এক’নাইট নেপ(Aconite Nap)-অতিৰিক্ত গৰম বা চেঁচা পৰিলে,ঋতু পৰিবৰ্ত্তন হ’লে, হঠাৎ বৰষুণ পৰি ঘাম বন্ধ হ’লে,শুকান বতাহ লাগি ৰোগ হ’লে প্ৰথমে এক’নাইট নেপ ব্যৱহাৰ কৰা হয় ।
এক’নাইট নেপৰ ৰোগীৰ শৰীৰত ঘাম নেথাকে । এনে ধৰণৰ লক্ষণ থকা প্ৰায় বিলাক ৰোগ প্ৰথমে ব্যৱহাৰ কৰিলে এক’নাইট নেপৰ দ্বাৰাই আৰোগ্য হয় ।
মাৰকিউৰিয়াচ চল(Mercurius Sol)-প্ৰত্যেক ঋতু পৰিবৰ্ত্তনৰ সময়ত,নিয়ৰ পৰা বতৰত বা পুহ মাঘ মাহত হোৱা ইনফ্লুয়েঞ্জা,কাহ আদি Mercurius Solৰ দ্বাৰাই আৰোগ্য হয় । এই ঔষধৰ প্ৰধান লক্ষণ হ’ল এবাৰ জাৰ এবাৰ গৰম লাগি থকা ।
নাক্স ভমিকা(Nux Vomica)-বয়সীয়া বা দুৰ্বল লোকৰ শৰীৰত অতিৰিক্ত ঠাণ্ডা সোমোৱাৰ ফলত ৰোগ হ’লে Nux Vomica ব্যৱহাৰ কৰা হয় । এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ জাৰ লগা ইমান বেছি হয় যে জ্বৰ,অতিশাৰ,ডিচেণ্টেৰি আদি যি ৰোগেই নহওক ঘামিলেও জাৰ নুগুছে । সকলো অৱস্থাতে কাপোৰ লৈ থাকিব লগা হয় ।
কষ্টিকাম(Causticum)-দুৰ্বল আৰু বয়সীয়া মানুহৰ জাৰৰ দিনত দেহত অতিৰিক্ত ঠাণ্ডা সোমাই হাত-ভৰি জঠৰ( Paralysis) হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
ৰাস টক্স(Rhus Tox)-বৰষুণত তিতাৰ ফলত যি ৰোগেই নহওক বিশেষকৈ জ্বৰ,বাতৰোগ আদি হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
নেট্ৰাম সাল্ফ(Natrum Sulph)-যদি কোনো ৰোগ বৰষুণ দিলে বা বতৰ ডাৱৰীয়া কৰিলে বৃদ্ধি বা উৎপত্তি হয়,তেন্তে Natrum Sulph ব্যৱহাৰ কৰা হয় ।
জেকা বা সেমেকা মাটিত বহু সময় বহি থকাৰ বাবে বা জেকা মাটিত শোৱাৰ বাবে ৰোগ হ’লে প্ৰথমে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । যেনে বান পানীৰ পিছত জেকা মাটিত থাকিব লগা হোৱাৰ ফলত যিকোনো ৰোগ হ’লে Natrum Sulph য়ে আৰোগ্য কৰিব পাৰে ।
যদি জেকা মাটিত বাস কৰাৰ ফলত প্ৰস্ৰাৱৰ ৰোগ হয়,তেন্তে Calcarea Carb নামৰ ঔষধ বিধ ব্যৱহাৰ হয় । টিউৱৱেল বহুওৱা লোক,ঘৰৰ বেৰ আদি লিপিবলৈ মাটি খচা বা গৰু-ম’হৰ খুটিত কাম কৰা লোক সকলৰ এইদৰে প্ৰস্ৰাৱৰ ৰোগ হোৱা দেখা যায় ।
সিপিয়া(Sepia)-সকলো সময়তে পানীত তিতি থাকিব লগা লোক যেনে ধুবি সকলৰ যিকোনো ধৰণৰ ৰোগত আন ঔষধৰ লক্ষণ নোলালে Sepia ব্যৱহাৰ কৰিব লাগে ।
ডালকামাৰা(Dulcamara)-বাৰিষা,বৰষুণৰ বতৰত কাহ,অতিশাৰ,টনছিল ফুলা আদি ৰোগ হ’লে এই ঔষধ ব্যৱহাৰ হয় ।
এই ঔষধ টনছিল ফুলাত Mercurius Solৰ সমকক্ষ ঔষধ । আনহাতে কাহ ,অতিশাৰ আদিত ই Natrum Sulph ৰ সমকক্ষ । প্ৰয়োজন হ’লে Mercurius Sol বা Natrum Sulphৰ লগত ইটোৰ পিছত সিটো Dulcamara ব্যৱহাৰ কৰিব লাগে ।
ব্ৰাইওনিয়া এলবা(Bryonia Alba)- সেমেকা বতৰৰ পৰা অতিৰিক্ত গৰমলৈ বতৰ পৰিবৰ্ত্তন হোৱাৰ সময়ত অতিশাৰ,অজীৰ্ণ, বুকুত বিষ থকা বা নথকা শুকান কাহ,বিষ,বাতৰোগ আদি হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
ব্ৰাইওনিয়া এলবা ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল বিষ আদিৰ লৰচৰ কৰিলে ৰোগৰ লক্ষণ বৃদ্ধি হয় যেনে বহি বা শুই থকাৰ পৰা উঠিলে,স্থিৰ হৈ থকাৰ পৰা গতি আৰম্ভ কৰোতে লক্ষণ বৃদ্ধি হয় ।
এণ্টিমক্ৰুড(Antim Crude)-অতিৰিক্ত গৰমত অজীৰ্ণ,অতিশাৰ, বমি আদি হ’লে এই ঔষধ ব্যৱহাৰ কৰা হয় ।
জিভা গাখীৰৰ দৰে বগা হ’লে যি ৰোগেই নহওক Antim Crude ব্যৱহাৰ কৰিব লাগে ।
এলোমিনা(Alumina)-যি ৰোগ শীত কাল আৰম্ভ হ’লেই বৃদ্ধি হয় আৰু গৰম কাল আৰম্ভ হ’লেই আৰোগ্য হয়,ৰোগ যিয়েই নহওক বিশেষকৈ চৰ্মৰোগ, এনে লক্ষণ পালে এলোমিনা ব্যৱহাৰ কৰা হয় ।
এইদৰে শীতকালত চৰ্মৰোগ হোৱাত সৰিনাম(Psorinum),এলো সক(Aloe Soc) আৰু পেট্ৰোলিয়াম(Petroleum) নামৰ ঔষধ কেইটাও ব্যৱহাৰ হয় ।
এই ঔষধ চাৰিটাৰ প্ৰভেদ এই যে এলোমিনাৰ ৰোগীৰ চৰ্মৰোগ শুকান হয় । মুখ,ডিঙিৰ ভিতৰ,শৰীৰ শুকান থাকে । শৌচ চাৰি-পাঁচ দিনৰ মূৰত বা তাতকৈ অধিক দিনত এদিন হয় ।
এলো সক ব্যৱহাৰ হোৱা ৰোগীৰ শৌচ হঠাৎ লাগে । লিভাৰৰ দোষত প্ৰায় দুৰ্গন্ধ বায়ু ঘনাই ওলায় ।
সৰিনাম ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰায় পানী লগা হৈ থাকে । শৰীৰৰ চৰ্ম আৰু চৰ্মৰোগ অপৰিষ্কাৰ দেখায় । ইয়াৰোপৰি এলো সক(Aloe Soc),এলোমিনা(Alumina) আৰু পেট্ৰোলিয়াম(Petroleum) বিফল হলে সৰিনাম ব্যৱহাৰ হয় ।
Petroleum ব্যৱহাৰ হোৱা ৰোগীৰ কৰঙনৰ চুকত,অণ্ডকোষত চৰ্মৰোগ উৎপত্তি হয় । এই চৰ্মৰোগত ছাল ফাটি এৰাই যায় ।
Agaricus নামৰ ঔষধটো ব্যৱহাৰ হোৱা ৰোগীৰ শীত কাল আৰম্ভ হলেই হাতৰ,ভৰিৰ আৰু আঙুলিৰ ঘা উৎপত্তি হয় । মুখ আৰু গালত শুকান এক ধৰণৰ চৰ্মৰোগ উৎপত্তি হয় । গৰম পৰাৰ লগে লগে আৰোগ্য হয় ।
কালি বাই ক্ৰমিকাম(Kali Bichromicum)- এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ গৰম পৰিলেই চৰ্মৰোগ বৃদ্ধি হয় । শীত কালত ৰোগ নিজে নিজে শুকাই যায় । প্ৰতি বছৰ গৰম পৰিলেই ৰোগ বৃদ্ধি হোৱা সকলো ৰোগত,গেষ্ট্ৰিক আদিত Kali Bichromicum ব্যৱহাৰ হয় ।