ইনফ্লুয়েঞ্জাৰ হোমিওপেথিক চিকিৎসা
হোমিওপেথিক চিকিৎসা পদ্ধতিত ইনফ্লুয়েঞ্জাৰ অতি ফলপ্ৰসূ নিৰাময় ব্যৱস্থা আছে ।
ইনফ্লুয়েঞ্জাৰ চিকিৎসাত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে–
জেলসিমিয়াম ( Gelsemium):
জেলসিমিয়াম হৈছে ইনফ্লুয়েঞ্জাত ব্যৱহাৰ হোৱা এক প্ৰসিদ্ধ ঔষধ । এই ঔষধ ইনফ্লুয়েঞ্জাই আক্ৰমণ কৰাৰ লগে লগে ব্যৱহাৰ কৰিব লাগে ।
এই ঔষধ ব্যৱহাৰ হোৱাৰ প্ৰধান লক্ষণ হল চাওঁতে চাওঁতে ৰোগীৰ হাত-ভৰি অৱশ হৈ আহে । শৰীৰ অতি দুৰ্বল হয়, শুই থাকিবলৈ ইচ্ছা কৰে । গোটেই শৰীৰত বিষ হয় । মাজে সময়ে দুই এটা হাঁচি মাৰে আৰু কাহ হয় । জ্বৰ উঠিলে মুখখন ৰঙা পৰে ।
ল’ৰা-ছোৱালীবোৰৰ মুখখন দেখাত কন্দনামুৱা হয় আৰু চকু জল-জলীয়া দেখায় । মুখখন ৰঙা পৰে । বমি,অতিসাৰ আদি নেথাকে । এনে লক্ষণতো জেলসিমিয়াম ব্যৱহাৰ হয় ।
পানী লগা হওক বা ইনফ্লুয়েঞ্জা হওক জেলসিমিয়াম(Gelsemium)ৰ লগত সদায় আৰ্চেনিক আইয়ড(Arsenic Iod) ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
জেলসিমিয়াম(Gelsemium) আৰু আৰ্চেনিক আইয়ড(Arsenic Iod) ব্যৱহাৰ কৰি দুৰ্বলতা নকমিলে Zincum Sulph, জেলসিমিয়াম(Gelsemium) আৰু আৰ্চেনিক আইয়ড(Arsenic Iod)ৰ লগত ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
এই ব্যৱস্থাৰে চিকিৎসা কৰিলো প্ৰায় বিলাক ইনফ্লুয়েঞ্জা আৰোগ্য হয় । আন ঔষধৰ কেতিয়াবাহে প্ৰয়োজন হয় ।
Gelsemium, Arsenic Iod আৰু Zincum Sulph ব্যৱহাৰ কৰিও যদি ৪/৫ দিনলৈ জ্বৰ নকমে, তেন্তে বেপ্টিসিয়া(Baptisia) ব্যৱহাৰ কৰিব লাগে ।
বেপ্টিসিয়া(Baptisia)ৰ ৰোগীৰো গাল-মুখ ৰঙা পৰে । চকু জল-জলীয়া হয় । জ্বৰ ১০৪ ডিগ্ৰী বা ১০৫ ডিগ্ৰীলৈ উঠে । সকলো উপসৰ্গ জেলসিমিয়ামতকৈ অধিক থাকে । এনে ধৰণৰ জ্বৰত কেতিয়াবা ৮/১০ দিনলৈ বেপ্টিসিয়া(Baptisia) ব্যৱহাৰ হয় ।
বেপ্টিসিয়া(Baptisia) ব্যৱহাৰ কৰি জ্বৰ কমিলে পুনৰ জেলসিমিয়াম(Gelsemium) আৰু আৰ্চেনিক আইয়ড(Arsenic Iod) ব্যৱহাৰ কৰিব লাগে ।
বেপ্টিসিয়া(Baptisia) ব্যৱহাৰ কৰাৰ পিছত শুকান কাহ, বুকুৰ বিষ,মূৰৰ বিষ আদি থাকিলে Bryonia Alba ব্যৱহাৰ কৰিব লাগে । যদি নৰম কাহ থাকে তেন্তে লক্ষণ অনুসৰি Ipecac, Antim Tart, Heper Sulpher, Mercurious Sol আদি ব্যৱহাৰ কৰিব লাগে ।
ব্ৰাইওনিয়া এলবা(Bryonia Alba):-
এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ ইনফ্লুয়েঞ্জাই আক্ৰমণ কৰাৰ লগে লগে মুখ, ডিঙি, জিভা ভয়ানক শুকান হৈ আহে । ভয়ানক পানী পিয়াহ লাগে আৰু পানী খায় । গোটেই শৰীৰত বিষ হয় । বিশেষকৈ মূৰ আৰু বুকুত অধিক বিষ হয় । শৰীৰৰ বিষ টিপিলে বা হেঁচি ধৰিলে আৰাম পায় । আন ঠাইৰ বিষ কাহিলে ,লৰা-চৰা কৰিলে অধিক হয় । শৌচ ভয়ানক কঠিন বা শুকান হয় আৰু শৌচ বন্ধ থাকে । বমি হ’লে তিতা-কেঁহা বমি হয় । প্ৰস্ৰাৱ কম আৰু ৰঙচোৱা হয় । কিছু ৰোগীৰ লিভাৰ আৰু পেটত বিষ হয় ।
Natrum Sulph(নেট্ৰাম সাল্ফ):
এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হ’ল ইনফ্লুয়েঞ্জাই আক্ৰমণ কৰাৰ লগে লগে ৰোগীৰ হাত, ভৰি, চকু, মুখ জ্বলা-পোৰা কৰে । গোটেই শৰীৰত বিষ হয় । যদি কাহ থাকে, নৰম কাহ হয় ।
ইনফ্লুয়েঞ্জাৰ লগত যদি জ্বৰ থাকে,তেন্তে Natrum Sulphৰ লগত Ferrum Phos ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
দুৰ্বলতা আৰু নাকৰ পৰা পানী ওলোৱা অধিক থাকিলে Natrum Sulphৰ লগত Natrum Mur ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
মন কৰিব লগীয়া যে জ্বৰ থাকিলে Natrum Mur ব্যৱহাৰ কৰিব নেলাগে ।
এইদৰে লক্ষণ অনুযায়ী Ferrum Phos, Natrum Mur আৰু Natrum Sulph ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিলে প্ৰায়বিলাক ইনফ্লুয়েঞ্জা আৰোগ্য হয় ।
Mercurious Sol(মাৰ্কিউৰিয়াচ সল):
প্ৰতি ঋতু পৰিবৰ্ত্তনৰ সময়ত, হঠাৎ ৰ’দ, হঠাৎ বৰষুণ দিয়াৰ বতৰত বা দিনত গৰম ৰাতি ঠাণ্ডা হোৱা বতৰত ইনফ্লুয়েঞ্জা হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।
জাৰৰ দিন কেইটাত বিশেষকৈ পুহ-মাঘ মাহত ইনফ্লুয়েঞ্জা হ’লে আৰু এবাৰ গৰম এবাৰ জাৰ লাগি থাকিলে Mercurious Sol ব্যৱহাৰ কৰিব লাগে ।
মন কৰিব লগীয়া যে Mercurious Solৰ ঠাণ্ডা বুকুত বহি যায় । এই ঠাণ্ডা গুচাব নোৱাৰিলে ৰোগ নিউমোনিয়ালৈ সলনি হয় ।
Mercurious Solৰ আন লক্ষণ হল-বুকুত বিষ থাকে, কাহিলে উশাহ বন্ধ হোৱাৰ দৰে লাগে, বুকুখন ফুলাব নোৱাৰে । উশাহ-নিশাহ লোৱাত কষ্ট হয় ।