণ (৩) মেৰুদণ্ডৰ কোনো ৰোগ (৪) ব্লাড প্ৰেচাৰ আদি ৰোগৰ ফলত স্নায়ুৰ কাৰ্যক্ষমতা অচল হ’লে জঠৰ ৰোগ হয় ।
জঠৰ ৰোগ দুই প্ৰকাৰৰ ।
১) সাধাৰণ জঠৰ ৰোগ ( General Paralysis)
২) ঠাই বিশেষ জঠৰ ৰোগ ( Local Paralysis)
জেনেৰেল পেৰালাইচিচৰ অন্তৰ্ভুক্ত জঠৰ ৰোগ সমূহ-১) প্যাৰাপ্লিজিয়া ২) মাইলাইটিছ ৩) হেমিপ্লিজিয়া ৪) ইনফ্যাণ্টাইল প্যাৰালিসিস

Homeopathy Liver LivT Tonic (180ml
Homeopathy Liver LivT Tonic (180ml) – SBL LivT
Click To Buy on Amazon

প্যাৰাপ্লিজিয়াৰ কাৰণ আৰু লক্ষণ

শৰীৰৰ নিম্ন ভাগৰ জঠৰ ৰোগ হ’লে তাক প্যাৰাপ্লিজিয়া বোলা হয় । প্যাৰাপ্লিজিয়াত সাধাৰণতে শৰীৰৰ তল অংশ আৰ্থাৎ কঁকালৰ পৰা ভৰিলৈকে জঠৰ হয় ।
প্যাৰাপ্লিজিয়া সাধাৰণতে নিম্ন উল্লেখিত ৰোগ সমূহৰ পৰা সৃষ্টি হয় ।
যেনে-

১) মেৰুদণ্ডৰ কোনো ৰোগ বশত
২) ৰাজহাড়ৰ ভিতৰত হোৱা কোনো টিউমাৰ
৩) সিফিলিস বা গণৰীয়া ৰোগবশতঃ
৪) পূৰণি মূৰৰ ৰোগ
৫) কেনচাৰ
৬) জৰায়ুৰ কোনো ৰোগ বশতঃ
৭) কোনো দুৰ্বলকৰ ৰোগৰ পৰিণামৰ ফল আদি কাৰণত প্যাৰাপ্লিজিয়া ৰোগ হয় ।

মাইলাইটিসৰ লক্ষণ আৰু কাৰণ

মাইলাইটিস সাধাৰণতে মেৰুদণ্ডৰ কোনো ৰোগবশতঃ সৃষ্টি হয় । এই ৰোগ হ’লে মেৰুদণ্ডত জ্বলা-পোৰা কৰা,বিষোৱা আদি লক্ষণ প্ৰকাশ পায় । যিবিলাক লোক সাধাৰণতে সিফিলিস,গণৰীয়া আদি ৰোগত আক্ৰান্ত হয় বা শুক্ৰৰ ৰোগ,স্বপ্ন দোষ,আজ্ঞাতসাৰে শুক্ৰ ক্ষয় হোৱা আদি ৰোগত আক্ৰান্ত হয় তেনে লোক সকলৰ সাধাৰণতে মাইলাইটিস ৰোগ হোৱা দেখা যায় ।
উক্ত কাৰণবোৰৰ উপৰিও ১) বহু সময় পানীত ডুবি থাকিলে ২) অনেক সময় ঠাণ্ডা বতাহত থাকিলে ৩) জেকা মাটিত শুলে মাইলাইটিস ৰোগ হোৱা দেখা যায় ।

হেমিপ্লেজিয়াৰ লক্ষণ আৰু কাৰণ

শৰীৰৰ এফালে জঠৰ ৰোগ হলে তাক হেমিপ্লেজিয়া বোলা হয় । এই ৰোগত সাধাৰণতে শৰীৰৰ এফালৰ হাত,ভৰি,মুখ জিভা আদি আক্ৰান্ত হয় । সোঁফালতকৈ বাওঁফালে এই ৰোগ অধিক হোৱা পোৱা যায় । শৰীৰৰ যিফালে জঠৰ হয়,সেই ফালৰ অংগ ক্ৰমাণ্বয়ে ক্ষীণ হৈ আহে । চৰ্ম্মত চেতনা নেথাকে কিন্তু অংগ পৰিচালনা শক্তি সম্পূৰ্ণ লোপ নহয় । মুখ এফালে বেঁকা হৈ যায় । জিভা জঠৰ হয় । শৰীৰৰ স্বাভাৱিক তাপ কম হয় । যিফালৰ শৰীৰ আক্ৰান্ত হয় সেইফালৰ চকু মুদ খাই যায় ইত্যাদি।
এনে ধৰণৰ শৰীৰৰ এফালৰ জঠৰ ৰোগ সাধাৰণতে মস্তিষ্কত তেজ জমি উৎপত্তি হয় ( যেনে ব্লাড প্ৰেচাৰ আদিৰ ফলত) । ইয়াৰ উপৰিও মেৰুদণ্ডৰ ৰোগ, কোনো দুৰ্বলকৰ ৰোগৰ পৰিণামৰ ফলত এনে ধৰণৰ জঠৰ ৰোগ প্ৰায়ে হোৱা দেখা যায় ।

ইনফ্যাণ্টাইল প্যৰালিসিস

এই ৰোগ সাধাৰণতে ৬/ ৭ মহীয়া কেঁচুৱা আৰু ২/৩ বছৰীয়া সৰু ল’ৰা-ছোৱালীৰ মেৰুদণ্ডৰ ৰোগৰ পৰা সৃষ্টি হয় । অতিৰিক্ত ঠাণ্ডা লগা, মেৰুদণ্ডত কোনো কাৰণত আঘাত লগা বা পৰি আঘাত পোৱা,জেকা মাটিত শোৱা,দাঁত ওলোৱাৰ সময়ত মেৰুদণ্ডৰ ৰোগ হোৱা আদি কাৰণত ইনফ্যাণ্টাইল প্যৰালিসিস হয় ।
এই ৰোগৰ আৰম্ভনিতে প্ৰায়ে জ্বৰ হয় । কিছুমানৰ মাংসপেশীৰ অনিয়ন্ত্ৰিত প্ৰবল জোঁকাৰণি হয় । কিছুদিনৰ পিছত এই প্ৰবল উপসৰ্গ বিলাক সাম কাটে । শেষত শৰীৰৰ এফালৰ অংগ,তল ফালৰ অংগ ক্ৰমাণ্বয়ে ক্ষীণ হৈ যায় আৰু বেঁকা হৈ পৰে । আক্ৰান্তম অংগ চেতনা হীন হয় ।

ফেল্স প্যৰালিসিস

ফেল্স প্যাৰালিসিস সাধাৰণতে শৰীৰত অতিৰিক্ত ঠাণ্ডা লাগি,মূৰৰ ৰোগৰ ফলত বা মূৰৰ কোনো স্নায়ুৰ ৰোগৰ ফলত সৃষ্টি হয় ।
এই ৰোগৰ লক্ষণ হ’ল মূৰৰ এফালে বেঁকা হৈ পৰে । মুখৰ এফালে খোৱা খাদ্য চোবাব নোৱাৰে । মুখৰ এফালে জঠৰ হয় আৰু কথা ক’লে এফালৰ মুখ লৰাব নোৱাৰে । মুখৰ পৰা লেলাৱতি বৈ পৰে । আক্ৰান্ত হোৱা ফালৰ চকু সকলো সময়তে খোলা থাকে বা জাপ খাই থাকে । চকুৰ পৰা পানী ওলায় থাকে ।

ৰাইটাৰ্স প্যাৰালিসিস

এই ৰোগ সাধাৰণতে অতিৰিক্ত লিখা লোক সকলৰ , ৰং কৰা লোক বা বেজীৰে কাম কৰা লোক সকলৰ হয় । অৰ্থাৎ যি লোক সকলে কাম কৰোঁতে আঙুলি বেছি ব্যৱহাৰ কৰিব লগা হয় সেই সকলৰ এই ৰোগ হয় । এই ৰোগত প্ৰথমে সোং হাতৰ বুঢ়া আঙুলি বা তৰ্জনি আঙুলিত দুৰ্বল অনুভৱ হয় বা আঙুলিত সিৰামুৰি ধৰে । পাছত লিখিবলৈ কলম ধৰোঁতে বা ৰং দিবলৈ ব্ৰাছ ধৰোতে আঙুলি কঁপে । আঙুলিত সিৰামুৰি ধৰে । বেজী ধৰিব নোৱাৰে ।

ৱেষ্টিং প্যাৰালিসিস

এই ৰোগ অতি ধীৰ গতিত আৰম্ভ হয় । ক্ৰমাগতভাবে মাংস পেশী ক্ষয় হয় । পেশীৰ ক্ষমতা ক্ৰমাণ্বয়ে হ্ৰাস পায় আৰু চেতনা শক্তি লোপ হয় । এই ৰোগৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰা অতি কঠিন । আৰম্ভনিতে সুচিকিৎসা নহলে শেষত ৰোগীৰ মৃত্যু হয় ।
আন ৰোগৰ পৰিণাম স্বৰূপে হোৱা কেইবিধমান প্যাৰালিসিস ৰোগৰ বিষয়ে তলত উল্লেখ কৰা হলঃ-

ডিপথেৰিক প্যৰালিসিস

ডিপথেৰীয়াৰ পাছত হোৱা প্যাৰালিসিস ৰোগক ডিপথেৰিক প্যৰালিসিস বোলা হয় । এই ৰোগত গল নলী আক্ৰান্ত হয় । কোনো খাদ্য খাব বা গিলিব নোৱাৰে । ডিপথেৰীয়াৰ পাছত কেতিয়াবা আন অংগৰো জঠৰ ৰোগ হয় ।

হিষ্টেৰিকেল প্যাৰালিসিস

হিষ্টেৰিয়া ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত এই ৰোগ হ’লে তাক হিষ্টেৰিকেল প্যাৰালিসিস বোলা হয় ।

মাৰ্কুৰিয়েল প্যাৰালিসস

কোনো ৰোগত অতিৰিক্ত পাৰদ(Mercury) মিশ্ৰিত ঔষধ অধিক পৰিমাণে খোৱাৰ ফলত যদি প্যাৰালিসিস ৰোগ হয় তাক মাৰ্কুৰিয়েল প্যাৰালিসস বোলা হয় ।

লেড প্যাৰালিসিস

যিবিলাক লোকে অনবৰতে সীহ( Lead) ধাতু লৈ কাম কৰিব লগা হয়,সেই লোক সকলৰ জঠৰ ৰোগ হ’লে সেই ৰোগক লেড প্যাৰালিসিস কোৱা হয় । এনেধৰণৰ ৰোগত সাধাৰণতে হাতৰ সৰু গাঁঠি জঠৰ হয় । কোনো কাম কৰিলে হাত আৰু হাতৰ আঙুলি জিনজিনায় আৰু জঠৰ হয় ।

ৰিউমেটিক প্যাৰালিসিস

বাত ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ জঠৰ ৰোগ হ’লে ৰিউমেটিক প্যাৰালিসিস কোৱা হয় ।

প্যাৰালিসিস এজিটেঞ্চ (Paralysis agitans or Parkinson’s disease )

এই ৰোগত আক্ৰান্ত ৰোগীৰ হাত ভৰি নিয়ন্ত্ৰণহীন ভাবে কঁপে আৰু জঠৰ হয় ।

জঠৰ ৰোগৰ হোমিওপেথিক চিকিৎসা

হোমিওপেথিক চিকিৎসা পদ্ধিতত ৰোগৰ লক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় । সেয়ে লক্ষণ মিলিলে সকলো ধৰণৰ জঠৰ ৰোগত প্ৰায় একে বিলাক ঔষধ ব্যৱহাৰ কৰা হয় ।

একোনাইট নেপ ( Aconite Nap): অতিৰিক্ত ঠাণ্ডা লাগি,বৰষুণত তিতি বা ভয় খাই জঠৰ ৰোগ হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । ( ঠাণ্ডা লাগি জঠৰ ৰোগ হ’লে কষ্টিকাম নামৰ ঔষধ বিধও ব্যৱহাৰ হয় । বৰষুণত তিতি জঠৰ ৰোগ হ’লে ডালকেমাৰা বা ৰাস টক্সও ব্যৱহাৰ হয় ।)

হঠাৎ ঠাণ্ডা লাগি মূত্ৰথলী জঠৰ হৈ প্ৰস্ৰাৱ বন্ধ হ’লে প্ৰথমে একোনাইট নেপ ব্যৱহাৰ কৰিব লাগে । ( এই লক্ষণত ডালকেমাৰাও ব্যৱহাৰ হয় ।)

আৰ্ণিকা মণ্ট ( Arnica Mont): পৰি বা কিবা কাৰণত আঘাত লাগি প্যাৰালিসিস হ’লে প্ৰথমে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।

মূৰত আঘাত লাগি জঠৰ ৰোগ হ’লে প্ৰথমে আৰ্ণিকা ব্যৱহাৰ কৰিব লাগে । তাৰ পিছত হাইপেৰিকাম (Hypericum) ব্যৱহাৰ কৰিব লাগে ।

আঘাত লাগি জঠৰ ৰোগ হ’লে আৰ্ণিকা আৰু হাইপেৰিকাম ব্যৱহাৰ কৰি বিফল হ’লে এচিড সালফিউৰিক(Acid Sulphuric) ব্যৱহাৰ কৰিব লাগে ।

জেলসিমিয়াম (Gelsemium sempervirens): হিষ্টিৰিয়া ৰোগ গ্ৰস্তা ৰোগীনী,যৌন ব্যাধী থকা লোক আৰু বহুদিন ভুগি থকা কোনো দুৰ্বলকৰ ৰোগৰ পৰিণাম স্বৰূপে প্যাৰালিসিস হ’লে জেলসিমিয়াম ব্যৱহাৰ কৰিব লাগে ।

হিষ্টিৰিয়া ৰোগ গ্ৰস্তা ৰোগীৰ জঠৰ ৰোগত ইগনেছিয়া(Ignatia),নেট্ৰাম মিউৰ (Natrum Mur), আৰু কক্কোলাস (Cocculus)ও ব্যৱহাৰ হয় ।

সেইদৰে যৌন ব্যাধী থকা লোকৰ জঠৰ ৰোগত এচিড পিকৰিক( Acid Picric), নেট্ৰাম মিউৰ ( Natrum Mur) আৰু এচিড ফচ( Acid Phos) ব্যৱহাৰ হয় ।

দুৰ্বলকৰ ৰোগৰ পৰিণাম স্বৰূপে প্যাৰালিসিস হ’লে কষ্টিকাম(Causticum)ও ব্যৱহাৰ হয় ।

জেলসিমিয়াম ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল- শৰীৰৰ অংগ বিলাক ইচ্ছামতে লৰাব নোৱাৰে (Agaricus), কিন্তু অংগবিলাকৰ চেতনা শক্তি লোপ নহয় ।

ডিঙিৰ জঠৰ ৰোগৰ ফলত কোনো খাদ্য বা জুলীয়া পদাৰ্থ খাওঁতে গিলিব নোৱাৰিলে জেলসিমিয়াম ব্যৱহাৰ হয় ।

খাদ্য গিলিবৰ সময়ত ডিঙিত চেপা মাৰি ধৰাৰ দৰে ধৰাৰ বাবে খাদ্য গিলিব নোৱাৰিলে এপিস মেল(Apis Mel) ব্যৱহাৰ হয় ।

কক্কুলাস ইন্দিকা(Cocculus Indica): হিষ্টিৰিয়া ৰোগ গ্ৰস্তা ৰোগীনী, লম্পত লোক, অবিবাহিত স্ত্ৰীলোক, বা সন্তান নোহোৱা বন্ধ্যা স্ত্ৰীলোক সকলৰ জঠৰ ৰোগ হ’লে সাধাৰণতে এই ঔষধ ব্যৱহাৰ হয় । এই লোক সকলৰ মুখৰ,জিভাৰ বা ফ্যাৰিংসৰ প্যাৰালিসিস হৈ কথা ক’ব নোৱাৰিলে বা অতি কষ্টৰে ধীৰে কথা ক’ব লগা হ’লে,খাদ্য গিলোঁতে কষ্ট হ’লে কক্কুলাস ব্যৱহাৰ হয় ।

কক্কুলাস ইন্দিকা ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল কঁকাল আৰু কঁকালৰ তলৰ পৰা ভৰিৰ তললৈকে স্নায়ুৰ ক্ষমতা লোপ পায় । অতি দুৰ্বল অনুভৱ কৰে আৰু খোজ কাঢ়িলে অ’ত-ত’ত খুন্দিয়াই ফুৰে (Agaricus) । কঁকালৰ পৰা নিম্নভাগ ইচ্ছামতে লৰাব নোৱাৰে ।

কিছুমান ৰোগীৰ কেতিয়াবা এখন হাত কেতিয়াবা আনখন হাত জঠৰ হয় ।

কনিয়াম মেকুলেটাম(Conium Maculatum): যেই কোনো ৰোগৰ পৰিণাম স্বৰূপে কোনো অংগৰ আংশিকভবে বা সম্পূৰ্ণ প্যাৰালিসিস হ’লে আৰু এই ঔষধৰ লক্ষণ মিলিলে ব্যৱহাৰ কৰা হয় ।

কনিয়াম মেকুলেটাম ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল ৰোগীয়ে ইফালে সিফালে চালে বা ৰাতি বিছনাত ইকাটি সিকাটি কৰিলে মূৰ ঘূৰায় । সকলো সময়তে আৰু সকলো ঋতুতে অস্বাভাৱিক ঘাম ওলায় ।

মেডুৰহিনাম ( Medorrhinum): যেই কোনো কাৰণত হোৱা জঠৰ ৰোগৰ লগত বা ৰোগৰ পৰিণামৰ ফলত মেৰদণ্ডত জ্বলা-পোৰা কৰিলে,টানি-আঁজুৰি ধৰিলে,বিষৰ কাৰণে চুব নোৱাৰিলে আৰু এই লক্ষণ বিলাকৰ লগত আংশিক বা সম্পূৰ্ণ অংগৰ প্যাৰালিসিস হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয় ।

মন কৰিব লগীয়া যে মেৰুদণ্ডৰ ৰোগৰ পৰা জঠৰ ৰোগ হ’লে নেট্ৰাম মিউৰেটিকাম( Natrum Mur) আৰু ফসফৰাস(Phophorus)ও ব্যৱহাৰ হয় ।

সাধাৰণতে অতিৰিক্ত শুক্ৰ ক্ষয় কৰাৰ ফলত উৎপত্তি হোৱা মেৰুদণ্ডৰ ৰোগৰ পৰা প্যাৰালিসিস হ’লে Natrum Mur ব্যৱহাৰ হয়।

Phophorus ব্যৱহাৰ হোৱা ৰোগীৰ প্যাৰালিসিসৰ লগত মেৰুদণ্ডত জ্বলা-পোৰা কৰে আৰু হাত,ভৰি,চকু-কাণ বা সমগ্ৰ শৰীৰত জ্বলা-পোৰা কৰে । লগতে শৰীৰত অস্থিৰতা থাকে ।

Medorrhinum ব্যৱহাৰ হোৱা কিছুমান ৰোগীৰ হাত,ভৰিত জ্বলা পোৰা কৰে আৰু হাত, ভৰিত বিছনি মাৰিবলৈ কয় ।

বাত ৰোগৰ লগত প্যাৰালিসিস হ’লে আৰু আন ঔষধ বিলাক ব্যৱহাৰ কৰি বিফল হ’লে Medorrhinum 1(M) বা10(M) কিছু অধিক দিন ব্যৱহাৰ কৰিব লাগে ।

কালি কাৰ্ব(Kali Carb): বয়সীয়া বা বুঢ়া মানুহৰ দুৰ্বলতা বশত আংশিক বা সম্পূৰ্ণ অংগৰ প্যাৰালিসিস হ’লে এই ঔষধ প্ৰথমে কিছু দিন ব্যৱহাৰ কৰিব লাগে । পাছত কিছু দিন Causticum আৰু শেষত Suphur ব্যৱহাৰ কৰিব লাগে ।

অতিশাৰ,ডিসেণ্টৰী,অতিৰিক্ত ৰক্ত ক্ষৰণ আদিৰ ফলত শৰীৰত তেজ কমি প্যাৰালিসিস হ’লে Kali Carb কম শক্তি(Lower Dilution)ৰ কিছু অধিক দিন ব্যৱহাৰ কৰিব লাগে ।

ৰোগ আৰোগ্য আৰু একে সময়তে শক্তিও বৃদ্ধি কৰিব লগা হ’লে তেনে ক্ষেত্ৰত ৰোগ পুৰণি হ’লেও মূল আৰক( Mother Tincture) বা কম শক্তিৰ ঔষধ (Lower Dilution) ব্যৱহাৰ কৰিব লাগে ।

কালি কাৰ্ব সাধাৰণতে শকত-আবত,ফোপোলা,সামান্য পৰিশ্ৰমতে ভাগৰ লগা,তেজ কম থকা,বুঢ়া বা বয়সীয়া লোকৰ ওপৰত বিশেষ ভাবে ব্যৱহাৰ হয় । এনে লোক সকলৰ দেহৰ প্ৰতিক্ৰিয়াৰ অভাৱত ৰোগ সম্পূৰ্ণ আৰোগ্য নহ’লে Capsicum ব্যৱহাৰ কৰিব লাগে ।

অপিয়াম(Opium): কোনো কাৰণত ভয় খাই ৰোগীৰ আংশিক বা সম্পূৰ্ণ প্যৰালিসিস হ’লে,শৌচ-প্ৰস্ৰাৱ বন্ধ থাকিলে বা অজ্ঞাতসাৰে শৌচ-প্ৰস্ৰাৱ হ’লে অপিয়াম ব্যৱহাৰ কৰিব লাগে ।

প্লামবাম মেট (Plumbum Met): আংশিক বা সম্পূৰ্ণ প্যাৰালিসিস ৰোগত শৌচ প্ৰায় নহ’লে বা কিছু দিনৰ মূৰে মূৰে সামান্য পৰিমাণে অতি টাম শৌচ হ’লে এই ঔধষ ব্যৱহাৰ কৰিব লাগে ।

প্লামবাম মেট ব্যৱহাৰ হোৱা ৰোগীৰ বিশেষ লক্ষণ হ’ল আক্ৰান্ত হোৱা অংগ ক্ৰমান্বয়ে ক্ষীণ হৈ যায় ।