Mothertincture লৈ আপোনাক স্বাগতম!
হোমিওপেথী চিকিৎসাই বৰ্ত্তমান সময়ত যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰা দেখা গৈছে । হোমিওপেথী হৈছে এক প্ৰাকৃতিক চিকিৎসা পদ্ধতি । বহু ৰোগ আনকি বহু দীৰ্ঘ দিনীয়া পুৰণি ৰোগো এই চিকিৎসাত নিৰমূল হোৱা দেখা যায় । অৱশ্যে এইটো কথা স্বীকাৰ কৰিব লাগিব যে কোনো চিকিৎসা পদ্ধতিতে সকলো ৰোগৰ এশ শতাংশ নিৰাময়ৰ ব্যৱস্থা নাই । কিন্তু তুলনামূলক ভাবে হোমিওপেথিক পদ্ধতিত আন পদ্ধিততকৈ আৰোগ্যকৰ ব্যৱস্থা কম কষ্টকৰ আৰু পাৰ্শ্ব ক্ৰিয়াৰ পৰা মুক্ত । লগতে ই কম খৰছী । সেয়ে হোমিওপেথিক চিকিৎসা পদ্ধতিৰ কিছুমান যোগাত্মক দিশ আছে । কিন্তু পৰিতাপৰ কথা সমাজত ই এতিয়াও আশানুৰূপ ভাবে সকলোৰে কাষ চাপিব পৰা নাই । এতিয়াও হোমিওপেথিক এবিধ সৰু ল’ৰা-ছোৱালীৰ ৰোগৰ দৰৱ ৰূপেই ইয়াক জ্ঞান কৰা হয় ।
দেখা যায় অসমীয়া ভাষাত হোমিওপেথীৰ ওপৰত বৰ বিশেষ কিতাপ-পত্ৰ আদি পাবলৈ নাই । অন লাইনতো হোমিওপেথীৰ ওপৰত অসমীয়া ভাষাত বিশেষ লিখনি পাবলৈ নাই ।
এনেবোৰ দিশ লক্ষ্য কৰি হোমিওপেথী অসমীয়া পঢ়ুৱৈৰ কাষ চপাই নি এক সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৱেবচাইট টো আৰম্ভ কৰা হৈছে ।
প্ৰাকৃতিক নিৰাময়ৰ শক্তি আৰু হোমিওপেথীৰ যুগ যুগ ধৰি চলি অহা জ্ঞানত আমি বিশ্বাস কৰোঁ। । আমাৰ যাত্ৰা আৰম্ভ হৈছে স্বাস্থ্য সমস্যাৰ বিকল্প সমাধানৰ সন্ধানৰ প্ৰতি থকা ৰাপ আৰু মংগলৰ বাবে সামগ্ৰিক পদ্ধতিৰ বিষয়ে থকা গভীৰ কৌতুহলৰ পৰা। । যদিও মই এজন অনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোমিওপেথিৰ চিকিৎসক নহওঁ,হোমিওপেথিৰ প্ৰতি স্ব উৎসৰ্গিত নিজস্ব অধ্যয়ণৰ যোগেদি মই বিষয়টোৰ যি মূল্যৱান গভীৰ আভ্যন্তৰীণ দৃষ্টি আৰু জ্ঞান লাভ কৰিছো সেইখিনি আপোনালোকৰ সতে ভগাই ল’বলৈ অতি আগ্ৰহী ।
আমাৰ উদ্দেশ্যে হৈছে হোমিওপেথিক প্ৰতিকাৰ আৰু সামগ্ৰিক স্বাস্থ্য পদ্ধতিৰ বিষয়ে লোকক অৱগত কৰোৱা। ইয়াত আপুনি পঢ়িবলৈ পাব বিভিন্ন ৰোগ,এইবোৰৰ লক্ষণ তথা ইয়াৰ হোমিওপেথিক চিকিৎসাৰ বিষয়ে তত্ত্ব গধুৰ বিশেষ লিখনি । আনক সকাহ আৰু আৰোগ্য লাভ কৰাত সহায় কৰাত হোমিওপেথীৰ ইতিবাচক প্ৰভাৱ আমি বহুবাৰ প্ৰত্যক্ষভাৱে প্ৰত্যক্ষ কৰিছো । এই জ্ঞানৰ আলোকেৰে আৰ আন দহজন লোক হোমিওপেথী চিকিৎসাৰ প্ৰতি আগ্ৰহী হ’লে সমাজৰ যথেষ্ট লাভ হ’ব বুলি আমি বিশ্বাস কৰোঁ ।
অনুগ্ৰহ কৰি মন কৰিব Mothertincture.com ৰ বিষয়বস্তুৰ মূল হৈছে ব্যক্তিগত অভিজ্ঞতা আৰু আত্ম-অধ্যয়ন । ই কেৱল শৈক্ষিক উদ্দেশ্যৰ বাবেহে আৰু ইয়াক চিকিৎসাৰ পৰামৰ্শ বুলি গণ্য কৰা উচিত নহয়। স্বাস্থ্য সম্পৰ্কীয় যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে সদায় যোগ্য স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে পৰামৰ্শ লওক। অধিক বিৱৰণৰ বাবে, অনুগ্ৰহ কৰি আমাৰ অস্বীকাৰ চাওক
মাদাৰটিংচাৰ দৰ্শন কৰাৰ বাবে ধন্যবাদ ! স্বাস্থ্য আৰু সজীৱতাৰ প্ৰাকৃতিক পথসমূহ একেলগে অন্বেষণ কৰোঁ আহক।