বতৰ অনুপাতে কিছু ৰোগ উৎপত্তি হোৱা দেখা যায় । সেইদৰে ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি বা বৃদ্ধি হয় তাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।
নেট্ৰাম সাল্ফ (Natrum Sulph): জেকা বা সেমেকা মাটিত বাস কৰাৰ ফলত বা ডাৱৰীয়া বতৰত যদি বাত ৰোগ উৎপত্তি হয়,তেন্তে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
এই ঔষধ ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল সন্ধিবিলাকত খোঁচা-বিন্ধা কৰাৰ দৰে বিষ হয় । সেই বিষ কোনো অৱস্থাতে উপশম নহয় । ( Bryonia Alba ব্যৱহাৰ হোৱা ৰোগীৰ লৰ-চৰ কৰিলে খোঁচা-বিন্ধা কৰা বিষ বৃদ্ধি হয় আৰু নিতাল মাৰি পৰি থাকিলে কিছু আৰাম পায় ।)
ৰাস টক্স ( Rhus Tox): বৰষুণত ভিজাৰ ফলত বা ডাৱৰীয়া বতৰত বাত ৰোগ উৎপত্তি হ’লে এই ঔষধ ব্যৱহাৰ হয় ।
Rhus Tox ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল সন্ধিবিলাক ফুলে আৰু কুটকুটনি ধৰে, সেইকুটকুটনিৰ পৰা ৰক্ষা পাবলৈ ৰোগীয়ে সকলো সময়তে সন্ধিবিলাক জোঁকাৰি থাকে বা লৰ-চৰ কৰি থাকে ।
ৰডোডেণ্ড্ৰণ ( Rhododendron): এই ঔষধ নতুন পুৰণি দুয়োবিধ সন্ধিবাতত সমান ভাবে ব্যৱহাৰ হয় ।
এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ বাত ৰোগ সাধাৰণতে ডাৱৰীয়া বতৰত বা বিজুলী-ঢেৰেকণি মৰা বতৰত উৎপত্তি হয় বা বৃদ্ধি হয় । গাঁঠি বা সন্ধিবিলাক ফুলে আৰু বিষ এক সন্ধিৰ পৰা আন এক সন্ধিলৈ ঘনাই পৰিচালিত হয় । ৰাতি যন্ত্ৰণা বৃদ্ধি হয় আৰু লৰ-চৰ নকৰাকৈ নিতাল মাৰি পৰি থাকিলে যন্ত্ৰণা বৃদ্ধি হয় ।
কেলকেৰিয়া ফস( Calcarea Phos ): নিয়ঁৰ পৰা বতৰত বাত ৰোগ উৎপত্তি বা বৃদ্ধি হ’লে এই ঔষধ ব্যৱহাৰ হয় ।