হামজ্বৰ আৰু ইয়াৰ লক্ষণ
এই ৰোগত শৰীৰৰ বিভিন্ন অংশত ঘামচিৰ দৰে ৰঙা উদ্ভেদ থোপা পাতি ওলায় ।
এই উদ্ভেদবোৰ ওলাবৰ সময়ত গোটেই শৰীৰত ভয়ংকৰ চিত চিতনি আৰু খজুৱতি হয় ।
শৰীৰত সৰু আই প্ৰকাশ হোৱাৰ ৩/৪ দিন আগৰে পৰা ইনফ্লুয়েঞ্জাৰ লক্ষণ সমূহ প্ৰকাশ পায় । চকু-মুখ ফোলা,হাঁচি,কাহ ,জ্বৰ আদি থাকিব পাৰে ।
জ্বৰৰ তাপ ১০১ ডিগ্ৰীৰ পৰা ১০৪ ডিগ্ৰীলৈকে উঠে ।
সাধাৰণ ধৰণৰ হাম ৰোগৰ লগত কেতিয়াবা অতিশাৰ,ডিচেনটেৰী আদি হয় ।
সাংঘাটিক ধৰণৰ হাম ৰোগত ব্ৰংকাইটিছ,ব্ৰংকোনিউমোনিয়া,টাইফইড আদিৰ লক্ষণ দেখা যায় । শৰীৰৰ নানা ঠাইৰ পৰা যেনে নাক,কাণ,চকু,নখ, মুখ,দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা ইত্যাদি হয় ।
কোনো কোনো ৰোগীৰ হাম শৰীৰৰ ওপৰলৈ উঠি আহিব নোৱাৰি গৰ্ভতে থকাৰ বাবে বা কিছু ওলাই আকৌ শৰীৰৰ ভিতৰলৈ বহি যোৱাৰ বাবে প্ৰবল জ্বৰ,মুৰ্চা যোৱা,মূৰৰ ৰোগ আদি হয় ।
কিছুমান ৰোগীৰ হাম বাহিৰলৈ ওলাব নোৱাৰি হাত ভৰি আৰু গোটেই শৰীৰটো চেঁচা হৈ পৰে ।
বসন্ত আৰু সৰু আইৰ মাজত প্ৰভেদ এই যে বসন্ত ৰোগত দেহত পানী,তেজ,পূঁজ উৎপত্তি হয় । সৰু আইত পানী,তেজ,পূঁজ আদি উৎপত্তি নহয় । মাত্ৰ ঘামচিৰ দৰে উদ্ভেদ ওলায় ।