টাইফইড জ্বৰ আৰু ইয়াৰ লক্ষণ সমূহ ( TYPHOID FEVER AND ITS SYMPTOMS ) তলত আলোচনা কৰা হৈছে ।
টাইফইড জ্বৰ প্ৰায়ে পাল জ্বৰ (Remittent Fever)ৰ পৰা উৎপত্তি হয় । কেতিয়াবাহে প্ৰথমৰে পৰা টাইফইডৰ লক্ষণ সমূহ লৈ এই জ্বৰ উৎপত্তি হয় ।
টাইফইড জ্বৰৰ লক্ষণ হ’ল- জ্বৰ সকলো সময়তে থাকে । ৰাতিপুৱা ২ বা ১ ডিগ্ৰী তাপ কমে । ৰাতি ২ বা ১ ডিগ্ৰী তাপ বাঢ়ে । জ্বৰৰ তাপ দিনটোৰ ভিতৰত পৰিবৰ্ত্তন হৈ থাকে ।
জ্বৰৰ তাপ ১০৩ ডিগ্ৰীৰ পৰা ১০৫ ডিগ্ৰীৰ ভিতৰত সকলো দিনতে থাকে ।
টাইফইড জ্বৰৰ প্ৰধান লক্ষণ হ’ল–ভয়ংকৰ জ্বৰ আৰু মূৰৰ যন্ত্ৰণা । জ্বৰৰ প্ৰথম অৱস্থাৰ পৰাই মূৰৰ বিষ হয় আৰু বলিয়ালি বকে ।
এই লক্ষণবোৰৰ লগতে পেট ফুলা ( Flatulence ),শৌচ কম ( Scanty Stool) বা শৌচ বন্ধ থকা ( Constipation), অতিশাৰ ( Diarrhoea) হোৱা,তল পেটত গৰ গৰ শব্দ হোৱা, ক্ৰমাণ্বয়ে দুৰ্বল হৈ অহা ,ভ্ৰম বকা আদি উপসৰ্গ বিলাক থাকিব পাৰে ।
আৰম্ভনিতে যদি সুচিকিৎসা কৰা নহয় ৰোগ জটিত হয় আৰু ব্ৰঙ্কাইটিচ (Bronchitis),নিউমোনিয়া ( Pneumonia ),নাকৰ পৰা তেজ ওলোৱা (Epistaxis) বা প্ৰস্ৰাৱত তেজ ওলোৱা (Hematuria),শৌচত তেজ ওলোৱা (Rectal Bleeding ),অজ্ঞান হোৱা (Epilepsy) ,মেননজাইটিচ (Meningitis ) আদি কু-লক্ষণ বিলাক প্ৰকাশ পায় ।
মন কৰিব লগীয়া যে টাইফইড জ্বৰ প্ৰায়ে স্বাস্থ্যবান ডেকা-গাভৰুৰ হয় । ল’ৰা-ছোৱালী বা বয়সীয়া লোকৰ এই ৰোগ কম হয় । আৰম্ভণিতে সুচিকিৎসা নহলে এই ৰোগ আৰোগ্য হবলৈ প্ৰায় এমাহ লাগে ।
সৰু ল’ৰা-ছোৱালীৰ এইদৰে একেলেথাৰিয়ে জ্বৰ হৈ থাকিলে প্ৰথমে লিভাৰৰ দোষত জ্বৰ হৈছে নেকি লক্ষ্য কৰিব লাগে । লিভাৰৰ দোষৰ লক্ষণ নেপালেহে টাইফইড জ্বৰৰ লক্ষণ সমূহ মিলাই চাব লাগে ।
প্ৰসৱৰ পাছত এইদৰে ভয়ংকৰ জ্বৰ হলে পা-ইমিয়া (Pyaemia) বা সেপ্টিচিমিয়া (Septicaemia ) হৈছে বুলি বুজিব লাগে ।
নিউমোনিয়া (Pneumonia ) হ’লেও টাইফইডৰ লক্ষণ সমূহ প্ৰকাশ পায় । আকৌ টাইফইডৰ দ্বিতীয় তৃতীয় অৱস্থাত নিউমোনিয়া হয় ।