হোমিওপেথিক চিকিৎসাৰে ঋতুস্ৰাৱ পৰিমাণত অধিক হোৱাৰ পৰা আৰোগ্য হওক

কিছু মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ স্বাভাৱিক পৰিমাণতকৈ অধিক হয় । বহুতে হয়তো ইয়াক সাধাৰণ ঘটনা বুলি আওকাণ কৰে । আচলতে ই এক ৰোগ । এনে লক্ষণ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী । কাৰণ ই আন কোনো জটিল ৰোগৰ পূৰ্বাভাসও হ’ব পাৰে ।

হোমিওপেথিকত ঋতুস্ৰাৱ পৰিমাণত বেছি হোৱাৰ অতি ফলপ্ৰসূ চিকিৎসা আছে । কিন্তু হোমিওপেথিকৰ বিষয়ে সঠিক জ্ঞান নথকাৰ বাবে হয়তো বহু লোকে এই বিষয়ে অজ্ঞাত । সেয়ে এই লিখনিত এই বিষয়ে কিছু আলোকপাত কৰা হৈছে ।

ঋতুস্ৰাৱ পৰিমাণত অধিক হোৱাৰ হোমিওপেথিক ঔষধ

এমোনিয়াম কাৰ্ব ( Ammon Carb): এই ঔষধ সাধাৰণতে এনে ধৰণৰ মহিলা বা যুৱতীৰ ওপৰত ব্যৱহাৰ হয় যি শকত-আৱত আৰু কোনো ধৰণৰ শাৰিৰিক পৰিশ্ৰম নকৰে । সকলো সময়তে বহি দিন পাৰ কৰে বা কোনো শাৰিৰিক পৰিশ্ৰম নকৰি লাহ-বিলাসত দিন নিয়ায় । জহকালি প্ৰায়ে পানী লাগি থাকে । এনে ধৰণৰ মহিলা বা যুৱতীৰ ওপৰত ঋতু পৰিমাণে বেছি হোৱা ৰোগ থাকিলে এই ঔষধ ব্যৱহাৰ হয় ।

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ মাহেকীয়া ঋতুস্ৰাৱ অতি ঘনাই হয় আৰু পৰিমাণত বেছি হয় । তলপেটত ভয়ানক বিষ থাকে । ঋতুস্ৰাৱ প্ৰায়ে খাৰুৱা হয় । ফলত ছালত বিশেষকৈ কৰঙণৰ যি ঠাইত লাগে সেই অংশত ঘা সৃষ্টি কৰে ।

বহি থাকিলে আৰু ৰাতি শুলে ঋতুস্ৰাৱৰ পৰিমাণ বেছি হয় । ঋতুস্ৰাৱৰ সময়ছোৱাত সকলো সময়তে জাৰ লাগে ( Baryta Carb ) আৰু হামি আহে ।

কেলকেৰিয়া কাৰ্ব (Calcarea Carb): এই ঔষধটো সাধাৰণতে যি সকল মহিলা বা যুৱতী শকত-আৱত,ঘনাই পানী লাগে, শৰীৰৰ কিছু অংশ বিশেষকৈ হাত,ভৰি,মূৰ আদি চেঁচা অনুভৱ কৰে তেওঁলোকৰ ওপৰত ব্যৱহাৰ হয়। এইবোৰ লক্ষণৰ লগতে আন কিছু লক্ষণ যেনে-মূৰ,ডিঙি,কাষলতি,জননেন্দ্ৰিয়,হাত,ভৰি আদি ঘামে । অজীৰ্ণ ৰোগ থাকে । টেঙা উগাৰ আহে বা টেঙা বমি হয় ।

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ ঘনাই ঋতুস্ৰাৱ হয় । অনেক দিনলৈকে ঋতুস্ৰাৱ থাকে । ঋতুৰ সময়ত তলপেত বিষ হয় ।

এইদৰে ঘনাই ঋতুস্ৰাৱ হৈ কিছু মাহ ঋতুস্ৰাৱ বন্ধ থাকে বা অতি কম পৰিমাণে হয় । ৰোগী তেজ নোহোৱা শেঁতা পৰে ।

সেবিনা (Sabina): যি বিলাক মহিলা বা যুৱতী অতি কম বয়সত ঋতুমতি হয় তেনে মহিলা বা যুৱতিৰ ওপৰত বিশেষভাবে এই ঔষধ ব্যৱহাৰ হয় ।

সেবিনা ব্যৱহাৰ কৰিব লগীয়া মাইকী মানুহৰ ঋতুস্ৰাৱ অতি ঘনাই হয়, ঋতুস্ৰাৱ অনেক দিন ধৰি থাকে ।

ঋতুস্ৰাৱ হৈ থকা অৱস্থাত বিষ জননেন্দ্ৰিয়ৰ ওপৰত থকা চেপেটা হাড়( Pubic Bone)ৰ পৰা মেৰুদণ্ডৰ তলত থকা হাড় চটালৈকে হয় । ঋতুস্ৰাৱত ওলোৱা ৰক্ত কিছু পনীয়া আৰু চেকুৰা-চেকুৰ হয় ।( Ustilago)

প্লেটিনা (Platina): এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া স্ত্ৰীলোক সকলৰ ঋতুস্ৰাৱ অতি ঘনাই হয়,অনেক দিন থাকে, ঋতুস্ৰাৱ প্ৰায়ে হৈ থাকে । প্ৰথমবাৰ ঋতুস্ৰাৱ হোৱাৰ পৰা দ্বিতীয়বাৰ ঋতুস্ৰাৱ হোৱলৈকে ঋতুস্ৰাৱ কিছুপৰিমাণে হৈ থাকে ।

কিছুমানৰ ঋতুস্ৰাৱৰ ৰক্ত ধোঁৱা বৰণীয়া চেকুৰা-চেকুৰ হয় । কিছু ৰোগীৰ কঁকালৰ পৰা তললতৈ সিৰামূৰি ধৰে । ঋতুস্ৰাৱৰ লগত হোৱা বিষ নিয়মিত ভাবে ধীৰ গতিৰে বাঢ়ে । বিষ কমিবৰ সময়তো নিয়মিত ধীৰ গতিৰে কমে । (Stannum)

কালি সাল্ফ (Kali Sulph): যদি ঋতুস্ৰাৱ কোনো মাহত বেছি আৰু কোনো মাহত কম হয় । কেতিয়াবা সময়তৈ পলমকৈ হয়,কেতিয়াবা সময়তকৈ আগত হয়,-এনে লক্ষণ পালে Kali-Sulph কিছু দিন ব্যৱহাৰ কৰিলে ঋতুস্ৰাৱ সঠিক সময়ত আৰু স্বাভাৱিক পৰিমাণে হয় । এই কেইটা লক্ষণত Pulsatilla আৰু Siliceaও ব্যৱহাৰ হয় ।

কেমোমিল্লা (Chamomilla): ঋতুস্ৰাৱৰ সময়ত যদি অসহ্য বিষ হয়, বিষ ওপৰ ফালে পৰিচালিত হয় আৰু এইবিলাক লক্ষণৰ লগত মানসিক লক্ষণ যেনে অতিপাত খং উঠা,গালি পৰা আদি লক্ষণ থাকিলে Chamomilla ব্যৱহাৰ হয় । অসহ্য বিষৰ লগত মৰিম বুলি ভয় কৰিলে বা মৰিম বুলি চিঞৰিলে Aconite ব্যৱহাৰ হয় । অসহ্য বিষতো প্ৰকাশ নকৰি যদি গোঁগোৱাই থাকে তেন্তে Coffea Crude ব্যৱহাৰ হয় ।