নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ(Remittent Fever)ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল
নেৰানেপেৰা জ্বৰ (Continued Fever ) : নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে ।
Pulse অৰ্থাৎ নাড়ী ঘনাই চলে । জ্বৰৰ তাপ ১০২ ডিগ্ৰীৰ পৰা ১০৫ ডিগ্ৰীলৈকে উঠে ।
জ্বৰৰ তাপ সকলো সময়তে সমান থাকে ।
পাল জ্বৰ– Remittent Fever অৰ্থাৎ পাল জ্বৰৰ লক্ষণ হ’ল ই আৰম্ভনিতে নেৰানেপেৰা জ্বৰ ( Continued Fever) ৰ লক্ষণ লৈ উপস্থিত হয় । পাছত পাল জ্বৰ ( Remittent Fever )লৈ পৰিবৰ্ত্তন হয় । পাল জ্বৰলৈ পৰিবৰ্ত্তন হোৱাৰ পিছত জ্বৰ উঠাৰ লক্ষণ সলনি হয় ।
পাল জ্বৰৰ মূল লক্ষণ হ’ল ৰাতি জ্বৰ উঠে আৰু ৰাতিপুৱা কিছু কমে ।
জটিল ধৰণৰ পাল জ্বৰত ( Remittent Fever ) ২৪ ঘণ্টাৰ ভিতৰত দুবাৰ জ্বৰ অধিক হয় । প্ৰথমবাৰ দিনৰ ১২ বজাৰ পৰা জ্বৰ উঠে আৰু ৰাতি ১১ বজাৰ পৰা জ্বৰ কম হয় । আকৌ ৰাতি ২-৩ বজাৰ পৰা জ্বৰ বাঢ়ে । ৰাতিপুৱা ১১ বজালৈ জ্বৰৰ তাপ কম হয় ।
পাল জ্বৰ ( Remittent Fever ) আৰোগ্য় নহ’লে কেতিয়াবা টাইফইড জ্বৰ ( Typhoid Fever )লৈ সলনি হয় ।
সহজ ধৰণৰ পাল জ্বৰ ভাল হবলৈ ৭-৮ দিন সময় লাগে । জটিল ধৰণৰ পাল জ্বৰ আৰোগ্য় হবলৈ ১৪-১৫ দিন লাগিব পাৰে ।
নেৰানেপেৰা জ্বৰ ( Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ত প্ৰায় একেবোৰ ঔষধ ব্যৱহাৰ হয় ।
জ্বৰত ব্যৱহাৰ হোৱা ঔষধ সমূহ
একোনাইট নেপ (Aconite Nap): এই ঔষধ জ্বৰৰ প্ৰথম অৱস্থাত ব্যৱহাৰ হয় । Aconiteৰ জ্বৰে হঠাৎ আক্ৰমণ কৰে ।
জ্বৰৰ লক্ষণ: শৰীৰ শুকান আৰু গৰম থাকে । শৰীৰৰ ছাল শুকান আৰু ঘাম নেথাকে । ৰোগী অস্থিৰ হয়,ভয়ানক ধৰফৰণি,ছট-ফটনি থাকে আৰু ৰোগীয়ে মৰিম বুলি ভয় কৰে । ইয়াৰোপৰি বমি হ’ব পাৰে আৰু গোটেই শৰীৰত বিষ থাকিব পাৰে বিশেষকৈ বুকুত অধিক বিষ থাকিব পাৰে ।
একোনাইট ব্যৱহাৰ হোৱা ৰোগীৰ কেতিয়াবা জ্বৰ মূৰত উঠে । দাঁত গজিবৰ সময়ত বা দাঁত গজি থকা-ল’ৰা-ছোৱালীৰ এইদৰে জ্বৰ হয় । জ্বৰ মূৰত উঠিলে ৰোগী অজ্ঞান হয় আৰু শৰীৰ বিশেষকৈ মূৰটো ভয়ামক গৰম হয় । হাত,ভৰি বা মূৰ আদি কোনো অংগ ভয়ানক জোঁকাৰে ।
একোনাইট ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰধান লক্ষণ হ’ল শৰীৰত ঘাম নেথাকে । যদি ঘাম ওলায়,ভয়ানক জ্বৰ আৰু গাত হাত দি চালে জ্বলি যোৱা যেন গৰম থাকে,মুখ ৰঙা পৰে,মূৰত বিষ থাকে আৰু ভয়ানক গৰম হয়, গাৰুত মূৰ ঘঁহায়,অচেতন হয়, তেনে লক্ষণ দেখিলে বেল্লাডোনা(Belladona) ব্যৱহাৰ কৰিব লাগে ।
বেল্লাডোনাত মূৰত জ্বৰ উঠিলে বাঘ-ভালুক আদি হিংস্ৰ জন্তু দেখি ভয় খায় ।
ৰোগী যদি নিতাল মাৰি পৰি থাকে ,শৰীৰ আৰু বুকুতকৈমূৰৰ বিষ অধিক থাকে ,তেন্তে ব্ৰাইওনিয়া(Bryonia) ব্যৱহাৰ কৰিব লাগে ।
একোনাইটৰ জ্বৰ ১০৫ ডিগ্ৰীলৈকে উঠে । যদি একোনাইট ব্যৱহাৰ কৰিও জ্বৰ নকমে, ৰোগীয়ে মূৰটো অনবৰতে গাৰুত থেকেছে,ৰোগী অজ্ঞান হয়, পাল্চ অতি খৰ হয় তেনে লক্ষণ প্ৰকাশ পালে ভেৰাত্ৰাম ভিৰাইড(Varatrum Viride) ব্যৱহাৰ কৰিব লাগে । মনত ৰাখিব লগীয়া Varatrum Viride ৩০ ক্ষমতাৰ ৪ খোৰাকৰতকৈ অধিক ব্যৱহাৰ কৰিব নেলাগে ।
Varatrum Viride ৰ জ্বৰ ১০৪ ৰ পৰা ১০৫ ডিগ্ৰী লৈকে উঠে । তেজৰ দৰে ৰঙা কম প্ৰস্ৰাৱ হয় ।
Aconite আৰু Bellafonaত প্ৰস্ৰাৱ কম হয় বা প্ৰায়ে বন্ধ থাকে ।
জ্বৰ যদি নতুন হয়, শৰীৰৰ তাপ ১০৪ বা ১০৫ ডিগ্ৰী হয়,গাত হাত দিলে চালে জুইয়ে পোৰাৰ দৰে পোৰে, ঘাম নেথাকে আৰু বলিয়ালি বকে তেন্তে সালফাৰ(Sulphur) ব্যৱহাৰ কৰিব লাগে।
সালফাৰৰ মূল লক্ষণ হ’ল ৰোগীয়ে গোটেই শৰীৰত জুইয়ে পোৰাৰ দৰে জ্বলা-পোৰা অনুভৱ কৰে । পুৰণি জ্বৰত সালফাৰ ব্যৱহাৰ নহয় ।
একোনাইট,সালফাৰ আৰু বেল্লাডোনাৰ এই লক্ষণ কেইটা পালে সৰলো ধৰণৰ জ্বৰত ব্যৱহাৰ কৰিব পাৰি । মাত্ৰ টাইফয়ড জ্বৰত ব্যৱহাৰ কৰিব নেলাগে ।